ETV Bharat / bharat

Naxalite violence : ছত্তীশগড়ত ইটোৰ পিচত সিটো নক্সালবাদীৰ আক্ৰমণ, সাধাৰণ লোকৰ লগতে নিহত উগ্ৰপন্থীও - এছ টি এফ

ছত্তীশগড়ত প্ৰথম পৰ্যায়ৰ ভোটদানৰ মাজতে বিভিন্ন প্ৰান্তত নক্সালবাদীয়ে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে ৷ বক্সাৰৰ পিচতে সুকমা, কাংকেৰ, নাৰায়ণপুৰ আৰু দান্তেৱাড়াত নক্সালবাদীয়ে হিংসাত্মক কৰ্যাকলাপ সংঘটিত কৰিছে । এটা ঘটনাত এগৰাকী কৃষকে প্ৰাণ হেৰুৱাবলগা হৈছে ৷

Naxalite attack during elections
ছত্তীশগড়ত ইটোৰ পিচত সিটো নক্সালবাদীৰ আক্ৰমণ
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 5:38 PM IST

নেশ্যনেল ডেস্ক, 7 নৱেম্বৰ : আজি অৰ্থাৎ 7 নৱেম্বৰত ছত্তীশগড়ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে । কঠোৰ নিৰাপত্তাৰ মাজত নিৰ্বাচন অনুষ্ঠিত হয়। ইফালে ইয়াৰ মাজতে সুকমা, কাংকেৰ, নাৰায়ণপুৰ আৰু দান্তেৱাড়াত নক্সালবাদীয়ে হিংসাত্মক কৰ্যাকলাপ সংঘটিত কৰিছে ।

বান্দেৰ মাদ্পাখানজুৰ আৰু কাংকেৰ জিলাৰ উলিয়া বনাঞ্চলত নিৰাপত্তাৰক্ষী আৰু নক্সালৰ মাজত সংঘৰ্ষ আৰম্ভ হয় ৷ প্ৰায় আধা ঘণ্টা ধৰি হোৱা গুলীয়াগুলীৰ ঘটনাত নক্সালবাদীসকল পলাই যায়। ইয়াৰোপৰি এটা এনকাউণ্টাৰত এজন কৃষকৰ পেটত গুলী লাগে । খেতিয়কজনে পথাৰত গৰু চৰাবলৈ গৈছিল। পথাৰতেই কৃষকজনক গুলীয়াই হত্যা কৰা হয় । ঘটনাস্থলীৰ পৰা মুঠ 47 টা মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হয় । ইয়াৰোপৰি কেইবাজনো নক্সালৰ হত্যাৰ খবৰো পোহৰলৈ আহিছে ৷

নাৰায়ণপুৰৰ ওৰক্ষাত সংঘৰ্ষ: নাৰায়ণপুৰৰ ওৰক্ষাৰ তাদুৰত এছ টি এফ আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ আৰম্ভ হয় ৷ ইয়াৰ গুড্ডি অঞ্চলত নক্সালবাদীয়ে হিংসাত্মক ঘটনা সংঘটিত কৰিছে। পৰৱৰ্তী সময়ত নক্সালবাদীসকলে অৰণ্যৰ মাজেৰে পলাই যাবলৈ সক্ষম হয় ৷

দান্তেৱাড়াত আই ই ডি উদ্ধাৰ : দান্তেৱাড়া বিধানসভা নিৰ্বাচনৰ অন্তৰ্গত আৰণপুৰ আৰক্ষী থানা এলেকাত চলা এক তালাচী অভিযানত চিআৰপিএফৰ জোৱানে দুটা আইইডি উদ্ধাৰ কৰিছে। ফলত এই অঞ্চলত পুনৰ নক্সালবাদীসকল বিফল হয় ৷

বীজাপুৰৰ গংগালুৰত নক্সালবাদীৰ সৈতে সংঘৰ্ষ : বীজাপুৰৰ গংগালুৰত নক্সালবাদীৰ সৈতে পুনৰএক সংঘৰ্ষ সংঘটিত হয় ৷ চিআৰপিএফ ৰ 85 বেটেলিয়নৰ সৈতে সংঘৰ্ষ সংঘটিত হয়। সুৰক্ষা বাহিনীয়ে দাবী কৰা অনুসৰি, এই সংঘৰ্ষত প্ৰায় দুইৰ পৰা তিনিজন নক্সালবাদী নিহত হৈছে। ঘটনাস্থলীত তেজৰ চিন পৰিলক্ষিত হৈছে ৷ সুৰক্ষা বাহিনীৰ এটা দলে অঞ্চলটোত পিয়াপি দি ফুৰিছে ৷

ইফালে ভোটদানৰ সময়ত সুকমাত ভোটগ্ৰহণ কেন্দ্ৰ পৰা পৰা প্ৰায় দুই কিলোমিটাৰ নিলগত নক্সাল আক্ৰমণ সংঘটিত হৈছিল। নিৰাপত্তাৰক্ষীয়ে নক্সাল আক্ৰমণ বিফল কৰিবলৈ সক্ষম হয় । যাৰ পিছত নক্সালবাদীসকলে ঘটনাস্থলীৰ পৰা পলায়ন কৰিব লগা হৈছিল। এই ঘটনা সন্দৰ্ভত সুকমা আৰক্ষীয়ে এক বিবৃত্তিৰ জৰিয়তে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Naxalite attack in Sukma : নিৰাপত্তাবাহিনীলৈ নক্সালবাদীৰ গুলীচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.