ETV Bharat / bharat

Nawazuddin Siddhique to Bombay HC: সন্তানৰ অৱস্থান জানিবলৈ বোম্বাই হাইকোৰ্টৰ দ্বাৰস্থ নৱাজুদ্দিন চিদ্দিকী

অভিনেতা নৱাজুদ্দিন চিদ্দিকীয়ে (Nawazuddin Siddhique moves Bombay HC) তেওঁৰ সন্তানৰ অৱস্থানৰ বিষয়ে জানিবলৈ বোম্বাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব লগীয়া হৈছে । উল্লেখ্যে যে, পত্নীৰ সৈতে বিচ্ছেদৰ পিছত অভিনেতাজনৰ সন্তান পত্নী আলিয়াৰ সৈতে আছে ।

author img

By

Published : Feb 24, 2023, 9:40 PM IST

Bombay High Court
Bombay High Court

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী : বলীউড অভিনেতা নৱাজুদ্দিন চিদ্দিকীয়ে (Bollywood actor Nawazuddin Siddiqui) তেওঁৰ বিচ্ছেদিত পত্নী আলিয়া চিদ্দিকীক তেওঁলোকৰ সন্তানৰ অৱস্থান প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিবলৈ বোম্বাই উচ্চ ন্যায়ালয়ত হেবিয়াছ কৰ্পাছ (habeas corpus) আবেদন কৰিছে (Nawazuddin Siddhique moves Bombay HC) । বোম্বাই উচ্চ ন্যায়ালয়ে শুকুৰবাৰে দম্পতিটোক তেওঁলোকৰ সন্তানৰ বিষয়ে তেওঁলোকৰ মতভেদ সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰাৰ চেষ্টা কৰিবলৈ পৰামৰ্শ দিয়ে (Nawazuddin Siddhique vs Aaliya Siddique case) ।

ইফালে আলিয়া চিদ্দিকীয়ে নৱাজুদ্দিন চিদ্দিকীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ (Aaliya Siddiqui rape case against Nawazuddin Siddiqui) উত্থাপন কৰিছে আৰু শুকুৰবাৰে ভাৰ্ছোভা আৰক্ষী থানাত অভিযোগ দাখিল কৰে । উল্লেখ্য, ২০২১ চনত নৱাজুদ্দিনৰ ওপৰত বিবাহ বিচ্ছেদৰ জাননী জাৰি কৰা আলিয়াই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এই বিষয়ে ঘোষণা কৰিছিল যদিও আৰক্ষীয়ে কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে । "বৃহস্পতিবাৰে ভাৰ্ছোভা আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে এটা ধৰ্ষণৰ অভিযোগ (প্ৰমাণসহ) দাখিল কৰা হৈছে ।" তেওঁ ভিডিঅ' পোষ্টটোত কয় (nawazuddin siddhique seek childrens whereabouts) ।

"যিয়েই নহওক, মই মোৰ নিষ্পাপ শিশুসকলক হৃদয়হীনসকলৰ হাতলৈ যাবলৈ নিদিওঁ ।" আলিয়াই দৃঢ়তাৰে কয় । তাই তেওঁৰ সন্মুখীন হোৱা অগ্নিপৰীক্ষাৰ কথা মনত পেলাই আৱেগিক হৈ পৰে । উল্লেখ্য, 2009 চনত বিবাহপাশত আবদ্ধ হোৱা দম্পতিটোৱে বিভিন্ন ব্যক্তিগত বিষয় আৰু তেওঁলোকৰ সন্তানৰ ওপৰত ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ আৰু প্ৰতি-অভিযোগ উত্থাপন কৰাৰ দৰে কাৰণত বিগত কেইসপ্তাহমান ধৰি চৰ্চাত আছে ।

উল্লেখ্য যে ২০২২ চনৰ জানুৱাৰী মাহত নৱাজুদ্দিনৰ মাতৃয়ে অভিনেতাজনৰ ঘৰত অনধিকাৰ প্ৰৱেশ কৰাৰ অভিযোগত আলিয়াৰ বিৰুদ্ধে আৰক্ষীত গোচৰ ৰুজু কৰিছিল আৰু তেওঁ ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰি তেওঁৰ শাহুৱেকৰ বিৰুদ্ধে প্ৰতিবাদী অভিযোগ দাখিল কৰিছিল । এইবাৰ আলিয়াই তেওঁৰ শাহুৱেকক "হৃদয়হীন" বুলি অভিহিত কৰিছে । আনহাতে, তেওঁৰ নিষ্পাপ সন্তানক অবৈধ বুলি অভিহিত কৰাৰ সময়ত নৱাজুদ্দিন মৌন হৈ থকা বুলিও অভিযোগ কৰে আলিয়াই (Nawazuddin Aliya divorce case) ।

তেওঁলোকৰ সন্তানৰ জিম্মা বিচাৰি নৱাজুদ্দিনক আক্ৰমণ কৰি আলিয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে তেওঁ কেতিয়াও অনুভৱ কৰা নাছিল যে কেনেদৰে শিশুবোৰ আলিয়াই ডাঙৰ কৰিছিল । কিন্তু এতিয়া ডাঙৰ হোৱাৰ পিছত তেওঁ এজন ভাল দেউতাক বুলি প্ৰমাণ কৰিবলৈ তেওঁৰ পৰা সন্তানক "চুৰি" কৰিবলৈ চেষ্টা কৰি আছে । "তেওঁ এজন কাপুৰুষ আৰু তেওঁৰ শক্তি আৰু খ্যাতিৰ অপব্যৱহাৰ কৰি মাতৃৰ পৰা শিশুক (যাক ডুবাইৰ এখন বিদ্যালয়ত নামভৰ্তি কৰোৱা হয়) চুৰি কৰে । কিন্তু তেওঁ পাহৰি যায় যে সৰ্বশক্তিমান হৈছে আটাইতকৈ শক্তিশালী ।" আলিয়াই কয় ।

আনহাতে, আলিয়াই কয় যে, তেওঁ সদায় নৱাজুদ্দিনক তেওঁৰ স্বামী হিচাপে গণ্য কৰিছিল । কিন্তু তেওঁ কেতিয়াও তেওঁক পত্নী হিচাপে গ্ৰহণ কৰা নাছিল, যদিও তেওঁ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বছৰবোৰ তেওঁক দিছিল । তেওঁ লগতে অভিযোগ কৰে যে, তেওঁ কেনেদৰে বিত্তীয় লোকচানৰ সৈতে যুঁজি আছে আৰু এতিয়া নৱাজুদ্দিনে তেওঁক সকলো ফালৰ পৰা অধিক দুৰ্বল কৰি তুলিছে । কিন্তু তেওঁ আদালত আৰু আইনৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিছে আৰু বিশ্বাস ব্যক্ত কৰিছে যে ৰায়টো তেওঁৰ পক্ষত হ'ব ।

লগতে পঢ়ক :Operation Nanhe Farishtey : ৯৭৫ টা শিশু উদ্ধাৰ কৰি পৰিয়ালক হস্তান্তৰ আৰপিএফৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.