ETV Bharat / bharat

দেশজুৰি উদযাপন ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস - PANCHAYAT SAMITY

ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ উদ্যোগত ২০১০ চনৰ ২৪ এপ্ৰিলত প্ৰথম পঞ্চায়তীৰাজ দিৱস উদযাপন কৰা হৈছিল ।

National Panchayati Raj Day being celebrated today
ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস
author img

By

Published : Apr 24, 2021, 2:18 PM IST

নেশ্যনেল ডেস্ক,২৪ এপ্ৰিল: ভাৰতত প্ৰতি বছৰে ২৪ এপ্ৰিলত 'ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস' পালন কৰা হয় । এই দিনটোতে ভাৰতীয় সংবিধানৰ (৭৩ তম সংশোধনী) আইন, ১৯৯২ গৃহীত হয় যি আইন ১৯৯৩ চনৰ ২৪ এপ্ৰিলত কাৰ্যকৰী হৈছিল । ২৪ এপ্ৰিল এটা বিশেষ দিন কিয়নো এই দিনটোতে সংবিধানে গাওঁ পঞ্চায়তসমূহক স্ব-শাসনৰ স্ব-নিৰ্ভৰশীল গোট হিচাপে কাম কৰাৰ ক্ষমতা প্ৰদান কৰিছিল ।

ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ অধীনত ২০১০ চনৰ ২৪ এপ্ৰিলত প্ৰথম পঞ্চায়তীৰাজ দিৱস উদযাপন কৰা হৈছিল । ৭৩ তম সংশোধনী আইন প্ৰণয়ন ভাৰতৰ ইতিহাসৰ এক বিশেষ মুহূৰ্ত আছিল যিয়ে ৰাজনৈতিক শক্তিক তৃণমূল পৰ্যায়লৈ বিকেন্দ্ৰীকৰণত সহায় কৰিছিল ।

মহাত্মা গান্ধীয়ে কৈছিল যে, যদি আমাৰ দেশৰ গাওঁবোৰ ধ্বংস হয়, তেন্তে ভাৰত ধ্বংস হ'ব আৰু সেয়েহে তেওঁ শক্তিশালী জীৱন্ত গাঁৱৰ সপোন দেখিছিল, যি ভাৰতৰ মেৰুদণ্ড হ'ব । তেওঁ গাওঁ প্ৰশাসনৰ জৰিয়তে গ্ৰাম স্বৰাজৰ প্ৰয়োজনীয়তা প্ৰৱৰ্তন কৰিছিল ।

পঞ্চায়তীৰাজক গাওঁ পঞ্চায়ত, পঞ্চায়ত সমিতি আৰু জিলা পৰিষদ এই তিনি-স্তৰত বিভক্ত কৰা হৈছে ৷ পঞ্চায়তীৰাজে গ্ৰাম্য লোকসকলৰ উন্নতিৰ বাবে কাম কৰে আৰু ই গ্ৰাম্য ভাৰতক বসবাস কৰাৰ বাবে এক উন্নত স্থানলৈ ৰূপান্তৰ কৰাত সহায় কৰে ।

২০১৭ চনত পঞ্চায়তীৰাজ দিৱসত 'গ্ৰামোদয় সংকল্প' নামৰ এটা মোবাইল এপ মুকলি কৰা হৈছিল । গ্ৰামোদয় সংকল্প হৈছে ভাৰত চৰকাৰৰ পঞ্চায়তীৰাজ মন্ত্ৰণালয়ৰ এক তিনিমহীয়া আলোচনী । ইয়াৰ উদ্দেশ্য হৈছে তথ্য, উদ্ভাৱন, অধ্যয়ন আৰু বিশ্লেষণ প্ৰচাৰ কৰা । মানুহে ইণ্টাৰনেটৰ সৈতে সংযোজিত নহ'লেও এপটোৱে আলোচনীখন প্ৰত্যক্ষ কৰাত সহায় কৰে । ২০১৭ চনত পঞ্চায়তীৰাজ মন্ত্ৰণালয়ৰ ইউটিউব চেনেলো মুকলি কৰা হৈছিল, যিয়ে পঞ্চায়তীৰাজ সদস্যসকলৰ অনুপ্ৰেৰণামূলক কাহিনী আৰু সাফল্যৰ ওপৰত আধাৰিত চুটি ভিডিঅ' প্ৰদৰ্শন কৰে ।

বিগত বছৰবোৰত কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, চিকিম আৰু পশ্চিমবংগক পঞ্চায়তী ৰাজৰ কাম-কাজৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ৰাজ্য হিচাপে ঘোষণা কৰা হৈছে । গ্ৰামোন্নয়ন মন্ত্ৰালয়ে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰা পঞ্চায়তীৰাজৰ বাবে বিভিন্ন সন্মান প্ৰদান কৰে । তাৰ ভিতৰত আছে দীনদয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ পুৰস্কাৰ, নানাজী দেশমুখ ৰাষ্ট্ৰীয় গৌৰৱ গ্ৰাম সভা পুৰস্কাৰ আৰু মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিযুক্তি উৎপাদন আঁচনি (এমজিএনআৰইজি) ৰূপায়ণত উন্নত প্ৰদৰ্শন কৰা পঞ্চায়তসমূহক বঁটা প্ৰদান কৰা হয় ।

লগতে পঢ়ক:ক’ভিড 19: দেশৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.