ETV Bharat / bharat

তৃতীয় পৰ্যায়ৰ লোক আদালতত অভিলেখ সংখ্যক গোচৰৰ নিষ্পত্তি - মটৰ দুৰ্ঘটনা দাবী ন্যায়াধিকৰণ

ৰাষ্ট্ৰীয় আইনী সেৱা কৰ্তৃপক্ষই চলিত বছৰত তিনিটা পৰ্যায়ত লোক আদালতৰ আয়োজন কৰিছে । পূৰ্বৰ দুটা পৰ্যায়ত ১১.৯৩ লাখৰো অধিক প্ৰাক মোকৰ্দমা গোচৰ আৰু ১৯.৯৭ লাখৰো অধিক অমীমাংসিত গোচৰ নিষ্পত্তি কৰা হৈছিল । তৃতীয় পৰ্যায়ৰ লোক আদালততো সফলতাপূৰ্বকভাৱে অভিলেখ সংখ্যক গোচৰ নিষ্পত্তি কৰা হৈছে ।

National Lok Adalat
তৃতীয় পৰ্যায়ৰ লোক আদালতত অভিলেখ সংখ্যক গোচৰ নিষ্পত্তি
author img

By

Published : Sep 12, 2021, 10:33 AM IST

নেশ্যনেল ডেস্ক, ১২ ছেপ্টেম্বৰ : ন্যায়িক ব্যৱস্থাৰ ওপৰত চাপ হ্ৰাস কৰাৰ উদ্দেশ্যে এক আদৰণীয় পদক্ষেপ । নিষ্পত্তি কৰা হৈছে বহু সময় ধৰি মীমাংসা নোহোৱাকৈ থকা প্ৰায় ১৫ লাখৰো অধিক গোচৰ । ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ (National Legal Services Authority) দ্বাৰা এই বছৰ আয়োজন কৰা তৃতীয় ৰাষ্ট্ৰীয় লোক আদালতত (National Lok Adalat) ৩৩ লাখতকৈও অধিক অমীমাংসিত আৰু প্ৰাক-মোকৰ্দমা গোচৰৰ প্ৰায় ৫০ শতাংশ গোচৰ নিষ্পত্তি কৰা হৈছে ।

ইফালে ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ তথ্য অনুসৰি ৩৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত ৰাষ্ট্ৰীয় লোক আদালতত প্ৰায় ২,২৮১ কোটি টকাৰ ক্ষতিপূৰণ বা পুৰস্কাৰ প্ৰদান কৰা হৈছে । এই সফলতাত আনন্দিত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ তথা ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ কাৰ্যবাহী অধ্যক্ষ ইউ ইউ ললিত ।

তেওঁ কয় যে দেশৰ ন্যায় ব্যৱস্থাত বৃহৎ পৰিমাণৰ পেণ্ডেন্সি হ্ৰাস কৰিবলৈ ৰাষ্ট্ৰীয় লোক আদালতসমূহৰ অতি প্ৰয়োজন । ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ এক বিবৃতিত প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় লোক আদালতৰ নিৰীক্ষণত থকা ন্যায়াধীশ ইউ ইউ ললিতে ৫০ গৰাকীতকৈও অধিক জ্যেষ্ঠ ন্যায়াধীশৰ সৈতে এই সম্পৰ্কত বাৰ্তালাপ কৰিছে ।

বিবৃতি অনুসৰি ভাৰ্চুৱেল আৰু হাইব্ৰীড মোডৰ জৰিয়তে পৰিচালনা কৰা লোক আদালতবোৰে ৩৩,১২,৩৮৯ টা গোচৰ গ্ৰহণ কৰিছিল যিবোৰ আদালতত বিচাৰাধীন হৈ আছিল বা প্ৰাক মোকৰ্দমা পৰ্যায়ত আছিল । ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ সদস্য সচিবে প্ৰকাশ কৰা বিবৃতি অনুসৰি শনিবাৰে বিয়লি ৪ বজালৈ আদালতসমূহে ১৫,৩৩,১৮৬ টা গোচৰ নিষ্পত্তি কৰে আৰু মুঠ ২২,৮১,৩০,৬২,৯৫১ টকাৰ ক্ষতিপূৰণ বা পুৰস্কাৰ প্ৰদান কৰা হৈছে । লোক আদালতত সিদ্ধান্ত লোৱা বেছিভাগ মটৰ দুৰ্ঘটনা দাবী ন্যায়াধিকৰণ (MACT), বৈবাহিক বিবাদ,চেক বাউঞ্চ আৰু শ্ৰমিক সম্পৰ্কীয় গোচৰ আছিল ।

বিবৃতিটোত কোৱা হৈছে যে ন্যায়াধীশ ললিতে জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, দিল্লী, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ দৰে কেইবাখনো ৰাজ্য আৰু উত্তৰ প্ৰদেশৰ জিলা পৰ্যায় আৰু দূৰৱৰ্তী অঞ্চলত গঠন কৰা বিচাৰপীঠসমূহৰ চলিত কাৰ্যক্ৰমত ভাৰ্ছুৱেলী অংশগ্ৰহণ কৰিছে । শীৰ্ষ ন্যায়ালয়ৰ ন্যায়াধীশে এনে বৈকল্পিক বিবাদ নিষ্পত্তি প্ৰণালীৰ সফলতাক প্ৰশংসা কৰিছে ।

চলিত মহামাৰীৰ বাবে মহাৰাষ্ট্ৰ, উৰিষ্যা, কৰ্ণাটক আৰু গোৱাত ৰাষ্ট্ৰীয় লোক আদালত স্থগিত ৰখা হৈছে । ছেপ্টেম্বৰ মাহতে এই ৰাজ্যসমূহতো অনুষ্ঠিত কৰা হ'ব লোক আদালত । ইফালে পৰৱৰ্তী ৰাষ্ট্ৰীয় লোক আদালত চলিত বৰ্ষৰ ডিচেম্বৰ মাহত অনুষ্ঠিত কৰা হ'ব ।

ৰাষ্ট্ৰীয় আইনী সেৱা কৰ্তৃপক্ষই ইতিমধ্যে এই বছৰৰ বাবে নিৰ্ধাৰিত চাৰিটা ৰাষ্ট্ৰীয় লোক আদালতৰ তিনিটা আয়োজন কৰিছে । ইয়াৰ পূৰ্বে এপ্ৰিল আৰু জুলাই মাহত আয়োজন কৰা হৈছে প্ৰথম দুটা পৰ্যায়ৰ লোক আদালত । পূৰ্বৰ দুটা পৰ্যায়ৰ লোক আদালতত ১১.৯৩ লাখৰো অধিক প্ৰাক মোকৰ্দমা গোচৰ আৰু ১৯.৯৭ লাখৰো অধিক অমীমাংসিত গোচৰ নিষ্পত্তি কৰা হৈছিল ।

লগতে পঢ়ক: পুনৰ বৃদ্ধি কৰ'ণাৰ সংক্ৰমণ: ভাৰতত এদিনতে 33,376 জন নতুনকৈ আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.