ETV Bharat / bharat

মানসিক স্বাস্থ্য সেৱাৰ উৎকৰ্ষ কেন্দ্ৰ হিচাপে বিকশিত হ'ব কেৰালাৰ ৰাষ্ট্ৰীয় হোমিঅ'পেথী গৱেষণা প্ৰতিষ্ঠান

মানসিক স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানখনক বিশ্বমানৰ প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰাৰ বাবে ২০০ কোটি টকা ধাৰ্য কৰা হৈছে । মানসিক স্বাস্থ্যৰ ৰাষ্ট্ৰীয় হোমিঅ'পেথী গৱেষণা প্ৰতিষ্ঠানৰদ্বাৰা কুৰিচী গাঁও পঞ্চায়তক হোমিঅ'পেথী হাব তথা আদৰ্শ গাঁও হিচাপে বিকশিত কৰা হ'ব । ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীৰ বাবে প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ প্ৰতিষ্ঠানখনত আন্তঃৰাষ্ট্ৰীয় হোমিঅ'পেথী প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিব আয়ুষ মন্ত্ৰালয়ে ।

author img

By

Published : Sep 1, 2022, 10:54 PM IST

National Homeopathy Research Institute
কেৰালাৰ ৰাষ্ট্ৰীয় হোমিঅ'পেথী গৱেষণা প্ৰতিষ্ঠানক

নিউজ ডেস্ক, 1 ছেপ্টেম্বৰ: কেৰালাৰ কোট্টায়ামস্থিত মানসিক স্বাস্থ্যৰ ৰাষ্ট্ৰীয় হোমিঅ'পেথী গৱেষণা প্ৰতিষ্ঠানৰ(National Homeopathy Research Institute) আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে প্ৰতিষ্ঠানখনৰ স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ বাবে হোষ্টেল ব্ল'কৰ উদ্বোধন কৰে । এই প্ৰতিষ্ঠানখনক মানসিক স্বাস্থ্যৰ উৎকৰ্ষ কেন্দ্ৰ হিচাপে উন্নীত কৰাৰ কথা আজি ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । এই সন্দৰ্ভত ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ে প্ৰতিষ্ঠানখনক মানসিক স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক বিশ্বমানৰ প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰিবৰ বাবে ২০০ কোটি টকা ধাৰ্য কৰিছে ।

মানসিক স্বাস্থ্যৰ ৰাষ্ট্ৰীয় হোমিঅ'পেথী গৱেষণা প্ৰতিষ্ঠান হৈছে কেন্দ্ৰীয় হোমিঅ'পেথী গৱেষণা পৰিষদৰ অধীনস্থ এক মুখ্য প্ৰতিষ্ঠান, যিয়ে জনসাধাৰণক প্ৰায় পাঁচ দশক ধৰি মানসম্পন্ন মানসিক স্বাস্থ্য সেৱা প্ৰদান কৰি আহিছে । মানসিক স্বাস্থ্যৰ ৰাষ্ট্ৰীয় হোমিঅ'পেথী গৱেষণা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলক বিশ্বমানৰ সুবিধা প্ৰদান কৰাৰ অংশ হিচাপে ছাত্ৰ আৰু ছাত্ৰী উভয়ৰে বাবে স্নাতকোত্তৰ হোষ্টেল ব্ল'কবোৰ ২১ কোটি টকাৰ বাজেটেৰে নিৰ্মাণ কৰা হৈছে । এই হোষ্টেল সুবিধা পিএইচডি আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ বাবে মুকলি থাকিব আৰু অদূৰ ভৱিষ্যতে বিশ্বব্যাপী পদক্ষেপৰ অংশ হিচাপে শিক্ষাৰ্থী বিনিময় কাৰ্যসূচী আৰম্ভ হোৱাৰ পাছত বিদেশৰ শিক্ষাৰ্থীসকলকো এই সেৱা আগবঢ়োৱা হ'ব ।

অনুষ্ঠানত ভাষণৰ আৰম্ভণিতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Union Minister Sarbananda Sonowal) কেৰালাৰ জনগণক চলিত ওনাম উৎসৱৰ আন্তৰিক ওলগ জনায় আৰু সকলোৰে সুখ-সমৃদ্ধি কামনা কৰে । ভাষণত সৰ্বানন্দ সোণোৱালে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৱল নেতৃত্বত আয়ুষ ব্যৱস্থাৰ গুৰুত্ব দেশৰ স্বাস্থ্য সেৱাত যথেষ্ট বৃদ্ধি পাইছে । প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী হৈছে আমাৰ সমৃদ্ধময় পৰম্পৰাগত ঔষধি আৰু চিকিৎসা প্ৰণালীসমূহক উজ্জীৱিত কৰি তোলা যাতে আমি আমাৰ পৰম্পৰাগত স্বাস্থ্য সেৱা প্ৰণালীক কেৱল এক ৰোগ নিৰাময় প্ৰণালী হিচাপেই নহয়, মানৱতাৰ কল্যাণ সাধনৰ এক প্ৰণালীৰূপে সজ্জিত কৰি তুলিব পাৰোঁ ।

তেওঁ লগতে কয় যে, প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ গুজৰাটৰ জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ(World Health Organization) পৰম্পৰাগত ঔষধৰ গোলকীয় কেন্দ্ৰ উদ্বোধন কৰি দেশৰ পৰম্পৰাগত স্বাস্থ্য প্ৰণালীক ত্বৰান্বিত কৰিছে । এয়া আমাৰ দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত । আমি এই সুযোগৰ সদ্ব্যৱহাৰ কৰিব লাগিব আৰু আমাৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিবোৰক আধুনিক বৈজ্ঞানিক মানসম্পন্ন হিচাপে উন্নীত কৰিব লাগিব । তেওঁ হোমিঅ'পেথীৰ সৈতে জড়িত সকলোকে এই মহৎ কাৰ্যত যোগদান কৰিবলৈ আহ্বান জনায় ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, আয়ুষ মন্ত্ৰালয়ে মানসিক স্বাস্থ্যৰ ৰাষ্ট্ৰীয় হোমিঅ'পেথী গৱেষণা প্ৰতিষ্ঠানক উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে বিকাশৰ বাবে সকলোধৰণৰ সহযোগিতা আগবঢ়াব । শিক্ষণ বিকাৰ, অটিজম, এডিএইচডি আদি মাদকদ্ৰৱ্য আৰু সুৰাৰ আসক্তি, আত্মহত্যা প্ৰতিৰোধ ইত্যাদিৰ ক্ষেত্ৰত বিদ্যালয় স্বাস্থ্য কাৰ্যসূচীৰ জৰিয়তে শিশু আৰু কিশোৰৰ মনোৰোগ বিজ্ঞানৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ প্ৰতিষ্ঠানখনক তেখেতে আহ্বান জনায় ।

অনুষ্ঠানত স্থানীয় সাংসদ ক'ডিকুন্নিল সুৰেশে হোমিঅ'পেথীৰ প্ৰসাৰৰ বাবে লোৱা এই বিশেষ পদক্ষেপৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জনায় । তেওঁ লগতে কয় যে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আয়ুষ মন্ত্ৰী হিচাপে দায়িত্ব পোৱাৰ পাছৰে পৰাই সুদক্ষ নেতৃত্বৰে আয়ুষ মন্ত্ৰালয়ক যথেষ্ট গতিশীলতা প্ৰদানৰ লগতে পৰম্পৰাগত চিকিৎসা প্ৰণালীক ত্বৰান্বিত কৰিছে ।

উল্লেখযোগ্য যে, মানসিক স্বাস্থ্যৰ ৰাষ্ট্ৰীয় হোমিঅ'পেথী গৱেষণা প্ৰতিষ্ঠানৰদ্বাৰা স্থানীয় কুৰিচী গাঁও পঞ্চায়তক হোমিঅ'পেথী হাব তথা আদৰ্শ গাঁও হিচাপে বিকশিত কৰা হ'ব । আনহাতে, ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীৰ বাবে প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ প্ৰতিষ্ঠানখনত আন্তঃৰাষ্ট্ৰীয় হোমিঅ'পেথী প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিব আয়ুষ মন্ত্ৰালয়ে । তদুপৰি, প্ৰতিষ্ঠানখনৰ চৌহদৰ ভিতৰত এক আধুনিক চিকিৎসালয় খণ্ড স্থাপন কৰাৰো পৰিকল্পনা কৰা হৈছে ।

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে সাংসদ ক'ডিকুন্নিল সুৰেশ, কেৰালা স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মহানন কুন্নুম্মল, আয়ুষ মন্ত্ৰালয়ৰ হোমিঅ'পেথীৰ উপদেষ্টা ড° সংগীতা ডুগ্গল, কেন্দ্ৰীয় হোমিঅ'পেথী গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান ড° সুভাষ কৌশিক প্ৰমুখ্যে আয়ুষ মন্ত্ৰালয়, কেৰালা চৰকাৰ, কেন্দ্ৰীয় হোমিঅ'পেথী গৱেষণা পৰিষদ আৰু মানসিক স্বাস্থ্যৰ ৰাষ্ট্ৰীয় হোমিঅ'পেথী গৱেষণা প্ৰতিষ্ঠানৰ বিষয়ববীয়া আৰু সংশ্লিষ্ট কৰ্তৃপক্ষ, গৱেষক, শিক্ষাৰ্থী তথা গণ্য-মান্য ব্যক্তিসকল ।

লগতে পঢ়ক : উচ্ছেদ চলাব লগীয়া অঞ্চল পৰিদৰ্শন জিপি সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.