ETV Bharat / bharat

National Herald case : কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰৰ আবেদন প্ৰত্যাখ্যান ইডিৰ - ED summon

কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে বৃহস্পতিবাৰে কয় যে ইডিয়ে (Enforcement Directorate) নেচনেল হেৰল্ড ধন আত্মসাতৰ গোচৰত (National Herald money laundering case) ৭ অক্টোবৰত দিল্লীত সংস্থাটোৰ সন্মুখত হাজিৰ হোৱাৰ পৰা অব্যাহতি বিচৰাৰ আবেদন প্ৰত্যাখ্যান কৰিছে ।

ED
ED
author img

By

Published : Oct 6, 2022, 6:38 PM IST

নিউজ ডেস্ক, ৬ অক্টোবৰ : কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে (Karnataka Congress president D K Shivakumar) বৃহস্পতিবাৰে কয় যে ইডিয়ে (Enforcement Directorate) নেচনেল হেৰল্ড ধন আত্মসাতৰ গোচৰত (National Herald money laundering case) ৭ অক্টোবৰত দিল্লীত সংস্থাটোৰ সন্মুখত হাজিৰ হোৱাৰ পৰা অব্যাহতি বিচৰাৰ আবেদন প্ৰত্যাখ্যান কৰিছে ।

তেওঁ কয় দলৰ নেতাসকলৰ সৈতে আলোচনা কৰি সংস্থাটোৰ সন্মুখত উপস্থিত হ'বনে তাৰ সিদ্ধান্ত ল'ব । শিৱকুমাৰলৈ প্ৰেৰণ কৰা এক নতুন বাৰ্তাত ইডিয়ে তেওঁক শুকুৰবাৰে সংস্থাটোৰ সন্মুখত হাজিৰ হ'বলৈ কৈছিল (Shivakumar asked to available before ED) ।

ইডিৰ সহকাৰী সঞ্চালক কুলদীপ সিঙে (ED Assistant Director Kuldeep Singh) প্ৰেৰণ কৰা এক ইমেইলত কোৱা হৈছে, "২৩ ছেপ্টেম্বৰ, ২০২২ তাৰিখৰ চমন (ED summon) অনুসৰি ৭ অক্টোবৰ, ২০২২ তাৰিখে আপোনাৰ বিবৃতি ৰেকৰ্ডিং কৰাৰ বাবে আপোনাক আকৌ এবাৰ মোৰ কাৰ্যালয়ত মোৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে ।"

উল্লেখ্য, বৰ্তমান কৰ্ণাটকৰ মাজেৰে পাৰ হৈ যোৱা কংগ্ৰেছৰ 'ভাৰত যোড়ো যাত্ৰা'ত অংশগ্ৰহণ (Bharat Jodo Yatra) কৰি থকা শিৱকুমাৰে তদন্ত সংস্থাটোক ২১ অক্টোবৰলৈকে উপস্থিতিৰ পৰা অব্যাহতি দিবলৈ অনুৰোধ জনাইছিল ।

"মই ইডিৰ সন্মুখত হাজিৰ হ'বলৈ সময় দিয়াৰ বাবে অনুৰোধ কৰিছিলোঁ । সেয়া অস্বীকাৰ কৰা হৈছে । মই মোৰ নেতাসকলৰ সৈতে কথা পতাৰ পিছত সংস্থাটোৰ সন্মুখত উপস্থিত হ'নে নাই সেই সন্দৰ্ভত সিদ্ধান্ত ল'ম ।" শিৱকুমাৰে কয়।

উল্লেখ্য যে, তেওঁৰ ৫৬ বছৰীয়া সাংসদ ভাতৃ ডি কে সুৰেশকো কংগ্ৰেছ দলৰ মালিকানাধীন নেচনেল হেৰাল্ড বাতৰিকাকতৰ কাৰ্যকলাপৰ ওপৰত চলিত গোচৰৰ তদন্তত সোধা-পোছাৰ বাবে সংস্থাটোৱে মাতি পঠিয়াইছে ।

উল্লেখ্য, শিৱকুমাৰক অন্তিমবাৰৰ বাবে ১৯ ছেপ্টেম্বৰত দিল্লীত ইডিয়ে আন এটা ধন আত্মসাতৰ গোচৰত সোধা-পোছা কৰিছিল । উক্ত গোচৰটো আয়বহিৰ্ভূত সম্পত্তি ৰখাৰ অভিযোগৰ সৈতে জড়িত আছিল ।

শেহতীয়া চমনটো এনে এটা সময়ত আহিছে যেতিয়া শিৱকুমাৰ 'ভাৰত যোড়ো যাত্ৰা'ৰ কৰ্ণাটক পৰ্যায় পৰিচালনাত জড়িত হৈ আছে । কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত এই যাত্ৰা ৩০ ছেপ্টেম্বৰত কৰ্ণাটকত প্ৰৱেশ কৰে আৰু ২১ দিনতকৈও অধিক সময় ৰাজ্যখনত ঘূৰিব ।

লগতে পঢ়ক :বালিৰ বিশ্ব বিখ্যাত উলুৱতু মন্দিৰ পৰিদৰ্শন লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.