ETV Bharat / bharat

Child Day observed : শোণিতপুৰত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন

author img

By

Published : Jan 24, 2023, 10:40 PM IST

আজি দেশৰ লগতে ৰাজ্যজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস (National Child Day) ৷ তেজপুৰত বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ‘বেটি বচাও বেটি পঢ়াও’ বিষয়ক গুৰুত্বপূৰ্ণ বাৰ্তা থকা পোষ্টাৰ আৰু প্লে’কাৰ্ড লৈ কন্যা শিশু দিৱস উদযাপন কৰে (National Child Day observed in Sonitpur)৷

Child Day observed in Sonitpur
শোণিতপুৰত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন

তেজপুৰ, ২৪ জানুৱাৰী: আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস (National Child Day) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মঙলবাৰে শোণিতপুৰ জিলাতো বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয় (National Child Day observed)। এই কন্যা শিশু দিৱস উপলক্ষে উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ পৰা এক সজাগতা সভা উলিওৱা হয় য’ত বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ‘বেটি বচাও বেটি পঢ়াও’ বিষয়ক গুৰুত্বপূৰ্ণ বাৰ্তা থকা পোষ্টাৰ আৰু প্লে’কাৰ্ড লৈ অংশগ্ৰহণ কৰে।

শোণিতপুৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু দৰং মহাবিদ্যালয়ৰ এন এছ এছ ইউনিটৰ সহযোগত আয়োজন কৰা এই কাৰ্যসূচীৰ অংশ হিচাপে দৰং মহাবিদ্যালয়ত এখন আলোচনা চক্ৰৰ আয়োজন কৰা হয় ৷ আলোচনা চক্ৰত যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপিকা ড৹ মিনাক্ষী দত্ত আৰু তেজপুৰৰ বিশিষ্ট সমাজ কৰ্মী অঞ্জলি কলিতাই ভাষণ প্ৰদান কৰে ।

আজিৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি এক চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হয় য’ত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । আজিৰ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে তেজপুৰ কলেজিয়েট স্কুলতো ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰি দিৱসটি পালন কৰা হয় । তদুপৰি শোণিতপুৰ জিলা শিশু সুৰক্ষা ইউনিটৰ উদ্যোগত স্নেহবন্ধন চি.চি.আইত বিভিন্ন কাৰ্যসূচীৰে আজিৰ দিনটো উদযাপন কৰা হয় ।

উল্লেখযোগ্য যে, প্ৰতি বছৰে ২৪ জানুৱাৰীত কন্যা শিশু দিৱস হিচাপে পালন কৰা হয় ৷ কিয়নো ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৬৬ চনৰ 24 জানুৱাৰী দিনটোতেই দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে দেশৰ কন্যা শিশুসকলক নিজৰ অধিকাৰৰ প্ৰতি সচেতন কৰা ।

২০২১ চনত ‘ডিজিটেল প্ৰজন্ম, আমাৰ প্ৰজন্ম’ শীৰ্ষক বিষয়বস্তুৰে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হৈছিল (National Child Day observed in Sonitpur)।দেশৰ কন্যাক সম অধিকাৰ প্ৰদানৰ বাবে ভাৰত চৰকাৰে সমাজত বিভিন্ন আঁচনি আৰু পৰিকল্পনাও আৰম্ভ কৰিছে । উল্লেখযোগ্য যে ২০১৫ চনৰ ২২ জানুৱাৰীত ভাৰত চৰকাৰে আৰম্ভ কৰা কন্যা শিশুটিৰ সুবিধাৰ্থে চৰকাৰে চলাই থকা ‘বেটী বচাও বেটী পঢ়াও’ আঁচনিখনো চৰকাৰে চলাই আছে ।

যোৱা বছৰ অৰ্থাৎ ২০২২ চনত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস আৰু অমৃত মহোৎসৱ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন অঞ্চলৰ ছাত্ৰীৰ সৈতে ভাৰ্চুৱেল মিটিঙৰ জৰিয়তে মত বিনিময় কৰিছিল । কন্যা শিশু দিৱস উপলক্ষে বিভিন্ন ৰাজ্য আৰু বহু ৰাজনৈতিক দলৰ দ্বাৰা বহু অনুষ্ঠানৰ আয়োজন কৰা হৈছিল, য’ত বহু ছোৱালীয়েও অংশগ্ৰহণ কৰিছিল ।

লগতে পঢ়ক: TMC Election Manifesto : অসম-মেঘালয় সীমা বুজাবুজি চুক্তি বাতিল কৰিব তৃণমূল কংগ্ৰেছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.