নিউজ ডেস্ক, 8 এপ্ৰিল : মধ্য প্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু বহুজন সমাজবাদী পাৰ্টিৰ নেতা মুখতাৰ আনছাৰীক উপহাস কৰি "হুইল চেয়াৰখন এক অদ্ভুত স্থিতিত আছে" বুলি মন্তব্য কৰে । নৰোত্তম মিশ্ৰাই বুধবাৰে এটা অনুষ্ঠানত বক্তব্য ৰাখি কয় যে, "দুখন হুইল চেয়াৰ যথেষ্ট বিখ্যাত । এখন পঞ্জাৱৰ পৰা উত্তৰ প্ৰদেশৰ বান্দাত উপস্থিত হৈছে, আনখন ইয়াতে আছে । এজনে হেৰুওৱাৰ ভয়ত হুইল চেয়াৰত আছে আৰু আনজন মাৰপিটৰ ভয়ত । হুইল চেয়াৰখন এতিয়া এক অদ্ভুত অৱস্থাত আছে ।"
উল্লেখ্য যে, ধন দাবীৰ গোচৰত প্ৰায় দুবছৰ ধৰি পঞ্জাৱৰ কাৰাগাৰত আৱদ্ধ গুণ্ডাৰ পৰা ৰাজনীতিবিদ হোৱা আনছাৰীক উত্তৰ প্ৰদেশ আৰক্ষীৰ এটা বিশেষ সুৰক্ষা দলে বুধবাৰে উত্তৰ প্ৰদেশৰ বান্দা কাৰাগাৰলৈ আনে ৷ আনচাৰীক উত্তৰ প্ৰদেশলৈ অনাৰ পূৰ্বে মহালি জিলা ন্যায়ালয়ত হাজিৰ কৰা সময়তে এখন হুইল চেয়াৰত দেখা গৈছিল । আনহাতে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভৰিৰ আঘাতৰ বাবে মাৰ্চ মাহত নন্দীগ্ৰামত হুইল চেয়াৰত বহি বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলায় ৷
লগতে পঢ়ক : ক’ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ প্ৰধানমন্ত্ৰী মোডীৰ