ETV Bharat / bharat

মোডী ২.০ কেবিনেটত স্থান লাভ ৩৬ গৰাকী উচ্চ শিক্ষিত নেতাৰ - ৰাজ্যসভা নিৰ্বাচন

সম্প্ৰসাৰণৰ পিছত নৰেন্দ্ৰ মোডী(Narendra Modi) নেতৃত্বাধীন চৰকাৰৰ কেন্দ্ৰীয় কেবিনেটত বৃদ্ধি পাইছে উচ্চ শিক্ষিত মন্ত্ৰীৰ সংখ্যা । মোডী ২.০ কেবিনেটত ঠাই পাইছে ৩৬ গৰাকী উচ্চ শিক্ষিত নেতাই । এই ৩৬ গৰাকী নেতাৰ ভিতৰত আছে প্ৰাক্তন কংগ্ৰেছ নেতা তথা বৰ্তমান অসামৰিক বিমান পৰিবহণ দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়া(Jyotiraditya M Scindia) । তেওঁ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম বি এ(MBA) ডিগ্ৰী লাভ কৰিছিল ।

Narendra Modi-led government has 36 new faces having professional background
মোডী কেবিনেটত স্থান লাভ ৩৬ গৰাকী উচ্চ শিক্ষিত নেতাৰ
author img

By

Published : Jul 8, 2021, 10:21 PM IST

নেশ্যনেল ডেস্ক, ৮ জুলাই : মোডী ২.০ কেবিনেটত এইবাৰ ৩৬ গৰাকী উচ্চ শিক্ষিত নেতাক গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব দিয়া হৈছে । এই মন্ত্ৰীকেইজনৰ ভিতৰত আছে দুগৰাকী প্ৰাক্তন আই এ এছ বিষয়া, ৮ জন উকীল, ৪ জন চিকিৎসক, ৪ জন এম বি এ(MBA) ডিগ্ৰীধাৰী আৰু কেইবাগৰাকীও অভিযন্তা । আঞ্চলিক আৰু সম্প্ৰদায়িক সমস্যাসমূহৰ সৈতে সঠিকভাৱে মোকাবিলা কৰাৰ উপৰিও কাৰ্যকাল অব্যাহত থকাৰ মাজতে চৰকাৰক পুনৰ নতুন ৰূপ দি অধিক কাৰ্যক্ষম কৰাৰ বাবে উচ্চ শিক্ষিত সদস্যসকলক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাটো হৈছে । এইবাৰ ৰে'ল বিভাগৰ লগতে যোগাযোগ আৰু তথ্য মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰা অশ্বিনী বৈষ্ণৱ হৈছে এগৰাকী প্ৰাক্তন আই এ এছ বিষয়া ।

৫০ বছৰীয়া অশ্বিনী বৈষ্ণৱে ৱাৰ্টন স্কুল, পেনিছিলভেনিয়া বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী আৰু আই আই টি কাণপুৰৰ পৰা এম টেক ডিগ্ৰী লাভ কৰিছে । এজন আই এ এছ বিষয়া হিচাপে তেওঁৰ ১৫ বছৰীয়া কাৰ্যকালত বৈষ্ণৱে বহু গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল । ২০০৪ চনৰ নিৰ্বাচনত নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স(NDA)ৰ হৈ প্ৰতিদ্বন্দিতা কৰি পৰাজিত হোৱাৰ পিছত বৈষ্ণৱক অটল বিহাৰী বাজপেয়ীৰ ব্যক্তিগত সচিব হিচাপে নিযুক্তি দিয়া হয় । মোডীৰ নতুন মন্ত্ৰীসভাত স্থান লাভ কৰা আন এজন আই এ এছ বিষয়া হৈছে ৰামচন্দ্ৰ প্ৰসাদ সিং ।

তেওঁৰ ঘৰ বিহাৰৰ নালন্দা জিলাত । আমোলাৰ পৰা ৰাজনীতিবিদ হিচাপে আত্মপ্ৰকাশ কৰা সিঙে বিহাৰৰ সাংসদ হিচাপে নিৰ্বাচিত হয় আৰু বৰ্তমান তেওঁৰ দ্বিতীয় কাৰ্যকাল চলি আছে । তেওঁ ১৯৯০ চনৰ শেষৰ ফালে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠে ।

অৱসৰপ্ৰাপ্ত ৬৩ বছৰীয়া বিষয়াজনে ২০১০ চনত জনতা দল(ইউ)ৰ নেতা হিচাপে ৰাজ্যসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে আৰু জয়ী হয় । আনহাতে, প্ৰাক্তন কংগ্ৰেছ নেতা আৰু বৰ্তমান বিজেপিৰ ৰাজ্যসভাৰ সাংসদ জ্যোতিৰাদিত্য এম সিন্ধিয়াই ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম বি এ(MBA) ডিগ্ৰী লাভ কৰিছিল । সাংসদ হিচাপে পঞ্চমবাৰৰ বাবে কাৰ্যনিৰ্বাহ কৰি থকা সিন্ধিয়াক হৰদীপ সিং পুৰীৰ ঠাইত অসামৰিক বিমান পৰিবহন মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে । নতুন মন্ত্ৰীজনে হাৰ্ৱাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল ।

নতুন কেবিনেটৰ আন এগৰাকী উচ্চ শিক্ষিত মন্ত্ৰী হৈছে ৰাজীৱ চন্দ্ৰশেখৰ । তেওঁ ইলিনয়ছ ইনষ্টিটিউট অৱ টেকন'লজীৰ কম্পিউটাৰ বিজ্ঞানৰ এম টেক ডিগ্ৰী লাভ কৰিছে । লগতে হাৰ্ৱাৰ্ড বিশ্ববিদ্যালয়ৰ এডভান্সড মেনেজমেণ্ট প্ৰগ্ৰামৰ পাঠ্যক্ৰমো তেওঁ সম্পূৰ্ণ কৰিছে । ৰাজীৱ চন্দ্ৰশেখৰ কৰ্ণাটকৰ ৰাজ্যসভাৰ সাংসদ আৰু তেওঁ তৃতীয়বাৰৰ বাবে সাংসদ হিচাপে কৰি আছে ।

মোডী ২.০ কেবিনেটত হৃদৰোগ বিশেষজ্ঞ, স্ত্ৰীৰোগ বিশেষজ্ঞ, শল্য চিকিৎসক আৰু সাধাৰণ চিকিৎসকো আছে । পশ্চিমবংগৰ বাংকুৰাৰ পৰা প্ৰথমবাৰৰ বাবে লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা সুভাষ সৰকাৰ এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু AIIMS কল্যাণীৰ পৰিষদৰ সদস্য । তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম বি বি এছ ডিগ্ৰী লাভ কৰিছে । মুঠতে শিক্ষিত মন্ত্ৰীক লৈ পৰিকল্পনাসমূহ সফলভাৱে বাস্তৱত ৰূপায়িত কৰাৰ বাবে লক্ষ্য স্থিৰ কৰিছে চৰকাৰে ।

লগতে পঢ়ক:জুলাইত দেশে লাভ কৰিব 12 কোটিৰো অধিক ক'ভিড প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.