ETV Bharat / bharat

Nagaland JDU State Unit Joins LJPR: নাগালেণ্ডত ধূলিস্যাৎ হ’ল নীতিশ কুমাৰৰ JDU

author img

By

Published : Feb 4, 2023, 10:06 PM IST

নাগালেণ্ডত নীতিশ কুমাৰৰ JDUত মোক্ষম আঘাত ৷ বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে নাগালেণ্ডত অস্ত পৰিল জনতা দল ইউনাইটেডৰ সুৰুয ৷ নাগালেণ্ড JDUৰ ৰাজ্যিক সভাপতিক বাদ দি অধিকাংশ নেতাই যোগদান কৰিলে চিৰাগ পাছোৱানৰ লোক জনশক্তি পাৰ্টী ৰামবিলাসত ৷

Nagaland JDU State Unit Joins LJPR
নাগালেণ্ডত ধূলিস্যাৎ হ’ল নীতিশ কুমাৰৰ JDU

নেশ্যনেল ডেস্ক, 4 ফেব্ৰুৱাৰী: 27 ফেব্ৰুৱাৰীত নাগালেণ্ডত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন(Nagaland Assembly Election 2023) ৷ তাৰ পূৰ্বেই ৰাজ্যখনত সম্পূৰ্ণৰূপে ধূলিসাৎ হ’ল নীতিশ কুমাৰৰ জনতা দল ইউনাইটেড(JDU) ৷ নাগালেণ্ডত JDUক মোক্ষম আঘাত হানি দলটোৰ ৰাজ্যিক সভাপতিক বাদ দি সকলো নেতাই যোগদান কৰিলে চিৰাগ পাছোৱানৰ লোক জনশক্তি পাৰ্টী (ৰামবিলাস)ত(LJPR) ৷

Nagaland JDU State Unit Joins LJPR
নাগালেণ্ডৰ JDU নেতাৰ LJPRত যোগদান

উল্লেখ্য যে, কিছুদিন পূৰ্বে নাগালেণ্ড ভ্ৰমণলৈ গৈছিল Janata Dal United(JDU)ৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিং(JDU president Lalan Singh) ৷ কিন্তু দলৰ ভিতৰছোৱাত আৰম্ভ হোৱা অসন্তুষ্টিৰ কোনো ভূৱেই নাপালে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ৷ ফলশ্ৰুতিত JDUৰ গৰিষ্ঠ সংখ্যক নেতাই যোগদান কৰিলে লোক জনশক্তি পাৰ্টী (ৰামবিলাস)ত(Lok Janshakti Party (Ram Vilas) ৷ শুকুৰবাৰে বিহাৰত সম্পন্ন হয় এই যোগদান কাৰ্যসূচী ৷ এই যোগদানৰ পাচতে ৰাজ্যখনত বিজেপিয়ে প্ৰতিনিধিত্ব কৰিব লগা সমষ্টিসমূহত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে লোক জনশক্তি পাৰ্টীয়ে ৷

লোক জনশক্তি পাৰ্টি (ৰামবিলাস)ৰ ৰাজ্যিক মুখপাত্ৰ প্ৰফেচৰ বিনীত সিঙে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, লাহে লাহে নীতিশ কুমাৰৰ(Nitish Kumar) JDU ভাঙিবলৈ আৰম্ভ কৰিছে ৷ LJPR দলৰ চিৰাগ পাছোৱানৰ(Chirag Paswan) আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ নাগালেণ্ডৰ JDU দলৰ নেতাসকলে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে ৷ এই যোগদানে LJPR দলক আৰু অধিক শক্তিশালী কৰে বুলিও তেওঁ মন্তব্য কৰে ৷

  • नागालैंड राज्य में जनता दल यूनाइटेड की लगभग पूरी राज्य इकाई को छोड़कर लोक जनशक्ति पार्टी (रामविलास) की सदस्यता ग्रहण करने वाले सभी साथियों का पार्टी में हार्दिक स्वागत एवं अभिनंदन है।@Jduonline pic.twitter.com/0ca01LdP3G

    — युवा बिहारी चिराग पासवान (@iChiragPaswan) February 4, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে, এই সন্দৰ্ভত লোক জনশক্তি পাৰ্টি (ৰামবিলাস)ৰ নেতা চিৰাগ পাছোৱানে টুইট যোগে উল্লেখ কৰি কয়, ‘‘মই আন্তৰিকতাৰে আশা আৰু বিশ্বাস কৰোঁ যে আপোনালোক সকলোৱে দলৰ ধাৰণা আৰু নীতিসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । লোক জনশক্তি পাৰ্টি (ৰামবিলাস) নাগালেণ্ড আৰু নগা লোকসকলৰ সঠিক বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । লোক জনশক্তি দলে বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰদান নকৰে ।’’

মুঠৰ ওপৰত এতিয়া নাগালেণ্ডত সম্পূৰ্ণৰূপে ধূলিস্যাৎ হ’ল নীতিশ কুমাৰৰ JDU ৷ বিধানসভা নিৰ্বাচনৰ মাত্ৰ কেইটামান দিনৰ পূৰ্বে হোৱা এই যোগদান কাৰ্যসূচীয়ে ভাবুকি আনিছে JDUৰ অস্তিত্বৰ প্ৰতিও ৷

লগতে পঢ়ক: Meghalaya Assembly Election: মেঘালয়ত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপি ক্ষমতালৈ আহিব: নোমল মমিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.