ETV Bharat / bharat

কৃষি আইন আৰু কৃষকৰ প্ৰতিবাদ সন্দৰ্ভত জে পি নাড্ডাৰ বৈঠক - কৃষি আইন আৰু ৰণনীতি

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই মঙলবাৰে সন্ধিয়া দলটোৰ মুখ্য কাৰ্যালয়ত কৃষি আইন আৰু কৃষকসকলৰ প্ৰতিবাদ সন্দৰ্ভত বিজেপি নেতাসকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ য’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ উপস্থিত থাকে ৷

কৃষি আইন আৰু কৃষক প্ৰতিবাদক লৈ জে পি নাড্ডাৰ বৈঠক

author img

By

Published : Feb 17, 2021, 10:19 AM IST

নেশ্যনেল ডেস্ক,17 ফেব্ৰুৱাৰী: বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নতুনকৈ গৃহীত কৃষি আইন আৰু এতিয়াও চলি থকা কৃষকসকলৰ প্ৰতিবাদক লৈ মঙলবাৰে সন্ধিয়া দলটোৰ মুখ্য কাৰ্যালয়ত হাৰিয়ানা, উত্তৰ প্ৰদেশ, পঞ্জাৱ আৰু ৰাজস্থানৰ বিজেপি নেতাসকলৰ সৈতে এখন বৈঠকত মিলিত হয় ৷ য’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ উপস্থিত থকাৰ লগতে দলীয় নেতা, সাংসদ, বিধায়কৰ লগতে বহুসংখ্যক স্থানীয় কৰ্ম-কৰ্তা উপস্থিত আছিল ৷

উল্লেখ্য যে, এই বৈঠকত কৃষকসকলৰ সৈতে সম্পৰ্কিত কৃষি আইন আৰু ৰণনীতিৰ বিষয়ে আলোচনা কৰাৰ লগতে বিজেপিৰ শীৰ্ষ নেতাসকলক কৃষকসকলৰ ওচৰলৈ গৈ তেওঁলোকৰ সৈতে কৃষি আইনৰ বিষয়ে কথা পাতিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ বিগত বছৰৰ ২৮ নৱেম্বৰৰ পৰা কৃষি আইনৰ বিৰুদ্ধে দিল্লীৰ সীমান্তত প্ৰতিবাদ কৰি থকা পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কৃষকসকলক প্ৰতিবাদ বন্ধ কৰিবলৈ দাবী জনাইছে কেন্দ্ৰীয় চৰকাৰে ।

লগতে পঢ়ক: ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত মূধ’ল হাউণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.