ETV Bharat / bharat

Naba Das Murder Update: মানসিক ভাৰসাম্য হেৰুৱাই হত্যা কৰিছিল ওডিশাৰ স্বাস্থ্যমন্ত্ৰীক; হত্যাকাৰীৰ স্বীকাৰোক্তি

author img

By

Published : Feb 12, 2023, 7:20 PM IST

ওডিশাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাসক মানসিক ভাৰসাম্য হেৰুৱাই হত্যা কৰিছিল আৰক্ষী উপ-পৰিদৰ্শক গোপাল দাসে (Odisha Health Minister killed) ৷ বৃহস্পতিবাৰে হত্যাকাৰী গোপাল দাসক নাৰ্কো পৰীক্ষা আৰু পলীগ্ৰাফ পৰীক্ষা কৰাৰ অন্তত পোহৰলৈ আহিছে এই তথ্য ৷ 29 জানুৱাৰীত হত্যা কৰা হৈছিল স্বাস্থ্যমন্ত্ৰী নৱ কিশোৰ দাসক ৷

Naba Das Murder Update
কিয় হত্যা কৰা হৈছিল ওডিশাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাসক; হত্যাকাৰীয়ে স্বীকাৰ কৰিলে কাৰণ

নেশ্যনেল ডেস্ক, 12 ফেব্ৰুৱাৰী: পোহৰলৈ আহিছে ওডিশাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাসক হত্যা কৰাৰ কাৰণ ৷ নৱ দাসৰ সভাত নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী উপ-পৰদৰ্শক গোপাল দাস মানসিক ৰোগী হোৱাতোৱেই কাল হ’ব নৱ দাসৰ বাবে ৷ মানসিক অসুস্থতাৰ বাবেই চিন্তা শক্তি হেৰুৱাই গোপাল দাসে হত্যা কৰিলে স্বাস্থ্যমন্ত্ৰী নৱ দাসক ৷ আদালতত এই কথা স্বাকীৰ হত্যাকাৰী উপ-পৰিদৰ্শক গোপাল দাসৰ (Naba Das murder case update) ৷

উল্লেখ্য যে, হত্যাকাণ্ড সংঘটিত হোৱাৰ পাচতেই গ্ৰেপ্তাৰ কৰা হৈছিল হত্যাকাৰী উপ-পৰিদৰ্শক গোপাল দাসক ৷ এই হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছিল CBI য়ে ৷ হত্যাকাৰী গোপাল দাসক স্বাস্থ্য পৰীক্ষা আৰু নাৰ্কো পৰীক্ষা কৰাৰ সময়তে গোপাল দাসে স্বীকাৰ কৰিছে যে, মানসিক ভাৰসাম্য হেৰুৱাই স্বাস্থ্যমন্ত্ৰী নৱ দাসলৈ লক্ষ্য কৰি কৰিছিল গুলীচালনা (Naba Das murdered Gopal Das) ৷ বিগত কেইবামাহো মানসিক ৰোগত ভুগি থকা বুলিও স্বীকাৰ কৰিছে গোপাল দাসে (ASI Gopal Das Killed Naba Das) ৷

লগতে দুমাহ ধৰি ঔষধ গ্ৰহণ নকৰাৰ বাবে মানসিক অৱস্থাৰ অৱনতি ঘটা বুলি তেওঁ উল্লেখ কৰিছে আদালতত ৷ বৃহস্পতিবাৰে হত্যাকাৰী গোপাল দাসক কৰোৱা হৈছিল নাৰ্কো পৰীক্ষা আৰু পলীগ্ৰাফ পৰীক্ষা ৷ সেই পৰীক্ষাতে গোপাল দাসে স্বীকাৰ কৰে নিজৰ মানসিক অসুস্থতাৰ কথা ৷ পৰৱৰ্তী পৰ্যায়ত আদালততো হাজিৰ কৰোৱা হয় গোপাল দাসক ৷

স্মৰ্তব্য যে, 29 জানুৱাৰী তাৰিখে ওডিশাৰ গান্ধী নগৰত এখন ৰাজহুৱা সভাত অংশ গ্ৰহণৰ বাবে গৈছিল স্বাস্থ্যমন্ত্ৰী নৱ কিশোৰ দাস (Odisha Health Minister killed) ৷ কিন্তু দুৰ্ভাগ্যৱশতঃ সেই সভাৰে নিৰাপত্তাৰ দায়িত্বত থকা উপ-পৰিদৰ্শক গোপাল দাসে স্বাস্থ্যমন্ত্ৰীগৰাকীলৈ লক্ষ্য কৰে গুলীচালনা ৷ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নিজৰ বাহনৰ পৰা নামিবলৈ লোৱাৰ সময়তে সংঘটিত হৈছিল এই ঘটনা ৷

গুলীবিদ্ধ হৈ ঘটনাস্থলীতে ঢলি পৰিছিল স্বাস্থ্যমন্ত্ৰী নৱ কিশোৰ দাস আৰু ততালিকে তেওঁক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত ৷ 29 জানুৱাৰীৰ দুপৰীয়া সংঘটিত হৈছিল এই ঘটনা ৷ তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও সন্ধিয়া তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে ৷ এই হত্যাকাণ্ডৰ ঘটনাই ৰাজ্যখনৰ লগতে দেশৰ ৰাজনৈতিক মহলত সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়া ৷ উল্লেখ্য যে, গুলীয়ে ভেদি গৈছিল স্বাস্থ্যমন্ত্ৰীগৰাকীৰ বুকু (Odisha Minister shot dead) ৷

গুলীচালনা কৰাৰ পাচতেই গ্ৰেপ্তাৰ কৰা হৈছিল হত্যাকাৰী উপ-পৰিদৰ্শক গোপাল দাসক ৷ লগতে জব্দ কৰা হৈছিল তেওঁ ব্যৱহাৰ কৰা পিষ্টলটো ৷ নিজৰ পিষ্টলৰ পৰা তিনি জাঁই গুলী নিক্ষেপ কৰিছিল গোপাল দাসে ৷ শেহতীয়াকৈ মানসিক ভাৰসাম্য হেৰুৱাই গুলীচালনা কৰা বুলি তেওঁ স্বীকাৰ কৰিছে (Gopal Das killed Odisha health minister) ৷ কিন্তু হত্যাকাৰী গোপাল দাসক কি শাস্তি প্ৰদান কৰা হ’ব সেয়া স্পষ্ট হ’ব আদালতৰ ৰায়দানৰ পাচতহে ৷

লগতে পঢ়ক: Odisha Health minister succumbed: আৰক্ষীৰ গুলীতেই ওডিশাৰ স্বাস্থ্যমন্ত্ৰীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.