ETV Bharat / bharat

Maharashtra NCP Row : মই ক্লান্তও নহয়, অৱসৰীও নহয়; ৰাজনীতি ত্যাগৰ পৰামৰ্শত ভতিজাকক কটাক্ষ শৰদ পাৱাৰৰ - Ajits suggestion o Sharad Pawar to quit politics

এনচিপিৰ মুৰব্বী শৰদ পাৱাৰে পুনৰবাৰ ভতিজাক অজিত পাৱাৰৰ তেওঁৰ বয়সক লৈ উপহাসৰ প্ৰত্যুত্তৰ দিছে । শৰদ পাৱাৰে দৃঢ়তাৰে কৈছে যে তেওঁ ভাগৰুৱাও নহয় বা অৱসৰৰ কোনো পৰিকল্পনাও নাই ।

Maharashtra NCP Row
Maharashtra NCP Row
author img

By

Published : Jul 8, 2023, 5:39 PM IST

নিউজ ডেস্ক, ৮ জুলাই : মহাৰাষ্ট্ৰত চলি থকা এনচিপি বনাম এনচিপি সংঘাতত দলৰ মুৰব্বী শৰদ পাৱাৰে দলটোৰ পৰা বিচ্ছিন্ন হোৱা ভতিজাক অজিত পাৱাৰক পুনৰবাৰ লক্ষ্য কৰি লৈছে । অজিত পাৱাৰে সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ ল'ব লাগে বুলি শৰদ পাৱাৰক দিয়া পৰামৰ্শক উপহাস কৰি কয় যে দলীয় কৰ্মীসকলে তেওঁক যেতিয়ালৈকে বিচাৰে, তেতিয়ালৈকে কাম কৰি যাব ।

"আপোনালোকে জানেনে কিমান বয়সত মোৰাৰজী দেশাই প্ৰধানমন্ত্ৰী হৈছিল ? মই প্ৰধানমন্ত্ৰী বা মন্ত্ৰী হ'ব নিবিচাৰোঁ, কিন্তু কেৱল জনসাধাৰণৰ সেৱা কৰিব বিচাৰোঁ ।" ৮৩ বছৰ বয়সত তেওঁৰ খুৰাকৰ অৱসৰৰ সময় আহি পৰিছে বুলি অজিতৰ মন্তব্যৰ বিষয়ে সোধাত পাৱাৰে এনেদৰে কয় । এতিয়াও তেওঁৰ বয়স হোৱা নাই বুলি দাবী কৰি শৰদ পাৱাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সুৰৰ প্ৰতিধ্বনি কৰি কয়, "না টায়াৰ্ড হু, না ৰিটায়াৰ্ড হু ।"

"মোক অৱসৰ ল'বলৈ ক'বলৈ তেওঁলোক কোন ? মই এতিয়াও কাম কৰিব পাৰোঁ ।" পাৱাৰে এটা ডিজিটেল সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত কয় । অজিত পাৱাৰে তেওঁ কাৰোবাৰ পুত্ৰ (শৰদ পাৱাৰৰ) নোহোৱাৰ বাবেই তেওঁক একাষৰীয়া কৰি ৰখা হৈছিল বুলি কৰা মন্তব্যৰ পিছত পৰিয়ালটোত উত্তৰাধিকাৰী যুদ্ধ সন্দৰ্ভত সোধা আন এক প্ৰশ্নৰ উত্তৰত প্ৰবীণ ৰাজনীতিবিদজনে কয়, "মই এই বিষয়ত বেছি ক'ব নিবিচাৰোঁ । মই পৰিয়ালৰ বাহিৰত পাৰিবাৰিক সমস্যাবোৰ আলোচনা কৰিবলৈ ভাল নাপাওঁ ।"

পাৱাৰে কয় যে অজিতক মন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী পতা হৈছিল । কিন্তু তেওঁৰ জীয়ৰী সুপ্ৰিয়া চুলেক কোনো মন্ত্ৰীপদ দিয়া হোৱা নাছিল যদিও সেয়া সম্ভৱ আছিল । তেওঁ লগতে কয়, "যেতিয়াই এনচিপিয়ে কেন্দ্ৰত মন্ত্ৰীপদ লাভ কৰিছিল, তেতিয়াই এইটো আনক দিয়া হৈছিল । কিন্তু সুপ্ৰিয়া সংসদৰ সদস্য হোৱা সত্ত্বেও তেওঁক দিয়া নাছিল ।"

উল্লেখ্য, অজিত আৰু এনচিপিৰ আন আঠজন বিধায়কে মহাৰাষ্ট্ৰৰ একনাথ শিন্দে নেতৃত্বাধীন মন্ত্ৰীসভাত যোগদান কৰাৰ এসপ্তাহ পিছত শৰদ পাৱাৰে শনিবাৰে বিদ্ৰোহী দলৰ নেতা তথা মন্ত্ৰী ছগন ভুজৱলৰ সমষ্টি নাছিক জিলাৰ ইয়োলাত এক ৰেলী অনুষ্ঠিত কৰি তেওঁৰ ৰাজ্যজুৰি ভ্ৰমণ আৰম্ভ কৰিছে । মুম্বাইৰ পৰা ২৫০ কিলোমিটাৰ উত্তৰে অৱস্থিত এখন সৰু চহৰ ইয়োলাক তেওঁৰ দলৰ পুনৰ নিৰ্মাণৰ অনুশীলন আৰম্ভ কৰিবলৈ পাৱাৰে বাছনি কৰাটো কঠোৰ নেতাজনৰ দলটোক পুনৰ নিৰ্মাণৰ বাবে এক প্ৰয়াস হিচাপে গণ্য কৰা হৈছে ।

লগতে পঢ়ক :Rahul Gandhi Modi Surname Case : ১২ জুলাইত ৰাহুল গান্ধীৰ সমৰ্থনত কংগ্ৰেছৰ মৌন সত্যাগ্ৰহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.