ETV Bharat / bharat

মিজোৰামলৈ ঢাপলি মেলিছে ম্যানমাৰৰ সাংসদ-আৰক্ষীয়ে

মিজোৰামত আশ্ৰয় লৈছেহি ম্যানমাৰৰ কেইবাজনো সাংসদ, আৰক্ষী বিষয়া, ৰাজনৈতিক নেতাকে ধৰি হাজাৰ হাজাৰ লোকে । জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ বৰুৱাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য । জাণ্টা বাহিনীৰ নিৰ্মম অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইদৰে আপোন ঘৰ, মাতৃভূমি এৰি মিজোৰামত আশ্ৰয় লৈছে ম্যানমাৰৰ নাগৰিকে ।

মিজোৰামত আশ্ৰয় লৈছে ম্যানমাৰৰ কেইবাজনো সাংসদ, আৰক্ষী বিষয়া, ৰাজনৈতিক নেতাই

author img

By

Published : Apr 14, 2021, 5:33 PM IST

নেশ্যনেল ডেস্ক,১৪ এপ্ৰিল: ২০২১ চনৰ ১ ফেব্ৰুৱাৰীত ম্যানমাৰত সামৰিক অভ্যুত্থান হোৱাৰ পিছৰে পৰা ম্যানমাৰ ত্যাগ কৰিবলৈ বাধ্য হৈছে দেশখনৰ নাগৰিকসকলে । কেৱল সাধাৰণ লোকেই নহয়, ম্যানমাৰৰ সাংসদ, ৰাজনীতিবিদৰ লগতে বহুতো সেনা বিষয়া, আৰক্ষী বিষয়া আৰু তেওঁলোকৰ পৰিয়ালসমূহে মিজোৰাম আৰু ৰাজধানী আইজললৈ ঢাপলি মেলিছে ।

জেনেৰেল মিন আং হ্লায়িং নেতৃত্বাধীন জান্টা বাহিনীৰ কঠোৰ দমন নীতিৰ পৰা ৰক্ষা পাবলৈ এনেদৰে মাতৃভূমি এৰি পলায়ন কৰিছে নাগৰিকসকলে । মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাই ফোনযোগে ই টিভি ভাৰতক জনোৱা মতে, "প্ৰায় ১৬ জন সাংসদে মিজোৰামত প্ৰৱেশ কৰিছে, ইয়াৰে বেছিসংখ্যকেই চিন ৰাজ্যৰ চিন জাতিৰ । কিছু সংখ্যক নাগৰিক মন ৰাজ্যৰ পূব প্ৰান্তৰ, কিছুমান মান্দালয়ৰ আৰু বহু নাগৰিক আৰাকানৰ ।

সাংসদগৰাকীয়ে লগতে কয় যে, ম্যানমাৰৰ পৰা আৰু অধিক নাগৰিক মিজোৰামত প্ৰৱেশৰ কৰাৰ সম্ভাৱনা আছে । ম্যানমাৰৰ নাগৰিকসকলে এতিয়া দৈনিক ভিত্তিত মিজোৰামত প্ৰৱেশ কৰিছে । বৰ্তমান আইজলত স্থাপন কৰা শৰণাৰ্থী শিবিৰত আশ্ৰয় লৈ আছে ম্যানমাৰৰ সাংসদ, বিধায়ক, সেনা আৰু আৰক্ষী বিষয়াসকলে । অধিক সংখ্যক নাগৰিকে পৰিয়ালক লগত লৈ ম্যানমাৰ সীমান্ত অতিক্ৰম কৰি ভাৰতৰ প্ৰায় ১৩ খন গাঁৱত আশ্ৰয় লৈ আছে ।

সাংসদ, ৰাজনীতিবিদসকল ডাও আং ছান চ্যু কী নেতৃত্বাধীন নেশ্যনেল ডেমক্ৰেটিক লীগ দলৰ । নিৰ্বাচনত এনএলডিয়ে মুঠ ৪৭৬ খন আসনৰ ভিতৰত ৩৯৬ খন আসন লাভ কৰিছিল । আনহাতে জান্তা সমৰ্থিত ইউনিয়ন ছলিডেৰিটি এণ্ড ডেভেলপমেণ্ট পাৰ্টীয়ে মাত্ৰ ৩৩ খন আসন লাভ কৰিছিল। মিজোৰাম আৰু মণিপুৰৰ বাস কৰা কুকি-মিজো গোটৰ বহু লোকৰ পশ্চিম ম্যানমাৰৰ চাগায়িং ৰাজ্যত বাস কৰা চীন জাতিৰ লোকসকলৰ সৈতে উমৈহতীয়া জাতিগত, ভাষিক, সাংস্কৃতিক আৰু আত্মীয়তাৰ সম্পৰ্ক গঢ়ি তুলিছে ।

মিজোৰাম আৰু ম্যানমাৰৰ ৫১০ কিল’মিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ চম্ফাই, ছিয়াহা, লংটলাই, ছাৰ্ছিপ, হনাথিয়েল আৰু ছাইটুৱেল জিলালৈকে বিস্তৃত হৈ আছে । 'তাতমাদাও' অভিযান আৰম্ভ হোৱাৰ পিছৰে পৰা মিজোৰামত ২,২০০ জনৰো অধিক লোকক আশ্ৰয় দিয়া হৈছে । ম্যানমাৰৰ বেছিভাগ লোকে জানে যে, চৰকাৰ আৰু মিজোৰামৰ মানুহে তেওঁলোকৰ প্ৰতি সমৰ্থন জনাইছে ।

সেয়েহে তেওঁলোকৰ বেছিভাগেই মিজোৰামলৈ ঢাপলি মেলিছে । তেওঁলোকক সহায় কৰিবলৈ স্বেচ্ছাসেৱী সংস্থাবোৰে স্থানীয় মিজো লোক, বাণিজ্যিক প্ৰতিষ্ঠানৰ পৰা পুঁজি সংগ্ৰহ অভিযান আৰম্ভ কৰিছে । এতিয়ালৈকে ৩০ লাখৰো অধিক টকা সংগ্ৰহ কৰা হৈছে বুলি ভানলালভেনাই জানিবলৈ দিয়ে ।

আনহাতে, ম্যানমাৰত এতিয়ালৈকে 'তাতমাদাও'ৰ অভিযানত ৭০০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে । মৃত লোকসকলৰ ভিতৰত আছে গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে কাম কৰি অহা লোক, শাসক বিৰোধী প্ৰতিবাদকাৰী, দৰ্শক আৰু আন বহুতো নাগৰিক ।

লগতে পঢ়ক: ভাৰত-চীন সীমান্তৰ উত্তেজনাকলৈ আমেৰিকাৰ চোৰাংচোৱাৰ প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.