নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰী : ম্যানমাৰৰ এগৰাকী পঞ্জীয়নভুক্ত মহিলা শৰণাৰ্থীয়ে দিল্লী আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰিছে ৷ অভিযোগটোত তেওঁ কৈছে যে, প্ৰথমে তেওঁক নিচাসক্ত কৰি এখন অট’ চালকে অপহৰণ কৰি নিয়ে আৰু তাৰ পাচত তেওঁক চাৰিজন পুৰুষে মিলি ধৰ্ষণ কৰে (Kalindi Kunj rape case) ৷
দিল্লীৰ কালিন্দী কুঞ্জ এলেকাত সংঘটিত হয় এই ঘটনা ৷ মহিলা গৰাকীৰ অভিযোগৰ ভিত্তিত এতিয়া দিল্লী আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে ৷ 21 ফেব্ৰুৱাৰীত সংঘটিত হৈছিল এই ঘৃণনীয় কাৰ্য (Myanmar woman raped in Kalindi Kunj Delhi) ৷
দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৰ্ষিতা মহিলা গৰাকী ম্যানমাৰৰ আৰু তেওঁ এগৰাকী পঞ্জীয়নভূক্ত শৰণাৰ্থী ৷ অভিযোগনামাত উল্লেখ কৰা মতে, মহিলা গৰাকী তেওঁৰ স্বামীৰ সৈতে তেওঁলোকৰ কন্যাৰ চিকিৎসাৰ বাবে দক্ষিণ-পূব দিল্লীৰ কোনোবা এঠাইলৈ গৈছিল ৷ সেই সময়তে অট’ চালকটোৱে তেওঁক অপহৰণ কৰি দুৰ্গম ঠাই এডোখৰলৈ লৈ যায় ৷
"আমি আই পি চি ধাৰা 365, 368, 376d, 323 আৰু 506 ৰ অধীনত 25 ফেব্ৰুৱাৰীত এটা গোচৰ ৰুজু কৰিছো", আৰক্ষী বিষয়া এগৰাকীয়ে এইদৰে জানিবলৈ দিয়ে ৷
ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰীৰ 3 তাৰিখে তিনি বছৰীয়া এগৰাকী কন্যাক দিল্লীৰ ফাতেহপুৰ বেৰী এলেকাত দুটা কা-পুৰুষে ধৰ্ষণ কৰিছিল ৷ বিগত বছৰৰ ডিচেম্বৰ মাহত যমুনা এক্সপ্ৰেছৱে’ত 23 বছৰীয়া এগৰাকী মহিলাক দলৱদ্ধ ধৰ্ষণ কৰাৰ অভিযোগত আৰক্ষীয়ে তিনিজন লোকক কৰায়ত্ত কৰিছিল । নয়দা ছেক্টৰ 37 ৰ পৰা শ্বেয়াৰ কৰা টেক্সি এখনত ফিৰ’জাবাদলৈ যোৱাৰ পথত এই ঘটনা সংঘটিত হৈছিল ৷ ভুক্তভোগী মহিলাগৰাকীয়ে কয় যে, তেওঁ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী আছিল আৰু নয়দাত থকা পেহীয়েকৰ ঘৰতে থাকিছিল । তেওঁ আগতে এটা বস্ত্ৰ প্ৰতিষ্ঠানত কাম কৰিছিল ।
আন এটা ঘটনাত, বিকাশ নগৰ আৰক্ষী থানা এলেকাত এগৰাকী মহিলাক বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল এজন আৰক্ষী পৰিদৰ্শকৰ বিৰুদ্ধে । অভিযুক্তজনে ভুক্তভোগী মহিলা গৰাকীৰ সৈতে বন্ধুত্ব কৰিছিল আৰু কৃষ্ণ নগৰত থকা তেওঁৰ ঘৰলৈ মাতিছিল য'ত পৰিদৰ্শকে তেওঁৰ পত্নীৰ সৈতে মিত্ৰতা কৰি মহিলা গৰাকীক নিচাযুক্ত শীতল পানীয় আগবঢ়াইছিল । দম্পতীহালে ভুক্তভোগীগৰাকীক উলংগ অৱস্থাত চিত্ৰগ্ৰহণো কৰিছিল ।
লগতে পঢ়ক : Tiger Terror at Kaliabor: কলিয়াবৰত বনৰজাৰ সন্ত্ৰাসৰ বিপৰীতে কাজিৰঙাত বনৰজা-হাতীৰ বন্ধুত্ব