নেশ্যনেল ডেস্ক,১৮ জানুৱাৰী: কেৰালাৰ এৰ্নাকুলাম জিলাৰ পাৰাভুৰৰ এখন হোটেলত খাদ্য গ্ৰহণ কৰাৰ পাছতেই অসুস্থ হৈ পৰে ৬৮ গৰাকীকৈ লোক(68 people fall ill in Kerala for food poisoning) । ইয়াৰে এগৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিবলৈ দিয়ে চিকিৎসকে । ইতিমধ্যে কোচি পৌৰ স্বাস্থ্য বিষয়াসকলে বন্ধ কৰি দিয়ে হোটেলখন । ইয়াৰে এগৰাকী মহিলাৰ অৱস্থা সংকটজনক বুলি জানিবলৈ পৰা গৈছে ৷ মহিলাগৰাকীৰ নাম চেৰাইৰ গীতু বুলি জানিবলৈ দিয়ে চিকিৎসকে ।
সোমবাৰে সন্ধিয়াৰ ভাগত হোটেলখনৰ পৰা কুজিমন্তী, আলফাহাম আৰু চেৱেই সেৱন কৰাৰ পাছতেই অসুস্থ হৈ পৰে ৬৮ গৰাকীকৈ লোক । আহাৰ গ্ৰহণৰ পাছতেই বমি আৰু ডায়েৰিয়াত ভুগিবলৈ ধৰাত ৬৮ গৰাকীকৈ লোকক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । পৌৰ স্বাস্থ্য বিষয়াসকলে মাংস গ্ৰহণৰ পাছতে লোককেইজনৰ স্বাস্থ্যৰ অৱনতি ঘটে বুলি সন্দেহ প্ৰকাশ কৰে । পোনপ্ৰথমে তিনিজন লোকে আহাৰ গ্ৰহণ কৰে আৰু শাৰীৰিক অসুস্থতাত ভুগিবলৈ দৰে ৷ ইয়াৰ পাছতেই অসুস্থ তিনিগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । এই খবৰ লাভ কৰাৰ পাছতেই পাৰাভুৰ পৌৰসভাৰ স্বাস্থ্য বিভাগ ঘটনাস্থলীচ উপস্থিত হয় আৰু হোটেলখন তাৎক্ষণিকভাৱে বন্ধ কৰি দিয়ে (Kochi Municipal health official) । বিষয়াসকলে হোটেলখন তন্ন তন্নকৈ পৰিদৰ্শন কৰে ।
ঘটনাটো সংঘটিত হোৱাৰ পাছতেই বিধায়ক ভি ডি সথিচানে প্ৰকাশ কৰে এক প্ৰেছ বিজ্ঞপ্তি । বাৰম্বাৰ হৈ থকা এনে ঘটনাই জনতাক ভয়াৱহ দিশলৈ লৈ যোৱা বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে(Several food-poisoning incidents in Kelrala) । লগতে বিধায়কগৰাকীয়ে কয় যে এনে ঘটনাৰ পুনৰাবৃত্তিয়ে স্বাস্থ্য আৰু খাদ্য সুৰক্ষা বিভাগৰ নিষ্ক্ৰিয়তাক উদঙাই দিয়ে । ঘটনা সন্দৰ্ভত স্বাস্থ্য আৰু খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনা কৰা হ’ব বুলি জানিবলৈ দিয়ে বিধায়ক ভি ডি সথিচানে ।
বিধায়কগৰাকীয়ে চিকিৎসালয়ত ভৰ্তি হোৱা লোকসকলক পৰ্যাপ্ত চিকিৎসা প্ৰদান কৰিবলৈ চিকিৎসালয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে । বৰ্তমান চিকিৎসাধীন অৱস্থাত থকা প্ৰায়সকল লোকেই সংকটমুক্ত বুলিও জানিবলৈ দিয়ে বিধায়ক ভি ডি সথিচানে । লগতে বিধায়কগৰাকীয়ে কয় য়ে খাদ্য সুৰক্ষা বিভাগে বিভাগীয় বিষয়াসকলক হোটেলখনত ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।
উল্লেখ্য যে, ৰাজ্যখনত কেইবাটাও খাদ্য বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈ অহাৰ পৰিপ্ৰেক্ষিতত কেৰালা চৰকাৰে শুকুৰবাৰে সুৰক্ষা আৰু স্বাস্থ্যৰ সুৰক্ষাৰ বাবে কেটাৰিং সেৱাৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে । কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে কয় যে নতুন নিৰ্দেশনা অনুসৰি ৰাজ্যখনত কেটাৰিং সেৱাৰ বাবে অনুজ্ঞাপত্ৰ বাধ্যতামূলক কৰা হৈছে আৰু কৰ্মচাৰীসকলৰ বাবে স্বাস্থ্য কাৰ্ড বাধ্যতামূলক । ইয়াৰ পূৰ্বে ৪ জানুৱাৰীত কেৰালা চৰকাৰৰ খাদ্য সুৰক্ষা বিভাগে ৰাজ্যখনৰ ৪২৯ টা প্ৰতিষ্ঠানত এক পৰিদৰ্শন চলাইছিল আৰু এটা ধৰ্মীয় অনুষ্ঠানত সন্দেহজনক খাদ্য বিষক্ৰিয়াৰ ঘটনাত এগৰাকী মহিলাৰ মৃত্যুৰ পিছত ৪৩ খন হোটেল বন্ধ কৰি দিয়া হৈছিল ।
ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰণালয়ে জানিবলৈ দিয়ে যে, ৪৩ খন হোটেল ভিতৰত ২১ খনেই চলি আছিল অনুজ্ঞাপত্ৰ অবিহনে । ১৩৮ টা প্ৰতিষ্ঠানলৈ জাননী জাৰি কৰা হৈছিল আৰু ৪৪ টা খাদ্যৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । মন্ত্ৰণালয়ে লগতে এয়াও উল্লেখ কৰে যে এই সম্পৰ্কত সমগ্ৰ ৰাজ্যখনত সুক্ষ্ম নিৰীক্ষণ অব্যাহত ৰখা হ'ব বুলি । কেৰালাৰ পাঠানামথিট্টা জিলাৰ কীজবৈপুৰ অঞ্চলত সংঘটিত হৈছিল খাদ্য বিষক্ৰিয়াৰ ঘটনা য'ত ১০০ ৰো অধিক লোক অসুস্থ হৈ পৰিছিল ৷ তাৰ পাছত চলোৱা তদন্তত পোহৰলৈ আহিছিল এই সমগ্ৰ তথ্য ৷
লগতে পঢ়ক: Blood Machine of Bathinda: 69 বাৰ ৰক্তদান কৰি জীৱন্ত কিংবদন্তীত পৰিণত হৈছে বিৰু বাঞ্চাল