ETV Bharat / bharat

26/11 আক্ৰমণ: শ্বহীদলৈ মুম্বাই আৰক্ষীলৈ শ্ৰদ্ধাঞ্জলি - মুম্বাই

26/11 আক্ৰমণৰ দ্বাদশ সংখ্যক বৰ্ষপূৰ্তি ৷ এই উপলক্ষে আক্ৰমণত শ্বহীদ হোৱা সুৰক্ষা কৰ্মী সকলক শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ উদ্দেশ্যে মুম্বাই আৰক্ষীৰ বিশেষ অনুষ্ঠানৰ আয়োজন ৷ 2008 চনত চাৰিদিন ধৰি চলা এই ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণত 166 গৰাকী লোকৰ মৃত্য হোৱাৰ লগতে প্ৰায় 300 ৰো অধিক লোক আঘাত প্ৰাপ্ত হৈছিল ৷

26/11 আক্ৰমণ
26/11 আক্ৰমণ
author img

By

Published : Nov 26, 2020, 8:51 AM IST

মুম্বাই, 26 নৱেম্বৰ: 26/11 মুম্বাই আক্ৰমণ,ভাৰতৰ মাটিত সংঘটিত এক অন্যতম ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ ৷ পাকিস্তানৰ পৰা সাগৰীয় পথেৰে লস্কৰ-ই-তৈবাৰ 10 জনীয়া সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে 2008 চনৰ নৱেম্বৰ 26 তাৰিখে মুম্বাইত চলোৱা এই আক্ৰমণে 12 টাকৈ বছৰ পাৰ কৰিলে ৷ 166 গৰাকী লোকে প্ৰাণ হেৰুৱা আৰু 300 ৰো অধিক লোক আঘাতপ্ৰাপ্ত হোৱা এই ভয়াবহ আক্ৰমণৰ দ্বাদশ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে মুম্বাই আৰক্ষীয়ে আয়োজন কৰিছে বিশেষ অনুষ্ঠানৰ ৷ বিশেষকৈ এই আক্ৰমণত প্ৰাণ হেৰুওৱা শ্বহীদ সুৰক্ষা কৰ্মী সকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে মুম্বাই আৰক্ষীয়ে এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে ৷

ক'ৰণা অতিমাৰীৰ প্ৰতি লক্ষ্য ৰাখি অতি সীমিত সংখ্যক লোকেহে এই অনুষ্ঠানত অংশ ল'ব ৷ দক্ষিণ মুম্বাইৰ আৰক্ষী মুখ্য কাৰ্যালয়ত নৱনিৰ্মিত স্মৃতিসৌধত এই অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ অনুষ্ঠানত শ্বহীদ আৰক্ষী আৰু সুৰক্ষা কৰ্মী সকলৰ পৰিয়ালে অংশ ল'ব বুলি জানিব পৰা গৈছে ৷ মহাৰাষ্ট্ৰ গভৰ্ণৰ ভগত সিঙ কশ্যৰী, মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে,গৃহমন্ত্ৰী অনিল দেশমুখ,ডিজিপি সুবোধ কুমাৰ জয়ছোৱাল,মুম্বাই আৰক্ষী আয়ুক্ত পৰম বীৰ সিঙ আৰু অন্যন্য শীৰ্ষ বিষয়া সকলেও শ্বহীদ সকলক শ্ৰদ্ধা নিবেদন কৰিব বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে 2008 চনত মুম্বাই চহৰত সন্ত্ৰাসবাদীয়ে চাৰিদিন ধৰি একেৰাহে চলোৱা এই ভয়াৱহ আক্ৰমণত 166 গৰাকী লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছিল ৷ আন্ধাৰৰ সুযোগ লৈ চহৰলৈ সোমাই সন্ত্ৰাসবাদী সকলে মুম্বাই চহৰৰ বিশেষ মুখ্য স্থান সমূহ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ৷ প্ৰথমটো আক্ৰমণ সংঘটিত হৈছিল মানুহেৰে ভৰপূৰ ছত্ৰপতি শিৱাজী টাৰ্মিনাছ ৰে'লৱে ষ্টেচনত ৷ দ্বিতীয়তে ন্যাৰিম্যান হাউচত আক্ৰমণ চলাই পাছতে লিঅ'পল্ড কেফে আৰু তাজ মহল হোটেলত আক্ৰমণ চলাই ৷

তাজ হোটেলত প্ৰৱেশৰ পূৰ্বে চাৰিজন সন্ত্ৰাসবাদীয়ে প্ৰথমে কেফে খনত আক্ৰমণ চলাই 31 গৰাকী লোকক আক্ৰমণ কৰে আৰু ওৱেৰয় ট্ৰাইডেণ্ট হোটেলত পাছৰটো আক্ৰমণ সংঘটিত কৰে ৷ 2008 চনৰ নৱেম্বৰ 29 তাৰিখে এই আক্ৰমণৰ অন্ত পৰে ৷ 9 গৰাকী সন্ত্ৰাসবাদীৰ মৃত্য হোৱা এই আক্ৰমণৰ একমাত্ৰ জীৱিত আক্ৰমণগৰাকী আছিল আজমল আমিৰ কাছভ ৷ 2012 চনত পুনেস্থিত য়েৰবাডা কেন্দ্ৰীয় কাৰগাৰত কাছভক মৃত্যুদণ্ড দিয়া হয় ৷ 26/11 ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে পাকিস্তানে পথোৱা সন্ত্ৰাসবাদী সকল দায়ী বুলি 2018 ৰ মে' মাহত পাকিস্তানৰ প্ৰধানমন্ত্ৰী নাৱাজ শ্বৰীফে স্বীকাৰ কৰে ৷

লগতে পঢ়ক:গোৱাৰ এগৰাকী মন্ত্ৰীয়ে স্থাপন কৰিব মাৰাডোনাৰ জীৱন্ত প্ৰতিমূৰ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.