ETV Bharat / bharat

শৈক্ষিক প্ৰশিক্ষণ কোম্পানী BYJU'S ৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু

CBI ৰ সন্দৰ্ভত ভুল তথ্য প্ৰকাশ কৰাৰ বাবে বিতৰ্কত সোমাই পৰিছে শৈক্ষিক প্ৰশিক্ষণ কোম্পানী BYJU'S ৷ এই সন্দৰ্ভত কোম্পানীটোৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে ৰুজু কৰিছে এক অপৰাধজনিত গোচৰ ৷

mumbai-police-have-registered-an-fir-against-the-owner-of-byjus
শৈক্ষিক প্ৰশিক্ষণ কোম্পানী BYJU'S ৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু
author img

By

Published : Aug 5, 2021, 8:37 PM IST

নিউজ ডেস্ক, 5 আগষ্ট : ভুৱা তথ্য প্ৰচাৰ কৰাৰ অভিযোগত দেশৰ আগশাৰীৰ শৈক্ষিক প্ৰশিক্ষণ কোম্পানী BYJU'S ৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে এক অপৰাধজনিত গোচৰ ৰুজু কৰিছে মুম্বাই আৰক্ষীয়ে ৷ কেন্দ্ৰীয় লোকসেৱা আয়োগ(UPSC)ৰ পাঠ্যক্ৰমত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা(CBI) ৰ সন্দৰ্ভত কিছু বিভ্ৰান্তিমূলক তথ্য প্ৰকাশ কৰাৰ বাবেই সংস্থাটোৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এই গোচৰ ৷

ক্ৰাইম'ফবিয়া নামৰ এক সংস্থাৰ অভিযোগৰ ভিত্তিত শৈক্ষিক প্ৰশিক্ষণ সংস্থাটোৰ স্বত্বাধিকাৰী ৰবীন্দ্ৰনৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিছে মুম্বাইৰ আৰে' কলনি আৰক্ষীয়ে ৷ স্বত্বাধিকাৰীগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অনুচ্ছেদ 120(B) ধাৰাৰ অধীনত অপৰাধমূলক ষড়যন্ত্ৰ আৰু অনুচ্ছেদ 69 (A) ৰ তথ্য আৰু জনসংযোগ ধাৰাৰ অধীনত এই গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: পৰ্ণগ্ৰাফী গোচৰ: ৰাজ কুন্দ্ৰাৰ জামিন আবেদন নাকচ

উল্লেখ্য যে, বিগত 30 জুলাইত ৰুজু হৈছিল এই গোচৰ ৷ মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰিছে এই কথা ৷ অভিযোগটোত ক্ৰাইম'ফবিয়াই অভিযোগ কৰিছিল যে কোম্পানীটোৱে তেওঁলোকৰ UPSC ৰ পাঠ্যক্ৰমত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা (চিবিআই)ক আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ সন্মিলনৰ (UNTOC) ৰ এক নোডেল সংস্থা বুলি প্ৰকাশ কৰিছে ৷

কিন্তু চিবিআই-এ ইতিমধ্যে লিখিতভাৱে জনাইছে যে, CBI UNTOC ৰ নোডেল এজেঞ্চী নহয় ৷ ক্ৰাইমফ’বিয়াৰ প্ৰতিষ্ঠাপক স্নেহিল ধলে কয় যে, "মই মে' মাহত BYJU'S ৰ কেন্দ্ৰীয় লোকসেৱা আয়োগ(UPSC)ৰ পাঠ্যক্ৰমত ইউএনটিঅ'চি (ভাৰত) ত ৰূপায়ণৰ বিৱৰণৰ বিষয়ে ভুল উদ্ধৃতি দিয়া প্ৰত্যক্ষ কৰিছিলো ৷ যাৰ বাবে মই এক ই-মেইলযোগে তেওঁলোকৰ কাষ চাপিছিলো আৰু তেওঁলোকক প্ৰয়োজনীয় পৰিৱৰ্তন কৰিবলৈ কৈছিলো ৷

লগতে পঢ়ক: ভূমি বিবাদক লৈ বিহাৰৰ নালন্দাত গুলীয়াগুলি: নিহত ৪ জন

মেইলৰ উত্তৰত তেওঁলোকে মোলৈ চিবিআই নোডেল এজেঞ্চী হয় বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ(MHA)ৰ অনুমোদিত এখন পত্ৰ প্ৰেৰণ কৰিছিল ৷ অৱশ্যে এয়া 2012 চনৰ কথা আছিল ৷ তেওঁলোকৰ উত্তৰত মই সন্তুষ্ট নাছিলো, যাৰ বাবে আৰক্ষীৰ কাষ চাপিলো বুলি ধলে কয় ৷ 2016 চনত চিবিআই-এ লিখিতভাৱে স্পষ্টকৈ জনাইছিল যে, UNTOC ৰূপায়ণৰ ক্ষেত্ৰত চিবিআই নোডেল সংস্থা নহয় ৷

যাৰ বাবে পিছত তেওঁ ভাৰত সংঘ(Union of India) আৰু দেশত ইউএনটিঅ'চি কাৰ্যকৰী নকৰাৰ বাবে 45 টা মন্ত্ৰালয়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত অপৰাধমূলক ৰিট আবেদন দাখিল কৰিছিল ৷ তেওঁ লগতে কয় যে, "ইউএনএছচিত ভাৰতৰ শীৰ্ষ কাৰ্যসূচী হৈছে সন্ত্ৰাসবাদ বিৰোধী আৰু ইউএনটিঅ'চি হৈছে সন্ত্ৰাসবাদ কৰ্তনৰ এক মূল আইন ৷ যাৰ কাৰ্যকৰীকৰণৰ বাবে কোনো গ্ৰাহক নাই ৷ যাৰ বাবে ক্ৰাইম'ফবিয়াই উচ্চতম ন্যায়ালয়ৰ জৰিয়তে বিষয়টো গ্ৰহণ কৰিছিল" ৷

লগতে পঢ়কঃ উন্নত হৈছে জম্মু-কাশ্মীৰৰ আইন শৃংখলা পৰিস্থিতি: IG CRPF

ইফালে BYJU'S ৰ এজন মুখপাত্ৰই জনাইছে যে "আমি আদালতত আবেদন কৰি এজাহাৰখনৰ এটা প্ৰতিলিপি লাভ কৰিছো ৷ আমাৰ অধিবক্তাসকলে এজাহাৰৰ বিষয়বস্তু পৰ্যালোচনা কৰি আছে আৰু আমি আইনী পৰামৰ্শ অনুসৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিম ৷

ইয়াৰ উপৰি মুখপাত্ৰগৰাকীয়ে কয় যে,"আমি ক্ৰাইম'ফবিয়াৰ পৰা এখন পত্ৰ পাইছিলো, য'ত দাবী কৰা হৈছিল যে UNTOC ৰ সন্দৰ্ভত UPSC পৰীক্ষাৰ বাবে আমি প্ৰকাশ কৰা প্ৰস্তুতিমূলক সমলখিনি অশুদ্ধ" ৷ সেই অভিযোগৰ বিপৰীতে আমি প্ৰকাশ কৰা সমলখিনি তথ্যগতভাৱে শুদ্ধ ৷ যাৰ বাবে আমি 2012 চনত উক্ত তথ্য সম্পৰ্কে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ(MHA)ৰ অনুমোদিত এখন পত্ৰ প্ৰেৰণ কৰিছিলো ৷

লগতে পঢ়কঃ পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ মুখ্য উপদেষ্টা পদ ত্যাগ প্ৰশান্ত কিশোৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.