নেশ্যনেল ডেস্ক, 30 আগষ্ট : ৰাখীবন্ধন উৎসৱৰ দিনাই মধ্য প্ৰদেশৰ মৰেনা জিলাৰ এক অতি বেদনাদায়ক ঘটনা পোহৰলৈ আহিছে । চেৰী প্ৰস্তুত কৰা কাৰখানাত মৃত্যু হৈছে ৫ শ্ৰমিকৰ । জানিব পৰা মতে সাক্ষী খাদ্য কাৰখানাৰ ৯ ফুট দ টেংকি চাফা কৰিবলৈ দুজন শ্ৰমিক নামি গৈছিল । টেংকিত বিষাক্ত গেছ নিৰ্গত হোৱাৰ বাবে শ্ৰমিক দুজনক বচাবলৈ ইজনৰ পিছত সিজনকৈ আৰু তিনিজন শ্ৰমিক টেংকিলৈ নামি গৈছিল । যাৰ বাবে টেংকিৰ ভিতৰতে পাঁচজন শ্ৰমিকৰ মৃত্যু হয় । মৃত্যু হোৱা ৫ জন শ্ৰমিকৰ ভিতৰত তিনিজন আছিল সহোদৰ।
জানিব পৰা মতে, গোৱালিয়ৰৰ পৰা মৰেনালৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ নূৰাৱাদ ঔদ্যোগিক কেন্দ্ৰৰ গাতে লাগি থকা ধনেলা গাঁৱত আজি পুৱা সংঘটিত হয় এই মৰ্মান্তিক আৰু বেদনাদায়ক দুৰ্ঘটনাটো । ইয়াত এটা চেৰী বনোৱা কাৰখানা আছে ৷ ৰাতিপুৱাৰ শ্বিফ্ট আৰম্ভ হওঁতে কাৰখানাৰ বয়লাৰটো গৰম হৈ উঠে আৰু তাৰ ওপৰত থিয় হৈ থকা শ্ৰমিকসকল এজন এজনকৈ পৰিবলৈ ধৰে । বয়লাৰৰ মুকলি দুৱাৰখন কেতিয়া খোল খালে তেওঁলোকেও গম পোৱা নাছিল ।
![Morena Tragedy:](https://etvbharatimages.akamaized.net/etvbharat/prod-images/30-08-2023/mp-mor-02-death-of-five-laborers-pkg-10021_30082023143202_3008f_1693386122_842.jpg)
কৰ্মৰত আন শ্ৰমিকসকলে এই ভয়ানক দৃশ্যটো দেখাৰ লগে লগে আতংক্ত হৈ পৰে আৰু চিঞৰ-বাখৰ কৰে । বাহিৰৰ গাঁৱৰ মানুহবোৰো দৌৰি তাত উপস্থিত হয় । ফেক্টৰীৰ মানুহে দৌৰি গৈ বয়লাৰটো বন্ধ কৰি দিয়ে আৰু বহু কষ্ট কৰি তাৰ পৰা পাঁচোজন মানুহক উলিয়াই আনে । তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীও সেই স্থানত উপস্থিত হয় । আহতসকলক লৈ সকলো পোনে পোনে চিকিৎসালয়লৈ যায় যদিও তাত থকা চিকিৎসকে সকলোকে মৃত বুলি ঘোষণা কৰে । মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ।
![Morena Tragedy:](https://etvbharatimages.akamaized.net/etvbharat/prod-images/30-08-2023/mp-mor-02-death-of-five-laborers-pkg-10021_30082023143202_3008f_1693386122_827.jpg)
জানিব পৰা মতে, নিহত পাঁচোজনেই ওচৰৰ টিকাউলী আৰু ঘূৰাইয়া বাসাই গাঁৱৰ বাসিন্দা, ইয়াৰে মাজত তিনিজন সহোদৰ । আজি ৰক্ষাবন্ধনৰ দিনটোত পাঁচোজনে একেলগে মৰ্নিং শ্বিফটত কাম কৰি সন্ধিয়ালৈ ঘৰলৈ গৈ ভগ্নীৰ সৈতে ৰাখী বন্ধন উদযাপন কৰাৰ কথা আছিল । গাঁৱত ভনীয়েকহঁতে ৰাখী ক্ষাবন্ধনৰ প্ৰস্তুতিত ব্যস্ত হৈ আছিল ৷ হঠাতে এই হৃদয়বিদাৰক খবৰটো পাই গোটেই গাঁওখনতে কান্দোনৰ ৰোল উঠিবলৈ ধৰিলে । খবৰ পোৱাৰ পাচত আনকি বহু মহিলা অজ্ঞান হৈ পৰিছিল । উক্ত ঘটনাৰ পিচতেই কাৰখানা আৰু চিকিৎসালয়ত ভীৰ কৰে ক্ষুব্ধ গাঁৱৰ ৰাইজে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দুয়োটা স্থানতে অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হয় । আৰক্ষী আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলো উক্ত স্থানত উপস্থিত হয় । পৰিস্থিতি বহু সময় ধৰি উত্তেজিত হৈ আছিল ।
![Morena Tragedy:](https://etvbharatimages.akamaized.net/etvbharat/prod-images/30-08-2023/mp-mor-02-death-of-five-laborers-pkg-10021_30082023143202_3008f_1693386122_829.jpg)
মৃত শ্ৰমিকসকলৰ নাম
ৰাজেশ ঘূৰাইয়া (৪০ বছৰ)
গিৰাজ ঘূৰাইয়া (৩৫ বছৰ)
ৰামনাৰেশ গুৰজাৰ (৩২ বছৰ)
ৰাম অৱতাৰ গুৰজাৰ (৩৪ বছৰ)
বীৰ সিং গুৰজাৰ (৩০ বছৰ)