ETV Bharat / bharat

ৱাৰ্ডবয়ে অক্সিজেন মাস্ক খুলি দিয়াত ক’ভিড ৰোগীৰ মৃত্যু

author img

By

Published : Apr 15, 2021, 2:19 PM IST

এগৰাকী ক'ৰণা ৰোগীৰ মৃত্যুৰ পাচতে পৰিস্থিতি উত্তপ্ত হৈ পৰে মধ্য প্ৰদেশৰ শিৱপুৰী জিলা চিকিৎসালয়ত ৷ COVID ৱাৰ্ডত চিকিৎসা কৰ্মীয়ে অক্সিজেন মাস্ক আঁতৰাই দিয়াৰ ফলতে ৰোগীৰ মৃত্যু হয় বুলি অভিযোগ কৰে পৰিয়ালৰ লোকে ৷

ক'ৰণা ৰোগীৰ মৃত্যুৰ পাচতে উত্তপ্ত পৰিস্থিতি মধ্য প্ৰদেশৰ জিলা চিকিৎসালয়ত

নেশ্যনেল ডেস্ক, 15 এপ্ৰিল : মধ্য প্ৰদেশৰ শিৱপুৰী জিলা চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি ৷ এগৰাকী ক'ৰণা ৰোগীৰ মৃত্যুৰ পাচতে পৰিস্থিতি উত্তপ্ত হৈ পৰে জিলা চিকিৎসালয়খনৰ ৷ ৰোগী গৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি COVID ৱাৰ্ডত চিকিৎসা কৰ্মীয়ে অক্সিজেন মাস্ক আঁতৰাই দিয়াৰ ফলতে ৰোগী গৰাকীৰ মৃত্যু হয় ৷ সুৰেন্দ্ৰ শৰ্মা নামৰ শিক্ষক গৰাকীৰ মৃত্যু স্বাভাৱিক বুলি চিকিৎসালয় কৰ্তৃপক্ষই সদৰি কৰিছে যদিও পৰিয়ালৰ লোকে নামি লোৱা নাই ৷ চিকিৎসালয়খনৰ অধীক্ষক ডাঃ কেবি বাৰ্মাই ৰোগী গৰাকীৰ পৰা অক্সিজেন মাস্ক আঁতৰোৱা হোৱা নাছিল বুলি উল্লেখ কৰাৰ পাচতে পৰিয়ালৰ লোকে চিচি টিভি ফুটেজ নিৰীক্ষণ কৰিব বুলি উল্লেখ কৰে ৷

ইফালে চিচি টিভি ফুটেজত স্পষ্ট ভাৱে চিকিৎসা কৰ্মীয়ে অক্সিজেন আঁতৰোৱা দেখাৰ লগে লগে চিকিৎসালয় প্ৰশাসনে স্থিতি সলনি কৰি কয় যে, ৰোগী গৰাকীক অক্সিজেনৰ প্ৰয়োজন নাছিল ৷ সেয়েহে নাৰ্চৰ নিৰ্দেশত ৱাৰ্ড বয় জনে আন এজন ৰোগীৰ বাবে অক্সিজেন মাস্কখন খুলি দিছিল ৷ চিকিৎসালয় খনৰ কৰ্তৃপক্ষৰ দুটা স্থিতিয়ে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনত ৷ লগতে ৰোগী গৰাকীৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত তদন্তৰ দাবী জনায় ৷

আনহাতে, মৃতকৰ পৰিয়ালে বিষয়টোৰ তদন্তৰ বাবে আহ্বান জনোৱাৰ পাচতে চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অক্ষয় নিগমে বিষয়টো তদন্তৰ বাবে এটা দল গঠন কৰিবলৈ নিৰ্দেশ দিছে ৷ আগন্তুক 48 ঘন্টাৰ ভিতৰত মৃত্যুৰ প্ৰতিবেদন দখিল কৰাৰ বাবে শিৱপুৰী জিলা চিকিৎসালয়লৈ নিৰ্দেশ প্ৰেৰণ কৰিছে ৷ ইতিমধ্যে এছপি ৰাজেশ সিং চান্দেলসহ কালেক্টৰ অক্ষয় কুমাৰ সিং ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷

লগতে পঢ়ক: কৰ'ণাৰ বাবে মহাৰাষ্ট্ৰত কঠোৰ নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.