ETV Bharat / bharat

ভূপাল গেছ দুৰ্ঘটনাৰ ভুক্তভোগী লৈ ১ হাজাৰ টকাৰ অতিৰিক্ত পেঞ্চন - গেছ লিক পীড়িত

ভূপাল গেছ দুৰ্ঘটনাত (Bhopal gas leak incident) নিহত সকলৰ বিধৱা পত্নীক মধ্যপ্ৰদেশ চৰকাৰে দিব অতিৰিক্ত ১ হাজাৰ টকাৰ পেঞ্চন । বিত্ত বিভাগে কিছু আপত্তি দৰ্শাইছিল যদিও কেবিনেটে গ্ৰহণ কৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

Bhopal gas leak victims
ভূপাল গেছ দুৰ্ঘটনাৰ ভুক্তভোগী লৈ ১ হাজাৰ টকাৰ অতিৰিক্ত পেঞ্চন
author img

By

Published : Jul 13, 2021, 9:08 PM IST

নেশ্যনেল ডেস্ক, ১৩ জুলাই : মধ্যপ্ৰদেশ চৰকাৰৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ভূপাল গেছ দুৰ্ঘটনাত (Bhopal gas leak incident) নিহত সকলৰ বিধৱা পত্নীক চৰকাৰে দিব অতিৰিক্ত ১ হাজাৰ টকাৰ পেঞ্চন (Pension) । কেবিনেট বৈঠকৰ (Cabinet meeting) পাছতে মঙলবাৰে ৰাজ্যৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই (Narottam Mishra) সংবাদ মাধ্যমৰ সন্মুখত এই কথা ঘোষণা কৰে । মন্ত্ৰীগৰাকীয়ে কোৱা মতে সামাজিক সুৰক্ষা পেঞ্চনৰ উপৰিও দুৰ্ঘটনাত নিহত হোৱাসকলৰ পত্নীসকলক অতিৰিক্তকৈ এই পেঞ্চন প্ৰদান কৰা হ'ব ।

বিত্ত বিভাগে কিছু আপত্তি দৰ্শাইছিল যদিও চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । ইফালে পূৰ্বৰ চৰকাৰক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, পূৰ্বৰ কমল নাথ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে (Kamal Nath lead congress Govt) ২০১৯ চনত অতিৰিক্ত পেঞ্চন বন্ধ কৰিছিল । তেওঁ লগতে কয় যে, পূৰ্বৰ বিজেপি চৰকাৰে ২০১৩ চনত এই পেঞ্চন আৰম্ভ কৰিছিল আৰু এতিয়া বৰ্তমানৰ শাসনত থকা বিজেপি চৰকাৰে ইয়াক পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে ।

চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বহুতে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনোৱাও দেখা গৈছে । ভূপাল গ্ৰুপ ফৰ ইনফৰ্মেচন এণ্ড এক্সন (Bhopal Group For Information And Action) নামৰ এটা স্বেচ্ছা সেৱী সংস্থাৰ বিষয়া ৰচনা ধিংৰাই কোৱা মতে যোৱা এবছৰত কেইবাটাও ঘোষণা কৰা হৈছে ৷ কিন্তু সেই বিধৱাসকলে এতিয়ালৈ তেওঁলোকৰ একাউণ্টত এটা টকাও লাভ কৰা নাই ।

তেওঁ লগতে অভিযোগ উত্থাপন কৰি কয় যে, গেছ লিক পীড়িতসকলৰ বিধৱাসকলে ২০১৯ চনৰ ডিচেম্বৰৰ পৰা পেঞ্চন লাভ কৰা নাই । সেয়ে অতি শীঘ্ৰে বকেয়া ধন খিনি পৰিশোধ কৰিবলৈ চৰকাৰক দাবী জনাই বিষয়াগৰাকীয়ে । ধিংৰাই লগতে কয় যে ভূপাল গেছ পীড়িতসকলৰ প্ৰয়োজনীয়তা বুজি নোপোৱাৰ বাবে গেছ সাহায্য বিভাগৰ নীতিত কোনো স্পষ্টতা নাই ।

উল্লেখ্য যে ১৯৮৪ চনৰ ২-৩ ডিচেম্বৰৰ মাজনিশা ৰাজ্যৰ ৰাজধানী ভূপালৰ উপকণ্ঠত অৱস্থিত ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেডৰ (Union Carbide India Limited) কীটনাশক প্ৰকল্পৰ পৰা মিথাইল আইচোচাইনাইট লিক হোৱাৰ ফলত ১৫,০০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল । বিষাক্ত লিকৰ ফলত পাঁচ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছিল । সমগ্ৰ বিশ্বতে এই দুৰ্ঘটনাই আলোড়নৰ সৃষ্টি কৰিছিল ।

লগতে পঢ়ক :ত্ৰিপুৰাত সময়মতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ৰূপায়ণৰ আশ্বাস মন্ত্ৰী অৰ্জুন মুণ্ডাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.