নেশ্যনেল ডেস্ক,৮ জানুৱাৰী: বিজ্ঞান-প্ৰযুক্তিৰ চমৎকাৰী অৱদানসমূহে বাহ্যিকভাৱে আধুনিকতাৰ সাজ-পাৰ পিন্ধিলেও, অন্ধবিশ্বাসত (superstition in India) ডুব গৈ থকা আদিম মানসিকতাৰে পৰিপুষ্ট মানুহৰ সংখ্যাই আমাৰ দেশৰ অগ্ৰগতিত বাধা প্ৰদান কৰি আহিছে ৷ বিজ্ঞান-প্ৰযুক্তিৰ চমৎকাৰী আৱিষ্কাৰত ভেজা দি বৈজ্ঞানিক পদ্ধতিৰেই অন্ধবিশ্বাসৰ আশ্ৰয় লোৱা সমস্যা-জৰ্জৰিত মানুহৰো অভাৱ নাই ৷
অন্ধবিশ্বাসৰ(black magic) বশৱৰ্তী হৈ পাহৰি যায় নিজৰ সন্তানৰ মায়া-মোহো । দেওবাৰে চুলতানপুৰৰ গোঁসাইগঞ্জত অন্ধবিশ্বাসৰ পৰিণতিতেই প্ৰাণ হেৰুৱালে ৪ মহীয়া এটি দেৱশিশুৱে । গোঁসাইগঞ্জ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত ধনুদিহ গাঁৱত কালীমূৰ্তিৰ সন্মুখত বেলচাৰে কাটি মাকে নিজৰ ৪ মাহীয়া সন্তানক হত্যা কৰে(Mother killed 4 years old child) ।
এই নৃশংস হত্যাকাণ্ডই সমগ্ৰ গাওঁখনতে এক আলোড়নৰ সৃষ্টি কৰে । জানিব পৰা মতে, মাতৃয়ে তন্ত্ৰ বিদ্যাৰ অনুসৰণত ইচ্ছা পূৰণ কৰাৰ উদ্দেশ্যে তেওঁৰ ৪ মহীয়া সন্তানক বলি দিয়ে(Mother killed 4 year old child by chopping shovels) । ইতিমধ্যে ঘটনাৰ খবৰ পোৱা মাত্ৰকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ বিষয়টোৰ অনুসন্ধান আৰম্ভ কৰিছে । এই সন্দৰ্ভত আৰক্ষী অধীক্ষক সোমেন বাৰ্মাই কয় যে বিষয়টোৰ তদন্ত আৰম্ভ কৰা হৈছে । তদন্তৰ পিছত, অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । ইতিমধ্যে হত্যাকাৰী মহিলাগৰাকীক আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে ।
গোঁসাইগঞ্জ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত ধনুদিহ গাঁৱৰ বাসিন্দা শিৱ কুমাৰে কানপুৰত শ্ৰমিক হিচাপে কাম কৰে । তেওঁৰ পত্নী মঞ্জু দেৱীয়ে বাস কৰে গোঁসাইগঞ্জ গাঁৱত । দেওবাৰে পুৱা প্ৰায় ৯ বজাত মঞ্জুৱে তেওঁৰ ৪ মহীয়া শিশু প্ৰীতমক গাওঁখনৰ কালীমূৰ্তিটোৰ সন্মুখত বেলচাৰে কাটি হত্যা কৰে । একে সময়তে, অভিযুক্ত মঞ্জু দেৱীৰ সন্তানে তেওঁলোকৰ মাতৃ মানসিক ভাৰসাম্য হেৰুওৱা বুলি জানিবলৈ দিছে । সন্তান কেইটিয়ে কয় যে মাতৃয়ে প্ৰতিদিনে অশ্লীল কাম কৰি থাকে । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল আৰু মহিলা মঞ্জু দেৱীক জিম্মাত লোৱাৰ লগতে, ৪ মহীয়া শিশুটিক মৰণোত্তৰ পৰীক্ষাৰ বাবে শৱগৃহলৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক: Man strangulates wife to death: শাৰীৰিক সম্পৰ্কৰ প্ৰতি অমান্তি; শিলেৰে থেতালি থেতালি পত্নীক হত্যা
গাওঁবাসীৰ মতে, মঞ্জু দেৱীয়ে দীৰ্ঘদিন ধৰি তান্ত্ৰিক বিদ্যাৰে জৰিত হৈ আছিল । মনোকামনা পূৰণ কৰিবলৈ, এজন তান্ত্ৰিকে তেওঁৰ সন্তানক বলি দিবলৈ পৰামৰ্শ আগবঢ়াইছিল । সেই অনুসৰিয়েই, মঞ্জুৱে দেওবাৰে পুৱা ৯ বজাত গাঁৱৰ কালীমূৰ্তিৰ সন্মুখত বেলচাৰে কাটি শিশুটিক হত্যা কৰে । আৰক্ষী অধীক্ষক সোমেন বাৰ্মাই শীৰ্ষ বিষয়াসকলক প্ৰয়োজনীয় আইনী ব্যৱস্থা ল'বলৈ নিৰ্দেশ প্ৰদান কৰে ।
লগতে পঢ়ক: Jalebi Baba: 120 গৰাকী মহিলাক ধৰ্ষণ কৰা জেলেবী বাবাৰ শাস্তি ঘোষণা হ’ব সোমবাৰে