ETV Bharat / bharat

Heroine seized in Gujarat: মুন্দ্ৰা বন্দৰত প্ৰায় 350 কোটি টকাৰ হেৰ’ইন জব্দ - Gujrat heroine seized news

গুজৰাটৰ কচ্চ জিলাৰ উপকূলৰ আদানি গ্ৰুপৰ দ্বাৰা পৰিচালিত মুন্দ্ৰা বন্দৰত উপসাগৰীয় দেশৰ পৰা প্ৰেৰণ কৰা এখন জাহাজ অৱতৰণ কৰাৰ পিছত সোমবাৰে পুৱা ৰাজহ চোৰাংচোৱা সঞ্চালকালয় আৰু এ টি এছে অভিযান চলায় । অভিযানত ৩৫০ কোটিৰো অধিক মূল্যৰ প্ৰায় ৭০ কেজি হেৰ’ইন জব্দ কৰে (Heroine seized in Gujarat)।

Heroine seized in Gujarat
Heroine seized in Gujarat
author img

By

Published : Jul 12, 2022, 7:23 PM IST

নিউজ ডেস্ক, 12 জুলাই: মঙলবাৰে গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী স্কোৱাড আৰু ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে ৩৫০ কোটিৰো অধিক মূল্যৰ প্ৰায় ৭০ কেজি হেৰ’ইন জব্দ কৰে । এবছৰৰ ভিতৰত মুন্দ্ৰা বন্দৰত ধৰা পৰা এইটো দ্বিতীয়টো বৃহৎ ড্ৰাগছৰ চালান (Heroine seized in Mundra port)।

উচ্চস্তৰীয় সূত্ৰই জনোৱা মতে, গুজৰাটৰ কচ্চ জিলাৰ উপকূলৰ আদানি গ্ৰুপৰ দ্বাৰা পৰিচালিত মুন্দ্ৰা বন্দৰত উপসাগৰীয় দেশৰ পৰা প্ৰেৰণ কৰা এখন জাহাজ অৱতৰণ কৰাৰ পিছত সোমবাৰে পুৱা ৰাজহ চোৰাংচোৱা সঞ্চালকালয় আৰু এ টি এছে অভিযান চলায় (ATS-DIR operation in seaport)। বিভাগীয়ভাৱে জাহাজখনৰ শ্বিপিং বিল আৰু কাষ্টমছৰ ফাইলিঙত কাপোৰ ভৰ্তি বেগ অনা বুলি লিখা হৈছিল । কিন্তু অভিযানৰ লগে লগে সংস্থাসমূহে ইয়াৰ ভিতৰত লুকুৱাই থোৱা হেৰ’ইন উদ্ধাৰ কৰে ।

“চালানৰ ওজন আৰু সঠিক ওজন নিৰ্ণয় কৰাৰ প্ৰক্ৰিয়া এতিয়াও চলি আছে । কিন্তু নিশ্চিত হৈছে যে, উদ্ধাৰ হোৱা নিষিদ্ধ পদাৰ্থখিনি হেৰ’ইন আৰু ইয়াৰ ওজন ৭০ কেজিতকৈও অধিক (Gujrat heroine seized news)।

এক সূত্ৰই জনোৱা মতে, গুজৰাটৰ আৰক্ষী সঞ্চালক প্ৰধান আশীষ ভাটিয়াই বিয়লি এক সংবাদমেল অনুষ্ঠিত কৰি এ টি এছ আৰু ডি আৰ আইৰ যৌথভাৱে চলোৱা অভিযানৰ সবিশেষ সদৰী কৰাৰ সম্ভাৱনা আছে ।

এবছৰৰ ভিতৰত মুন্দ্ৰা বন্দৰত দ্বিতীয়বাৰ বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰা হৈছে । যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত ডি আৰ আয়ে ইৰাণৰ বান্দাৰ আব্বাছ বন্দৰৰ পৰা মুন্দ্ৰালৈ প্ৰেৰণ কৰা তিনিখনকৈ জাহাজ জব্দ কৰিছিল । আনুষ্ঠানিকভাৱে ছেমি প্ৰচেছড টেলক ষ্ট’ন থকা বুলি ঘোষণা কৰা কণ্টেইনাৰবোৰত প্ৰকৃততে ২৯৮৮.২১ কেজি বা প্ৰায় তিনি মেট্ৰিক টন হেৰ’ইন পোৱা গৈছিল যাৰ মূল্য ২১ হাজাৰ কোটিৰো অধিক । ইয়াৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থালৈ হস্তান্তৰ কৰাৰ পূৰ্বে ডি আৰ আইয়ে চেন্নাইৰ পৰা এহাল দম্পতীক গ্ৰেপ্তাৰ কৰিছিল ৷

যোৱা বৰ্ষৰ ছেপ্টেম্বৰ মাহত জব্দ কৰা ড্ৰাগছৰ চালানটো চলিত বৰ্ষৰ ৮ জুনত কচ্চ জিলাৰ ভাচাউৰ সমীপত নষ্ট কৰা হৈছিল ৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই প্ৰক্ৰিয়াটো ভাৰ্চুৱেলী দিল্লীৰ পৰা প্ৰত্যক্ষ কৰিছিল ।

লগতে পঢ়ক : Phensedyl seized : কৰিমগঞ্জত আকৌ জব্দ ফেঞ্চিডাইল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.