ETV Bharat / bharat

Uttarakhand rain disaster: ৰুষ্ট প্ৰকৃতিৰ ৰোষত উত্তৰাখণ্ড; দলং খহি পৰাৰ ফলত আৱদ্ধ তিনি শতাধিক তীৰ্থযাত্ৰী - खराब मौसम हेली से रेस्क्यू करने में परेशानी

বান আৰু ভূমিস্খলনৰ কৱলত পৰিছে উত্তৰাখণ্ড ৷ ৰাজ্যখনৰ বিভিন্ন স্থানত সম্প্ৰতি ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন-যাত্ৰা ৷ এটা স্থানত তীৰ্থ ভ্ৰমণলৈ যোৱা প্ৰায় 350 গৰাকী লোক আৱদ্ধ ৷

Uttarakhand rain disaster
Uttarakhand rain disaster
author img

By

Published : Aug 15, 2023, 5:47 PM IST

নেশ্যনেল ডেস্ক, 15 আগষ্ট: উত্তৰাখণ্ডৰ পঞ্চ কেদাৰৰ ভিতৰত দ্বিতীয় কেদাৰ হিচাপে জনাজাত ভগৱান মদমহেশ্বৰ ধামলৈ যোৱা এটা বৃহৎ তীৰ্থযাত্ৰীৰ দল আৱদ্ধ হৈ আছে ৷ যাত্ৰা পথৰ বনটলী নামৰ স্থানত এখন দলং খহি পৰাৰ পাচত বিগত তিনিদিন ধৰি 350তকৈ অধিক তীৰ্থযাত্ৰী আৱদ্ধ হৈ আছে ৷ ইফালে দলং খহাৰ ফলত সন্ধানহীন হোৱা 25 গৰাকী লোকক ৰছীৰ সহায়ত উদ্ধাৰ কৰা হৈছে ৷

Uttarakhand rain disaster
বান আৰু ভূমিস্খলনৰ কৱলত পৰিছে উত্তৰাখণ্ড

ইফালে তীৰ্থযাত্ৰী সকলে সম্প্ৰতি খাদ্য সংকটত ভোগিছে ৷ সমীপৱৰ্তী দোকনসমূহত ৰেচনৰ পৰিমাণ কৰি অহাৰ ফলত খাদ্য সংকটত পৰিছে আৱদ্ধ তীৰ্থযাত্ৰীসকল ৷

উল্লেখ্য যে বিগত কেইবাদিনো ধৰি উত্তৰ-ভাৰতৰ বিভিন্ন প্ৰান্তত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত কেইবাখনো ৰাজ্যত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷ উত্তৰাখণ্ডও ভয়ংকৰ ভূমিস্খলনৰ কৱলত পৰিছে ৷ প্ৰৱল বৰষুণৰ ফলতেই মদমহেশ্বৰ ধামলৈ যোৱা পথত থকা দলঙখন খহি পৰাৰ ফলত এতিয়া আৱদ্ধ তীৰ্থযাত্ৰীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ এনে পৰিস্থিতিত তাৎক্ষণিকভাৱে প্ৰশাসনৰ সহায় বিচাৰিছে আৱদ্ধ লোকসকলে ৷

Uttarakhand rain disaster
ঠায়ে ঠায়ে ভয়ংকৰ ভূমিস্খলন

তথ্য অনুসৰি উত্তৰাখণ্ডৰ সকলো নদীৰ জলপৃষ্ঠ ব্যাপকভাৱে বৃদ্ধি পাইছে ৷ বিভিন্ন স্থানত ভূমিস্খলনৰ লগতে দলঙৰ ওপৰেৰে পানী ববলৈ আৰম্ভ কৰাৰ ফলত ব্যাহত হৈৰছে স্বাভাৱিক যাতায়ত ৷ অঞ্চলটোত মুষলধাৰ বৰষুণৰ ফলত, মধু গংগা পানীৰ স্তৰ নিৰন্তৰ বৃদ্ধি পোৱাৰ পৰিক্ষেত্ৰত ভীতিগ্ৰস্ত হৈ পৰিছে গাঁৱবাসী ৷

পানীৰ স্তৰ নিৰন্তৰ বৃদ্ধি হোৱাৰ বাবে মধু গংগা নদীৰ জুগাচুৰ ওপৰত নিৰ্মাণ কৰা দলঙখনো ভাবুকিৰ সন্মুখীন হৈছে ৷ এনে পৰিস্থিতিত আৱদ্ধ লোকসকলৰ সহায়ৰ বাবে প্ৰশাসনে কোনো সহায় আগ নবঢ়োৱাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক: Shimla landslide: চিমলাত ভয়ংকৰ ভূমিস্খলন; জীৱন্তে পুত গ’ল প্ৰায় 25 জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.