ETV Bharat / bharat

Border Dispute: সীমাবিবাদত কৰ্ণাটক-মহাৰাষ্ট্ৰৰ মাজত ৩ শতাধিক বাছ চলাচল বন্ধ

author img

By

Published : Nov 25, 2022, 7:54 PM IST

কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ মাজত চলি থকা সীমান্ত বিবাদৰ বাবে মহাৰাষ্ট্ৰৰ পৰা বেলাগাভিলৈ যোৱা 300-ৰো অধিক বাছৰ যাতায়াত মহাৰাষ্ট্ৰ চৰকাৰে অস্থায়ীভাৱে বন্ধ কৰি দিছে (border dispute between Karnataka and Maharashtra) ।

Bus
Bus

নিউজ ডেস্ক, ২৫ নৱেম্বৰ : কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ মাজত চলি থকা সীমান্ত বিবাদৰ বাবে মহাৰাষ্ট্ৰৰ পৰা বেলাগাভিলৈ যোৱা 300-ৰো অধিক বাছৰ যাতায়াত মহাৰাষ্ট্ৰ চৰকাৰে অস্থায়ীভাৱে বন্ধ কৰি দিছে (border dispute between Karnataka and Maharashtra) । আনহাতে, যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ বেলাগাভি চিটী চেন্ট্ৰেল বাছ ষ্টেণ্ডত আৰক্ষীৰ নিৰাপত্তা প্ৰদান কৰা হৈছে (bus stopped between Karnataka and Maharashtra) ।

উল্লেখ্য, মহাৰাষ্ট্ৰৰ ঔৰঙ্গাবাদ জিলাৰ ডাউণ্ড গাঁৱত শুকুৰবাৰে কৰ্ণাটকৰ মালিকানাধীন বাছসমূহত মাৰাঠীপন্থী সংগঠনৰ এটা দলে ক'লা চিঁয়াহীৰে অংকন কৰাৰ অভিযোগ উত্থাপিত হৈছে । সেয়েহে কৰ্ণাটকত মহাৰাষ্ট্ৰৰ বাছসমূহতো ক'লা চিঁয়াহীৰে লিখাৰ ভয়ত বেলাগাভি চিটী চেণ্টাৰ বাছ ষ্টেচনত আৰক্ষী মোতায়েন কৰা হৈছে (Belagavi city center bus station) ।

লগতে মহাৰাষ্ট্ৰ ৰাজ্যিক পথ পৰিবহণ নিগমে (Maharashtra State Road Transport Corporation) মহাৰাষ্ট্ৰৰ পৰা কৰ্ণাটকলৈ অহা 300-ৰো অধিক বাছৰ যাতায়াত স্থগিত ৰখাৰ নিৰ্দেশ দিছে । মহাৰাষ্ট্ৰৰ পৰা বেলাগাভি, চিক্কোডিকে ধৰি কৰ্ণাটকৰ বহুতো ঠাইলৈ দৈনিক বাছ চলাচল কৰে । কিন্তু কৰ্ণাটকৰ পৰা মহাৰাষ্ট্ৰলৈ কৰ্ণাটক পৰিবহণ বাছৰ যাতায়াত পূৰ্বৰ দৰেই চলি আছে । আনহাতে, আৰক্ষীয়ে কানাড়া পন্থী সংগঠনসমূহক যিকোনো অপ্ৰীতিকৰ ঘটনা পৰিহাৰ কৰিবলৈও সতৰ্ক কৰি দিছে ।

উল্লেখ্য, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ মাজত বিগত কেইবাদিনো ধৰি সীমান্ত বিবাদ চলি আছে । দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু অন্যান্য নেতাসকলে ইজনে সিজনৰ গাত দোষ জাপি দি বিবৃতি দিছে । কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই (Karnataka Chief Minister Basavaraj Bommai) বৃহস্পতিবাৰে কয় যে মহাৰাষ্ট্ৰৰ সৈতে চলি থকা সীমাবিবাদৰ বিষয়ে আলোচনা কৰিবলৈ অহা সপ্তাহত এখন সৰ্বদলীয় বৈঠক আহ্বান কৰা হ'ব ।

উক্ত সীমাবিবাদৰ কেন্দ্ৰবিন্দু হৈছে বেলগাম বা বেলাগাভি জিলা আৰু কৰ্ণাটকৰ ৮০ খন মাৰাঠীভাষী গাঁৱৰ ওপৰত মহাৰাষ্ট্ৰৰ দাবী । অৱশ্যে মহাৰাষ্ট্ৰৰ এই দাবী অস্বীকাৰ কৰা হৈছে । কিন্তু তাৰ পিছতো কৰ্ণাটকই মহাৰাষ্ট্ৰৰ কিছুমান কানাড়াভাষী এলেকা যেনে চোলাপুৰ ৰাজ্যখনৰ সৈতে একত্ৰিত কৰাৰ দাবী উত্থাপন কৰি আহিছে । প্ৰণিধানযোগ্য যে দুয়োখন ৰাজ্যয়ে বৰ্তমান বিজেপিয়ে নিজে বা মিত্ৰতাত শাসন কৰি আছে ।

লগতে পঢ়ক :Mukro firing incident: সীমান্তৰ ঘটনাক লৈ অধিক অগ্নিগৰ্ভা হৈ পৰিছে মেঘালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.