ETV Bharat / bharat

অটল জল ধাৰা মিছনৰ দ্বাৰা উপকৃত ত্ৰিপুৰাৰ ৩,৬৬,৫৫৩ টা পৰিয়াল - অটল জল ধাৰা মিছনৰ দ্বাৰা উপকৃত ত্ৰিপুৰাৰ ৩৬৬৫৫৩ টা পৰিয়াল

ত্ৰিপুৰাত অটল জল ধাৰা মিছন আঁচনিৰ (Atal Jaldhara Mission of Tripura) কাম ক্ষিপ্ৰতাৰে চলিছে । ৰাজ্যখনৰ মুঠ ৩ লাখ ৬৬ হাজাৰৰো অধিক পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিছে । কেৱল মাৰ্চ মাহতে মুঠ ২৩,৬২৮ টা পৰিয়াললৈ বিনামূলীয়া খোৱাপানীৰ সংযোগ দিয়া হৈছে ।

Atal Jaldhara Mission of Tripura
ত্ৰিপুৰাত অটল জল ধাৰা মিছন আঁচনি
author img

By

Published : Mar 30, 2022, 3:02 PM IST

নেশ্যনেল ডেস্ক,৩০ মাৰ্চ : খোৱাপানীৰ সমস্যা সমাধানৰ উদ্দেশ্যে ত্ৰিপুৰা চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । তাৰ ভিতৰত চৰকাৰৰ অটল জল ধাৰা মিছন আঁচনি অন্যতম (Atal Jaldhara Mission of Tripura)। ইতিমধ্যে ৰাজ্যখনৰ বহুলোকে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিছে ।

খোৱাপানী আৰু স্বাস্থ্য অনাময় বিভাগৰ এক তথ্য অনুসৰি ২০১৮ চনৰ পৰা ২০২২ চনলৈ অটল জল ধাৰা মিছনৰ অধীনত ৩ লাখ ৬৬ হাজাৰ ৫৫৩ টা পানীৰ সংযোগ দিবলৈ সক্ষম হৈছে চৰকাৰ (Water connection to more than 3 lakh families)। বিভাগটোৰ প্ৰতিবেদন অনুসৰি চৰকাৰে ২০১৮ চনৰ ২৮ নৱেম্বৰৰ পৰা ২০২২ চনৰ ২ মাৰ্চলৈ মুঠ ৩,৬৬,৫৫৩ টা পৰিয়াললৈ বিনামূলীয়া খোৱাপানীৰ সংযোগ দিছে । এই আঁচনিৰ অধীনত চলিত মাহত অৰ্থাৎ ১ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ মুঠ ২৩,৬২৮ টা পৰিয়াললৈ বিনামূলীয়া খোৱাপানীৰ সংযোগ দিয়া হৈছে ।

জিলা অনুসৰি, উত্তৰ ত্ৰিপুৰা জিলাত ৪,৪৫১ টা সংযোগ, উনাকোটি জিলাত ১,৭৮৫ টা, ধলাই জিলাত ২,৯৯০ টা সংযোগ দিয়া হৈছে । খোৱাই জিলাত ২,৪১৪ টা, পশ্চিম ত্ৰিপুৰা জিলাত ৩,৯৫২ টা, চেপাহিজলা জিলাত ২,১২৯ টা, গোমতী জিলাত ২,৫৫৮ টা আৰু দক্ষিণ জিলাত ৩,৩৪৯ টা পৰিয়াললৈ খোৱাপানীৰ সংযোগ দিয়া হৈছে ।

লগতে পঢ়ক :মন কী বাত শুনি প্ৰধানমন্ত্ৰীক ধন্যবাদ দিলে বিপ্লৱ কুমাৰ দেৱে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.