ETV Bharat / bharat

Moosewala's killing: গেংষ্টাৰ লৰেঞ্চ বিষ্ণৈয়ে প্ৰত্যাহাৰ কৰিলে নিৰাপত্তাৰ আবেদন - ভুৱা এনকাউণ্টাৰ

গেংষ্টাৰ লৰেঞ্চ বিষ্ণৈয়ে বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ত তেওঁ কৰা এক আবেদন প্ৰত্যাহাৰ কৰে (Lawrence Bishnoi withdraws plea) ৷ এই আবেদনৰ জৰিয়তে তেওঁ প্ৰয়োজনীয় সুৰক্ষা বিচাৰিছিল ৷

Moosewala's killing
Moosewala's killing
author img

By

Published : Jun 1, 2022, 9:53 PM IST

নিউজ ডেস্ক, 1 জুন: পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডত (Moosewala killing news) জড়িত থকাৰ সন্দেহ কৰা কাৰাবন্দী গেংষ্টাৰ লৰেঞ্চ বিষ্ণৈয়ে বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ত তেওঁ কৰা এক আবেদন প্ৰত্যাহাৰ কৰে (Lawrence Bishnoi withdraws plea) ৷ এই আবেদনৰ জৰিয়তে তেওঁ প্ৰয়োজনীয় সুৰক্ষা বিচাৰিছিল, কিয়নো তেওঁ পঞ্জাৱ আৰক্ষীৰ বিৰুদ্ধে এটা ভুৱা এনকাউণ্টাৰ কৰাৰ সন্দেহ কৰি আবেদন দাখিল কৰিছিল(Fake encounter by Punjab Police) ৷

আৰম্ভণিতে, তেওঁৰ অধিবক্তাই ন্যায়াধীশ স্বৰ্ণ কান্ত শৰ্মাৰ সন্মুখত দাখিল কৰিছিল যে, তেওঁ আৱেদনখন প্ৰত্যাহাৰ কৰিব বিচাৰে আৰু ইয়াক পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত দাখিল কৰিব বিচাৰে ৷ আদালতে কয় যে, আৱেদনখন প্ৰত্যাহাৰ কৰা বুলি খাৰিজ কৰা হৈছে । দিল্লী চৰকাৰৰ স্থায়ী অধিবক্তা(অপৰাধ) সঞ্জয় লাৱে আবেদনখন দিল্লীত ৰক্ষণাবেক্ষণযোগ্য নহয় বুলি উল্লেখ কৰে ৷

দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা এই আবেদনত বিষ্ণৈক পঞ্জাৱ আৰক্ষীকে ধৰি আন যিকোনো ৰাজ্যিক আৰক্ষীক জিম্মাত দিয়াৰ আগতে ভিডিঅ'গ্ৰাফীকে ধৰি প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা যাতে লোৱা হয়, তাৰ বাবে তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষ আৰু দিল্লী আৰক্ষীক নিৰ্দেশনা দিবলৈ অনুৰোধ জনোৱা হৈছিল । বিষ্ণৈ ইয়াৰ আগতে এখন জিলা আদালতৰ কাষ চাপিছিল, যিয়ে তেওঁৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল ।

Maharashtra Control of Organised Crimes Act ৰ অধীনত ৰুজু কৰা এটা গোচৰৰ ভিত্তিত বিষ্ণৈক তিহাৰ কাৰাগাৰত ৰখা হৈছিল ৷ মঙলবাৰে তেওঁক অস্ত্ৰ আইনৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছত দিল্লী আৰক্ষীৰ বিশেষ কোষলৈ তিনিদিনৰ জিম্মাত প্ৰেৰণ কৰা হৈছিল ।

২৯ মে'ত, ৰাজ্য চৰকাৰে তেওঁৰ নিৰাপত্তাৰক্ষী হ্ৰাস কৰাৰ এদিন পিছতে পঞ্জাৱৰ মানচা জিলাত অচিনাক্ত আক্ৰমণকাৰীয়ে মুছেৱালাক গুলীয়াই হত্যা কৰে । তেওঁৰ সৈতে জীপত যাত্ৰা কৰি থকা তেওঁৰ সম্পৰ্কীয় ভাতৃ আৰু এজন বন্ধুও আক্ৰমণত আহত হৈছিল ।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ২৮ বছৰীয়া মুছেৱালাৰ হত্যাৰ তদন্তৰ বাবে উচ্চ ন্যায়ালয়ৰ এজন বৰ্তমানৰ ন্যায়াধীশৰ নেতৃত্বত এখন ন্যায়িক আয়োগ গঠন কৰাৰ কথা ঘোষণা কৰিছে । শুভদীপ সিং সিদ্ধু, যাক সিদ্ধু মুজৱালা বুলি জনা যায় সেই 424 জন লোকৰ ভিতৰত আছিল যাৰ নিৰাপত্তা অস্থায়ীভাৱে 28 মে'ত প্ৰত্যাহাৰ কৰা হৈছিল বা হ্ৰাস কৰা হৈছিল ।

বিষ্ণৈয়ে, অধিবক্তা বিশাল চোপ্ৰাৰ জৰিয়তে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনত, যিকোনো প্ৰডাকচন ৱাৰেণ্টত তেওঁক আন কোনো ৰাজ্যিক আৰক্ষীৰ জিম্মাত দিয়াৰ আগতে তেওঁৰ অধিবক্তাসকলক আগতীয়াকৈ অৱগত কৰিবলৈ কেন্দ্ৰীয় তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষক অনুৰোধ কৰিছিল ৷ তেওঁ কয় যে, পঞ্জাৱত ৰাজনৈতিক দলসমূহৰ মাজত ৰাজনৈতিক অস্থিৰতাৰ বাবে পঞ্জাৱ আৰক্ষীয়ে এটা ভুৱা এনকাউন্টাৰ সংঘটিত কৰাৰ সন্দেহ কৰিছিল বিষ্ণৈয়ে ৷

গেংষ্টাৰ লৰেন্স বিষ্ণৈয়ে বুধবাৰে নিৰাপত্তা বিচাৰি পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ কাষ চাপে ৷ আগতে তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ সন্মুখত নিৰাপত্তা বিচাৰি এখন আবেদন দাখিল কৰিছিল ; কিন্তু পিছত ইয়াক পাচত প্ৰত্যাহৰ কৰে ।

লগতে পঢ়ক : সিদ্ধু মুছেৱালা হত্যাকাণ্ড: উত্তৰাখণ্ডত গ্ৰেপ্তাৰ এজন অভিযুক্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.