ETV Bharat / bharat

Molestation with Minor in Bihar : বৈশালী জিলাত কিশোৰীক ৫ দুৰ্বৃত্তৰ দলবদ্ধ ধৰ্ষণ

author img

By

Published : Jun 2, 2023, 4:53 PM IST

বিহাৰৰ বৈশালীত গাৰ নোম শিয়ৰি উঠা ঘটনা । এগৰাকী কিশোৰীক ৫ দুৰ্বৃত্তই দলবদ্ধ ধৰ্ষণ কৰে (Gang rape in Bihar)। ধৰ্ষণ কৰি কীটনাশক দ্ৰব্য খুৱাই কিশোৰীগৰাকীক হত্যাৰ চেষ্টা । কিশোৰীগৰাকীৰ অৱস্থা সংকটজনক ।

Molestation with Minor in Vaishali
বিহাৰৰ বৈশালী জিলাত কিশোৰীক ৫ দুৰ্বৃত্তৰ দলবদ্ধ ধৰ্ষণ

নেশ্যনেল ডেস্ক,২ মে': বিহাৰৰ বৈশালী জিলাত দলবদ্ধ ধৰ্ষণৰ ঘটনা (Gang rape in Bihar)। এগৰাকী নাবালিকাক ৫ যুৱকৰ দলবদ্ধ ধৰ্ষণ । জানিব পৰা মতে দুৰ্বৃত্তকেইটাই কিশোৰীগৰাকীক বাগিচালৈ লৈ গৈ তাত ধৰ্ষণ কৰে । ধৰ্ষণ কৰি কিশোৰীগৰাকীক কীটনাশক দ্ৰব্য খুৱাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে । ঘটনাটো পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে । অৱশ্যে, কিশোৰীগৰাকী এতিয়াও সচেতন হৈ আছে । আৰক্ষীয়ে কিশোৰীগৰাকী সচেতন হোৱালৈ অপেক্ষা কৰি আছে ।

আৰক্ষী সূত্ৰই জনোৱা মতে নিশা কিশোৰীগৰাকী বাথৰুমলৈ গৈছিল । তেতিয়াই সেই স্থানত ৰৈ থকা দুৰ্বৃত্ত কেইটাই কিশোৰীগৰাকীক অচেতন কৰি বাগিচালৈ লৈ যায় । তাৰ পাছতে দুৰ্বৃত্তকেইটাই কিশোৰীগৰাকীক ধৰ্ষণ কৰি কীটনাশক দ্ৰব্য খুৱাই হত্যাৰ চেষ্টা কৰে (Vaishali rape case)। কিন্তু কিশোৰীগৰাকী ঘৰত নথকাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে । কিশোৰীগৰাকী আইতাকৰ লগত থাকে ।

আনহাতে তেওঁৰ পিতৃ-মাতৃ পাটনাত থাকে । খবৰ পোৱাৰ পাছতে পিতৃ-মাতৃয়ে গাঁৱৰ ঘৰত উপস্থিত হয় । পাছত কিশোৰীগৰাকীক উদ্ধাৰ কৰা হয় আৰু চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয় ।

পিতৃ-মাতৃয়ে জনোৱা মতে তেওঁলোকে পাটনাত থাকে আৰু কিশোৰীগৰাকী আইতাকৰ সৈতে থাকে । নিতৌ কন্যাক তেওঁলোকে ফোন কৰে । সেইদিনা নিশাও ফোন কৰিছিল । কিন্তু ফোনৰ যোগাযোগ হোৱা নাছিল । নিশা যেতিয়া ১১.৩০ বজাত আকৌ ফোন কৰিছিল তেতিয়া কিশোৰীগৰাকীয়ে ফোন ধৰি সকলো কথা বৰ্ণনা কৰিছিল । ইফালে আইতাকে আৰক্ষীক জনোৱা মতে নিশা বাথৰুমলৈ যাবলৈ কিশোৰীগৰাকী উঠি আহিছিল ।

আইতাক সেই সময়ত শুই আছিল । দুৱাৰৰ বাহিৰত ৫ টা দুৰ্বৃত্ত ৰৈ আছিল । তেওঁলোকে কিশোৰীগৰাকীৰ মুখ বন্ধ কৰি লৈ গৈছিল । সেই সময়ত কিশোৰীগৰাকীৰ পিতৃয়ে ফোন কৰিছিল কিন্তু দুৰ্বৃত্তকেইটাই ফোনটো কাঢ়ি লৈছিল আৰু কিশোৰীগৰাকীক লৈ যায় । কিশোৰীগৰাকী উভতি আহি আইতাকক সকলো কথা অৱগত কৰে ।

এই ঘটনাৰ পাছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তিৰ দাবী তুলিছে ৰাইজে । কিন্তু কিশোৰী সুস্থ হ'লেহে এই ঘটনাত জড়িত সকলৰ নাম পোহৰলৈ আহিব । আৰক্ষীয়ে অৱশ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :FIR against WFI Chief : কি কি অভিযোগ আছে ব্ৰীজ ভূষণৰ বিৰুদ্ধে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.