নিউজ ডেস্ক, ২৭ জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতাসকলৰ মাজত বাকযুদ্ধ তীব্ৰগতিত চলি আছে ।
এই তিক্ত প্ৰতিদ্বন্দ্বিতা মুখ্যত সৃষ্টি হৈছে মণিপুৰৰ ঘটনাক কেন্দ্ৰ কৰি । যাৰ বাবে সংসদৰ ভিতৰে-বাহিৰে প্ৰধানমন্ত্ৰী মোদীক তীক্ষ্ণ বাক্যবাণেৰে থকাসৰকা কৰি আহিছে কংগ্ৰেছে । আনহাতে, আন কেতবোৰ বিষয়ৰ ওপৰতো কংগ্ৰেছে মোদীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । ইফালে কংগ্ৰেছে বৃহস্পতিবাৰে সংসদত দিয়া উত্তৰক লৈ কেন্দ্ৰক তীব্ৰ সমালোচনা কৰি কয় যে বিগত পাঁচ বছৰত কোনো নতুন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (Indian Institute of Technology, IIT) আৰু ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (Indian Institute of Management, IIM) মুকলি কৰা হোৱা নাই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইমান মিছা কিয় কয় ?
চৰকাৰক আক্ৰমণ কৰি কংগ্ৰেছে টুইট কৰে, "প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত কৈছিল- আজি ভাৰতত প্ৰতিবছৰে এখনকৈ নতুন আইআইটি আৰু নতুন আইআইএম প্ৰতিষ্ঠা কৰা হৈছে । এতিয়া চৰকাৰে ৰাজ্যসভাক কৈছে যে যোৱা ৫ বছৰত এখনো নতুন আইআইটি আৰু আইআইএম প্ৰতিষ্ঠা কৰা হোৱা নাই । প্ৰধানমন্ত্ৰী মোদীয়ে ইমান মিছা কথা কিয় কয় ?" উল্লেখ্য, ৰাজ্যসভাত শিক্ষা ৰাজ্যিক মন্ত্ৰী সুভাষ সৰকাৰে এক লিখিত উত্তৰত কয় যে বৰ্তমান দেশত ২৩ খন আইআইটি আৰু ২০ খন আইআইএমে কাম কৰি আছে । "বিগত পাঁচ বছৰত কোনো নতুন আইআইটি বা আইআইএম খোলা হোৱা নাই ।" চৰকাৰে এক প্ৰশ্নৰ উত্তৰত কয় ।
ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে 'ইণ্ডিয়া'ই দেশৰ প্ৰতি গুৰুত্ব নিদিয়ে । "ইণ্ডিয়া লেবেলৰ দ্বাৰা তেওঁলোকে তেওঁলোকৰ পুৰণি কাম, ইউপিএৰ কামবোৰ ঢাকি ৰাখিব বিচাৰে । যদি তেওঁলোকে সঁচাকৈয়ে ভাৰতৰ বিষয়ে চিন্তা কৰিছিল, তেন্তে তেওঁলোকে বিদেশীসকলক ভাৰতত হস্তক্ষেপ কৰিবলৈ ক'লেহেঁতেননে?... তেওঁলোকে এবাৰ 'ইন্দিৰা ইজ ইণ্ডিয়া, ইণ্ডিয়া ইজ ইন্দিৰা' শ্লোগান দিছিল । সেই সময়ত, তেওঁলোকক মানুহে উৎখাত কৰিছিল । অহংকাৰী লোকসকলে ইয়াৰ পুনৰাবৃত্তি কৰিছে । তেওঁলোকে কয় 'ইউপিএ হৈছে ভাৰত, ভাৰতেই হৈছে ইউপিএ' । মানুহে তেওঁলোকক আকৌ এবাৰ পূৰ্বৰ দৰে একেই ব্যৱহাৰ কৰিব...।"
লগতে পঢ়ক :PM Kisan Yojana : ৰাজস্থানত প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ চতুৰ্দশ কিস্তি প্ৰদান মোদীৰ