নিউজ ডেস্ক, ২ মে' : গুজৰাট হাইকোর্টৰ ৰায়ত লোকসভাৰ সাংসদ পদ পুনৰ ঘূৰাই পোৱাৰ আশাত সম্প্ৰতি চেঁচাপানী পৰিল কংগ্রেছ নেতা ৰাহুল গান্ধীৰ । তাৰ লগে লগে তেওঁ জে'ললৈ যোৱাৰ সম্ভাৱনাও থাকি গ'ল (Rahul Gandhi Modi surname case) । উল্লেখ্য, গুজৰাটৰ চুৰাট ন্যায়িক আদালত আৰু চুৰাট সত্ৰ আদালতে ৰাহুলক ‘অপৰাধমূলক মানহানিৰ’ গোচৰত দোষী সাব্যস্ত কৰি যি ২ বছৰৰ কাৰাদণ্ডৰ ৰায় দিছিল তাৰ ওপৰত অন্তৰ্ৱর্তীকালীন স্থগিতাদেশৰ আবেদন মঙলবাৰে নাকচ কৰে গুজৰাট উচ্চ ন্যায়ালৰ ন্যায়াধীশ হেমন্ত প্রচ্ছকে (Gujarat HC refuses Rahul Gandhi interim protection) ।
ন্যায়াধীশ প্ৰচ্ছকে জনাইছে, আগন্তুক গৰমৰ বন্ধ শেষ হোৱাৰ পিচতহে তেওঁ এই গোচৰৰ চূড়ান্ত ৰায়দান কৰিব । গুজৰাট হাইকোর্টৰ এই নির্দেশৰ ফলত সম্প্ৰতি কেৰালাৰ ৱায়ানাড়ৰ সাংসদ পদ ঘূৰাই নাপায় ৰাহুল গান্ধীয়ে । তাৰ মাজতে সংশয়ৰ সৃষ্টি হৈছে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্রতিদ্বন্দ্বিতা সন্দৰ্ভতো । অৱশ্যে চূড়ান্ত ৰায়দান পর্যন্ত স্থগিত থাকিল প্রাক্তন কংগ্রেছ সভাপতিগৰাকীৰ জে'লযাত্রাৰ সম্ভাৱনা (Rahul Gandhi plea refuses by Gujarat HC) ।
উল্লেখ্য, ২০১৯ চনৰ লোকসভা নিৰ্বাচনত প্রচাৰৰ সময়ত কৰ্ণাটকৰ কোলাৰত ‘মোডী’ উপাধিক লৈ আপত্তিকৰ মন্তব্য কাৰ দোষত যোৱা ২৩ মার্চত গুজৰাটৰ চুৰাট ন্যায়িক আদালতৰ ন্যায়াধীশ এইচ এইচ বার্মাই ২ বছৰ জে'লৰ শাস্তি দিছিল ৰাহুল গান্ধীক । বিজেপি বিধায়ক পূর্ণেশ মোডীয়ে দাখিল কৰা গোচৰৰ ভিত্তিতেই আছিল এই ৰায় । উক্ত ৰায়ৰ পিচতেই ২৪ মার্চত লোকসভাৰ অধ্য়ক্ষ ওম বিড়লাই ভাৰতীয় সংবিধানৰ ১০২(১)-ই অনুচ্ছেদ আৰু জনপ্রতিনিধিত্ব আইন (১৯৫১)-ৰ ৮(৩) নম্বৰ অনুচ্ছেদ অনুযায়ী ৰাহুলৰ সাংসদ পদ খাৰিজ কৰিছিল (Gujarat HC reserves Rahul Gandhi verdict) ।
আনহাতে, ৰাহুল গান্ধীয়ে তেওঁক দোষী ঘোষণা আৰু প্ৰদান কৰা শাস্তিৰ ওপৰত স্থগিতাদেশ বিচাৰি যোৱা ৩ এপ্রিলত চুৰাটৰেই সত্ৰ আদালতত আবেদন কৰিছিল । কিন্তু বিগত ২০ এপ্রিলত অতিৰিক্ত সত্ৰ ন্যায়াধীশ আৰ পি মোগেৰাই প্রাক্তন কংগ্রেছ সভাপতিগৰাকীৰ উক্ত আবেদন নাকচ কৰে । ইয়াৰ পিচতে উপাধি মন্তব্যত দোষী ঘোষণা আৰু শাস্তি কার্যকৰীকৰণৰ বাবে চুৰাট সত্ৰ আদালতৰ নির্দেশৰ ওপৰত স্থগিতাদেশ বিচাৰি মঙলবাৰে গুজৰাট হাইকোর্টত আবেদন জনাইছিল ৰাহুল গান্ধীয়ে (Gujarat High Court on Rahul Gandhi plea) ।
লগতে পঢ়ক : Karnataka assembly election: জিন্না থকা হ’লেও বজৰং দলক নিষিদ্ধ কৰাৰ সাহস নকৰিলেহেঁতেন; ড৹ শৰ্মা