ETV Bharat / bharat

নিয়মীয়া যোগাযোগ ৰক্ষাত সন্মতি মোডী-ৰাজাপাক্সাৰ

author img

By

Published : Mar 13, 2021, 9:12 PM IST

শনিবাৰে নিয়মীয়া দ্বিপাক্ষিক যোগাযোগ ৰক্ষাত সন্মতি প্ৰদান কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গ'টাবায়া ৰাজাপাক্সাই । টেলিফোনিক বাৰ্তালাপ যোগে দ্বি-পাক্ষিক আৰু বহুপাক্ষিক মঞ্চত দুয়োখন দেশৰ মাজত চলি থকা সহযোগিতা আৰু সামগ্ৰিক উন্নয়ন সন্দৰ্ভত পৰ্যালোচনা কৰে শীৰ্ষ নেতা দুগৰাকীয়ে ।

নিয়মীয়া যোগাযোগ ৰক্ষাত সন্মতি মোডী-ৰাজাপাস্কাৰ

নেশ্যনেল ডেস্ক, ১৩ মাৰ্চ: সমগ্ৰ বিশ্বতে COVID-১৯ মহামাৰীয়ে সংকটৰ সৃষ্টি কৰাৰ সময়ত নিয়মীয়া যোগাযোগ অব্যাহত ৰাখিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গ'টাবায়া ৰাজাপাক্সাই শনিবাৰে নিয়মীয়া দ্বি-পাক্ষিক যোগাযোগ ৰক্ষাত সন্মতি প্ৰদান কৰে । ভাৰতৰ 'চুবুৰীয়া প্ৰথম নীতি'ৰ প্ৰতি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে শ্ৰীলংকাৰ সৈতে নিয়মীয়া যোগাযোগ ৰক্ষা কৰিবলৈ সন্মত হৈছে ।

ভাৰতৰ পৰা শ্ৰীলংকালৈ পঠাবলগীয়া ৰে'লৰ ১৬০ টা দবাৰ ভিতৰত ১০ টা যাত্ৰীবাহী দবা শ্ৰীলংকাই লাভ কৰাৰ পিছতে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গ'টাবায়া ৰাজাপাক্সাৰ মাজত বাৰ্তালাপ হয় । চলিত সপ্তাহৰ আৰম্ভণিতে শ্ৰীলংকাৰ ভাৰতীয় উচ্চায়ুক্ত গোপাল বাগলেই ৰামসেঁতু ভ্ৰমণ কৰিছিল আৰু মহা শিৱৰাত্ৰি উপলক্ষে সেৱা জনাইছিল ।

বিষয়াজনে ভাৰত আৰু লংকাৰ জন সাধাৰণৰ মাজৰ সম্বন্ধ শক্তিশালী কৰাৰ বাবে প্ৰাৰ্থনা কৰে ৷ দুয়ো দেশৰ বহু বছৰ পুৰণি সম্পৰ্ক আৰু এই সংযোগ সৃষ্টিত ঐতিহাসিক গাঁথনিৰ ভূমিকাৰ বিষয়ে স্মৰণ কৰে ।

লগতে পঢ়ক: এণ্টিলিয়া কাণ্ড: তিহাৰ কাৰাগাৰত উপস্থিত এচআইটিৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.