ETV Bharat / bharat

Modi Speech in Rajya Sabha : যিমানেই বোকা চটিয়াব, সিমানেই পদুম ফুলিব: প্ৰধানমন্ত্ৰী

author img

By

Published : Feb 9, 2023, 8:22 PM IST

"মোডী-আদানি ভাই-ভাই" শ্ল’গানেৰে বৃহস্পতিবাৰে উত্তাল হ’ল উচ্চ সদন ৷ প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়তে বিৰোধীয়ে উত্তাল কৰি তুলিলে ৰাজ্যসভাৰ মজিয়া (Rajya Sabha Session)৷ প্ৰত্যত্তৰত প্ৰধানমন্ত্ৰীৰ মন্তব্য- ‘‘যিমানেই বোকা চটিয়াব সিমানেই পদুম ফুলিব ৷’’

Modi Speech in Rajya Sabha
যিমানেই বোকা চটিয়াব, সিমানেই পদুম ফুলিব : প্ৰধানমন্ত্ৰী

নিউজ ডেস্ক, 9 ফেব্ৰুৱাৰী : বিৰোধীৰ তীব্ৰ শ্ল’গানৰ মাজেৰে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যসভাত (Budget Session of Parliament) ৰাষ্ট্ৰপতি ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে (PM Modi Replies To Presidents Address)৷ প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণৰ সময়ত বিৰোধীয়ে "মোডী-আদানি ভাই-ভাই" শ্ল’গানেৰে উচ্চ সদন উত্তাল কৰি তোলে ৷

বিৰোধীৰ এই শ্ল’গানৰ প্ৰত্যত্তৰ দি প্ৰধানমন্ত্ৰী মোডীয়ে (PM Narendra Modi) কয় যে যিমানেই বোকা চটিয়াব সিমানেই পদুম ফুলিব ৷ বিৰোধী সদস্যসকলৰ শ্ল’গানৰ পাচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, ‘‘কিছু সংখ্যক সাংসদে সদনক বদনামী কৰিছে ৷’’ এই গৌৰৱময় সদনৰ কিছু লোকৰ মনোভাৱ আৰু তেওঁলোকৰ ভাষণে দেশবাসীক হতাশ কৰিছে বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

কিছু লোকৰ হাতত কেৱল বোকা আছে বুলি মন্তব্য কৰি মোডীয়ে কয় যে তেওঁৰ হাতত ৰং আছে ৷ যাৰ হাতত যি আছে সেয়াই চটিয়াই আছে বুলি বিৰোধীক প্ৰত্যুত্তৰ দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয়, ‘‘আপুনি যিমানে লেতেৰা নিক্ষেপ কৰিব, পদুম সিমানেই অধিক ফুলিব ৷’’

‘‘গতিকে, পদুম ফুলাত আপোনালোক সকলোৰে ভূমিকা আছে আৰু মই ভাবো সকলোবোৰ সেই বাবেই সম্ভৱ হৈছে ৷’’ প্ৰধানমন্ত্ৰী মোডীয়ে এইদৰেও কয় (Modi replies to Motion of Thanks)৷

লগতে পঢ়ক: Rahul Gandhi on Modi speech: গৌতম আদানিক প্ৰধানমন্ত্ৰীয়ে সুৰক্ষা প্ৰদান কৰিছে: ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.