নেশ্যনেল ডেস্ক, ১৫ জুলাই : ৰামায়ণৰ চৰিত্ৰ কুম্ভকৰ্ণ(Kumbhkaran)ৰ বিষয়ে নজনা মানুহ খুব কমেই ওলাব । ৰাৱণৰ ভাতৃ কুম্ভকৰ্ণই একেৰাহে ছমাহ পৰ্যন্ত শুইছিল । কিন্তু এইবাৰ কুম্ভকৰ্ণক চেৰ পেলালে ৰাজস্থানৰ এজন লোকে । ৰাজস্থানৰ ভড়ৱা গাঁও নিবাসী পুৰ্খাৰাম(Purkharam) নামৰ ৪২ বছৰীয়া লোকজনে বছৰৰ ৩০০ দিনে থাকে নিদ্ৰাদেৱীৰ কোলাত ।
দৰাচলতে পুৰ্খাৰাম এক্সিছ হাইপাৰচমনিয়া(Axis Hypersomnia) ৰোগত আক্ৰান্ত । এবাৰ বিচনাত পৰিলে মাহৰ ২৫ দিন শুয়েই কটাই দিয়ে এই লোকজনে । এই হিচাপত বছৰটোৰ ৩০০ দিনেই নিদ্ৰামগ্ন হৈ থাকে পুৰ্খাৰাম । আচৰিত যেন লাগিলেও খোৱা, স্নান কৰা সকলো তেওঁ টোপনিত থকা অৱস্থাতে সম্পন্ন হয় ।
এয়া ৪২ বছৰীয়া পুৰ্খাৰামৰ জীৱনশৈলী হৈ পৰিছে ।
সেয়ে সকলোৱে আধুনিক যুগৰ কুম্ভকৰ্ণ আখ্যা দিছে ব্যক্তিগৰাকীক । তেওঁ মাহত ৫ দিনৰ বাবে সাৰে থাকে । নিজ গাঁৱতে তেওঁৰ এখন সৰু গেলামালৰ বিপণী আছে । কেতিয়াবা আনকি দোকানত কাম কৰি থকা অৱস্থাতে তেওঁক টোপনিয়ে হেঁচা মাৰি ধৰে ।
২৩ বছৰ ধৰি এনেদৰে কুম্ভকৰ্ণৰ দৰে জীৱন কটাইছে ৪২ বছৰীয়া লোকজনে । আৰম্ভণিতে তেওঁ ৫-৭ দিন পৰ্যন্ত শুইছিল । এবাৰ শুলে তেওঁক জগোৱাটো পৰিয়ালৰ সদস্যৰ বাবে আটাইতকৈ কঠিন কাম হৈ পৰিছিল ।
সেই সময়ত চিকিৎসকসকলেও তেওঁৰ চিকিৎসা কৰিব পৰা নাছিল । ২০১৫ চনলৈ তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটিবলৈ ধৰে আৰু টোপনিৰ সময় বৃদ্ধি পায় ৷ এমাহত ২৫ দিন পৰ্যন্ত শোৱে ব্যক্তিগৰাকীয়ে । পুৰ্খাৰামে তেওঁৰ ৰোগৰ বিষয়ে আগতীয়াকৈ জানিছিল, কিয়নো প্ৰথমে তেওঁৰ মূৰৰ বিষ আৰম্ভ হৈছিল ।
তাৰ পিছত তেওঁক জগাই তোলা কঠিন হৈ পৰে । তেওঁ টোপনিত থকা সময়ত পৰিয়ালৰ লোকে খাদ্যৰ যোগান ধৰে । লগতে স্নান কৰাকে ধৰি তেওঁৰ ব্যক্তিগত পৰিচ্ছন্নতাৰো যত্ন লয় । এতিয়ালৈকে এই টোপনি যোৱাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে কোনো চিকিৎসা কৰা হোৱা নাই ।
কিয়নো ইয়াৰ বাবে চিকিৎসকেও চিকিৎসা আগবঢ়াব পৰা নাই । পুৰ্খাৰামৰ মাতৃ কানভাৰী দেৱী আৰু পত্নী লিছমী দেৱীয়ে তেওঁ সোনকালেই সুস্থ হৈ উঠিব আৰু সাধাৰণ মানুহৰ দৰে জীৱন-যাপন কৰিব বুলি আশা প্ৰকাশ কৰিছে । এই পৰ্যন্ত বিশ্বত কেৱল কেইজনমান লোকহে এই ৰোগত আক্ৰান্ত হৈছে । এক্সিছ হাইপাৰচমনিয়া(Axis Hypersomnia) হৈছে অধিক সময় ধৰি টোপনি যোৱা এক স্নায়ৱিক বিকাৰ ।
আমেৰিকান একাডেমী অৱ শ্লীপ মেডিচিনৰ মতে, হাইপাৰচমনিয়াত আক্ৰান্ত ৰোগীসকলে দিনটোৰ অধিকাংশ সময় শুই থাকে । গৱেষকৰ মতে এনে ৰোগীৰ ক্ষেত্ৰত টোপনি সাধাৰণ সময়তকৈ অধিক সঘনাই আৰু দীঘলীয়া সময় ধৰি হয় । ৭৫% ৰোগীয়ে জনাইছে যে, কম সময়ৰ বাবে অহা টোপনিত তেওঁলোকে সতেজ অনুভৱ নকৰে ।