ETV Bharat / bharat

phones recovered in Faridkot Jail: ফৰিদকোটৰ কাৰাগাৰত উদ্ধাৰ বহুসংখ্যক ম'বাইল ফোন - touch screen mobile

ফৰিদকোটৰ কেন্দ্ৰীয় আধুনিক কাৰাগাৰত ম'বাইল ফোন উদ্ধাৰ । এই সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত । পঞ্জাৱৰ কাৰাগাৰ মন্ত্ৰীয়ে (Prison Minister of Punjab) বিগত সময়ত কাৰাগাৰৰ ভিতৰত ম'বাইল ফোন উদ্ধাৰ হোৱা নাই বুলি দাবী কৰিলেও এই ঘটনাৰ পিছতেই আৰম্ভ হৈছে প্ৰতিক্ৰিয়া ।

phones recovered in Faridkot Jail
ফৰিদকোটৰ কাৰাগাৰত উদ্ধাৰ ম'বাইল ফোন
author img

By

Published : Oct 26, 2022, 1:51 PM IST

নেশ্য়নেল ডেস্ক, ২৬অক্টোবৰ: পঞ্জাৱৰ কাৰাগাৰৰ ভিতৰত ম'বাইল ফোন উদ্ধাৰৰ (mobile phones found inside jails of Punjab) ঘটনা সঘনাই সংঘটিত হৈ আহিছে । ফৰিদকোটৰ কেন্দ্ৰীয় আধুনিক কাৰাগাৰতে একেধৰণৰ (Central Modern Jail in Faridkot) ঘটনা পোহৰলৈ আহাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই ঘটনাটোৰ পিছতেই আৰক্ষীৰ নিৰাপত্তাক লৈ বিভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰিছে ।

সূত্ৰ অনুসৰি কাৰাগাৰত বন্দীসকলৰ পৰা ৯ টা ম'বাইল ফোন উদ্ধাৰ কৰা হৈছে । কাৰাগাৰৰ বিভিন্ন বেৰেকত কৰা অভিযানৰ সময়ত এই ম'বাইল ফোনকেইটা উদ্ধাৰ হৈছে । ইপিনে,পঞ্জাৱৰ কাৰাগাৰ মন্ত্ৰীয়ে (Prison Minister of Punjab) বিগত সময়ত কাৰাগাৰৰ ভিতৰত ম'বাইল ফোন উদ্ধাৰ হোৱা নাই বুলি দাবী কৰিলেও এই ঘটনাৰ পিছত তেওঁ কৰা দাবী ভুল বুলি প্ৰমাণিত হৈছে ।

উদ্ধাৰ হোৱা ম'বাইলসমূহৰ ভিতৰত আছে ২টা টাচ স্ক্ৰীণ (Touch screen mobile) আৰু ৭ টা কীপেড ম'বাইল ফোন (keypad mobile phone) । এই কেইটাৰ ভিতৰত ৬ টা বিভিন্ন কয়দীৰ পৰা উদ্ধাৰ কৰা হৈছে । আনহাতে, ৩ টা মোবাইল কয়দীৰ অৱস্থানৰ পৰা আঁতৰত পোৱা গৈছিল । ইয়াৰ পিছতেই এই সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি গোচৰটোৰ পৰৱৰ্তী প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

লগতে পঢ়ক:Indian jailed in Pakistan returns to India: দীপাৱলীৰ দিনাই ঘৰলৈ উভতিল ১৭ বছৰে পাকিস্তানত কাৰাবন্দী এজন ভাৰতীয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.