ETV Bharat / bharat

নিজ দেশৰ নাগৰিকক ভাৰতৰ পৰা ঘূৰাই পঠিওৱাৰ আহ্বান ম্যানমাৰৰ - নিজ দেশৰ নাগৰিক

অবৈধভাৱে মিজোৰামত প্ৰৱেশ কৰা ম্যানমাৰৰ নাগৰিকক ম্যানমাৰলৈ প্ৰত্যাৱৰ্তনৰ বাবে আহ্বান জনালে ম্যানমাৰৰ ফালাম জিলাৰ উপায়ুক্তই । মিজোৰামৰ চম্ফাই জিলাৰ উপায়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰি ফালাম জিলাৰ উপায়ুক্তই এই আহ্বান জনাইছে । শনিবাৰে এই কথা নিশ্চিত কৰিলে চম্ফাই জিলাৰ উপায়ুক্ত মাৰিয়া চি টি জুৱালিয়ে ।

ম্যানমাৰৰ ৮ গৰাকী নাগৰিকক ম্যানমাৰলৈ প্ৰত্যাৱৰ্তনৰ বাবে আহ্বান

author img

By

Published : Mar 6, 2021, 8:25 PM IST

নেশ্যনেল ডেস্ক, ৬ মাৰ্চ: ম্যানমাৰৰ ৮ গৰাকী নাগৰিকে মিজোৰামত প্ৰৱেশ কৰাক লৈ শেহতীয়াকৈ ম্যানমাৰৰ ফালাম জিলাৰ উপায়ুক্তই মিজোৰামৰ চম্ফাই জিলাৰ উপায়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে । এই পত্ৰৰ জৰিয়তে ম্যানমাৰৰ নাগৰিককেইজনক আটক কৰি ম্যানমাৰলৈ উভতাই পঠিয়াবলৈ আহ্বান জনোৱা হৈছে ।

ম্যানমাৰ চৰকাৰে লাভ কৰা তথ্য অনুসৰি, ম্যানমাৰ আৰক্ষী বাহিনীৰ ৮ জন আৰক্ষী বিষয়াই ভাৰতত প্ৰৱেশ কৰিছিল আৰু ইয়াৰে ৪ জন আৰক্ষী বিষয়াই মিজোৰামৰ ৰাজধানী আইজলত আৰু আন ৪ জনে চম্ফাই জিলাত আশ্ৰয় লৈ আছে । চম্ফাই জিলাত আশ্ৰয় লৈ থকা চাৰিওজন নাগৰিককে ম্যানমাৰলৈ উভতাই পঠিয়াবলৈ অনুৰোধ কৰিছে ম্যানমাৰ চৰকাৰে ।

ম্যানমাৰৰ ৮ গৰাকী নাগৰিকক ম্যানমাৰলৈ প্ৰত্যাৱৰ্তনৰ বাবে আহ্বান
ম্যানমাৰৰ ৮ গৰাকী নাগৰিকক ম্যানমাৰলৈ প্ৰত্যাৱৰ্তনৰ বাবে আহ্বান

চম্ফাই জিলাৰ উপায়ুক্ত মাৰিয়া চি টি জুৱালিয়ে নিশ্চিত কৰিছে যে, যোৱা ২৮ ফেব্ৰুৱাৰীত ম্যানমাৰৰ চাৰিজন নাগৰিকে মিজোৰামত প্ৰৱেশ কৰি চম্ফাই যুৱ মিজো সন্থাক আশ্ৰয় দিবলৈ অনুৰোধ জনাইছিল আৰু তেওঁলোকক আশ্ৰয় দিয়া হৈছিল । এই শৰণাৰ্থীসকল ম্যানমাৰ আৰক্ষী বাহিনীৰ নে তেওঁলোক সাধাৰণ নাগৰিক সেই কথা উপায়ুক্তগৰাকীয়ে নিশ্চিত কৰা নাই ।

আন এক সূত্ৰই প্ৰকাশ কৰিছে যে, ম্যানমাৰৰ ৪৮ জনৰো অধিক নাগৰিকে মিজোৰামৰ তিনিখন জিলাত আশ্ৰয় লৈছে আৰু আন ৮০ জনৰো অধিক নাগৰিকে সুৰক্ষা বিচাৰি ভাৰতৰ ভিতৰত প্ৰৱেশ কৰিবলৈ ম্যানমাৰ সীমান্তত অপেক্ষা কৰি আছে । লক্ষণীয়ভাৱে, চৰকাৰী বিষয়াসকলে এই বিষয় সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃত্তি দিয়া নাই ।

লগতে পঢ়ক:'কাট, কপি, পেষ্ট': উচ্চ ন্যায়ালয়ক সমালোচনা উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.