ETV Bharat / bharat

ছেৰছিপৰ উপ-নিৰ্বাচনৰ দিন সলনি কৰিবলৈ নিৰ্বাচনী আয়োগক আহ্বান মুখ্যমন্ত্ৰীৰ - উপ-নিৰ্বাচনৰ দিন

মিজোৰামৰ ছেৰছিপ বিধানসভা সমষ্টিৰ বাবে নিৰ্ধাৰিত কৰা উপ-নিৰ্বাচনৰ দিন সলনি কৰিবলৈ ভাৰতীয় নিৰ্বাচনী আয়োগক আহ্বান জনালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জ'ৰামথাংগাই । উক্ত সমষ্টিত অহা ১৭ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ কথা আছে ।

ছেৰছিপৰ উপ-নিৰ্বাচনৰ দিন সলনি কৰিবলৈ নিৰ্বাচনী আয়োগক আহ্বান মুখ্যমন্ত্ৰীৰ

author img

By

Published : Mar 20, 2021, 1:16 PM IST

নেশ্যনেল ডেস্ক, ২০ মাৰ্চ: মিজোৰামৰ ছেৰছিপ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰী জ'ৰামথাংগাই ভাৰতীয় নিৰ্বাচনী আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল অৰোৰালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে । ছেৰছিপ বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে অহা ১৭ এপ্ৰিলৰ দিনটো ধাৰ্য কৰা হৈছে । কিন্তু এই দিনটো ছেভেনথ ডে এডভেন্টিষ্ট খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ বাবে পৱিত্ৰ দিন ।

সেয়ে, মুখ্যমন্ত্ৰীগৰাকীয়ে ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ দিনটো সলনি কৰিবলৈ এক পত্ৰযোগে নিৰ্বাচনী আয়োগক আহ্বান জনাইছে । তেওঁ পত্ৰত উল্লেখ কৰিছে যে, এই দিনটোত ছেৰছিপ বিধানসভা সমষ্টিৰ ভোটাৰে ভোটদান কৰাৰ ক্ষেত্ৰত অসুবিধা আহি পৰিব । সেয়ে, ১৬ এপ্ৰিল অৰ্থাৎ শুক্ৰবাৰে ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰী জ'ৰামথাংগাই ভাৰতীয় নিৰ্বাচনী আয়োগক অনুৰোধ কৰে, যাতে সকলো নাগৰিকে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে ।

ছেৰছিপৰ উপ-নিৰ্বাচনৰ দিন সলনি কৰিবলৈ নিৰ্বাচনী আয়োগক আহ্বান মুখ্যমন্ত্ৰীৰ
ছেৰছিপৰ উপ-নিৰ্বাচনৰ দিন সলনি কৰিবলৈ নিৰ্বাচনী আয়োগক আহ্বান মুখ্যমন্ত্ৰীৰ

আনহাতে, ভোটগণনাৰ অহা ২ মে'ত সম্পন্ন হ'ব বুলি নিৰ্বাচনী আয়োগকে জনাইছে যদিও এই দিনটো দেওবাৰ হোৱা বাবে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ বাবে অসুবিধাৰ সৃষ্টি হৈছে । কিয়নো, দেওবাৰে বেছি সংখ্যক খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে উপাসনাৰ বাবে গীৰ্জালৈ যায় । মুখ্যমন্ত্ৰীয়ে ভোটগণনাৰ তাৰিখ সলনি কৰিবলৈও আয়োগক আহ্বান জনায় ।

মিজোৰাম প্ৰদেশ বিজেপি আৰু মিজোৰাম প্ৰদেশ কংগ্ৰেছ সমিতিৰ দৰে মুখ্য ৰাজনৈতিক দলবোৰেও ভাৰতীয় নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰি ভোটগ্ৰহণ আৰু গণনাৰ দিন সলনি কৰিবলৈ অনুৰোধ কৰিছে । লগতে ছেভেনথ ডে এডভেন্টিষ্ট গীৰ্জাৰ মিজো সন্মিলনীয়েও এই সন্দৰ্ভত নিৰ্বাচনী আয়োগলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক:ৱাছিম ৰিজৱিক গ্ৰেপ্তাৰৰ দাবীৰে অমিত শ্বাহলৈ পত্ৰ ছিয়া পৰিষদৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.