ETV Bharat / bharat

উত্তৰ প্ৰদেশ নিৰ্বাচন: কংগ্ৰেছৰ BJP Gaddi Chhodo শীৰ্ষক পদযাত্ৰা - BJP Gaddi Chhodo

2022ৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ(UP election 2022) বাবে কংগ্ৰেছে ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰস্তুতি ৷ বিজেপিক পৰাভূত কৰাৰ উদ্দেশ্যে এতিয়াৰে পৰা দলটোৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ ৷ সেই অনুসৰি বৰ্ধিত মুদ্ৰাস্ফিতী, নিবনুৱা সমস্যা, কৃষকৰ দুৰ্দশা আৰু আইন-শৃংখলাৰ অৱনতি আদি বিষয়সমূহক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে পদযাত্ৰা কৰিবলৈ সাজু হৈছে কংগ্ৰেছ ৷

Congress to hold march in every assembly constituency

author img

By

Published : Aug 9, 2021, 12:41 PM IST

নেশ্যনেল ডেস্ক, 9 আগষ্ট: 2022ৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ(UP election 2022) বাবে চলোৱা প্ৰস্তুতিৰ অংশ হিচাপে বিজেপি চৰকাৰৰ বিৰুদ্ধে পদযাত্ৰা কৰিবলৈ সাজু হৈছে কংগ্ৰেছ ৷ সেই অনুসৰি কংগ্ৰেছে 9 আৰু 10 আগষ্টত উত্তৰ প্ৰদেশৰ প্ৰতিটো বিধানসভা সমষ্টিত পদযাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ মূলতঃ বৰ্ধিত মুদ্ৰাস্ফিতী, নিবনুৱা সমস্যা, কৃষকৰ দুৰ্দশা আৰু আইন-শৃংখলাৰ অৱনতি আদি বিষয়ৰ বিৰুদ্ধে মাত মাতিবলৈ কংগ্ৰেছে এই কাৰ্যসূচী গ্ৰহণ কৰিছে ৷

কংগ্ৰেছৰ এক শীৰ্ষ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্যখনৰ মুঠ 403টা বিধানসভা সমষ্টিৰ প্ৰতিটোতে কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিব ৷ জানিব পৰা মতে, এই আন্দোলনত ৰাজ্যিক পৰ্যায়ৰ নেতাসকলৰ লগতে ন্যায় পঞ্চায়তৰ(Nyaya Panchayat) কাৰ্যালয়ৰ বিষয়াসকলক বেলেগ বেলেগ দায়িত্ব প্ৰদান কৰা হৈছে ৷ পদযাত্ৰাক সাফল্যমণ্ডিত কৰিবৰ বাবে 400 নেতাক দায়িত্ব প্ৰদান কৰা হৈছে ৷ ইয়াৰ লগতে বিধানসভা নিৰ্বাচনৰ বাবে সাম্ভাৱ্য প্ৰতিদ্বন্দ্বী সকলকো আন্দোলনটো সফল কৰাত সৰ্বশক্তি প্ৰয়োগ কৰাৰ বাবে আহ্বান জনোৱা হৈছে ৷

উল্লেখ্য যে, প্ৰতিটো বিধানসভা সমষ্টিৰ মুখ্য বজাৰৰ পৰা পাঁচ কিল'মিটাৰ দূৰত্বলৈ এই 'BJP Gaddi Chhodo' শীৰ্ষক পদযাত্ৰা চলিব ৷ প্ৰাপ্ত খবৰ অনুসৰি, উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ সাংগঠনিক প্ৰক্ৰিয়া ইয়াৰ অন্তিম পৰ্যায়ত আছে ৷ নৱনিযুক্ত ব্লক সভাপতিসকলে ৰাজ্যখনৰ 823টা ব্লকৰ প্ৰতিটোতে 25জনীয়া সদস্যৰ সমিতি গঠন কৰিছে ৷ সেই অনুসৰি এই block level functionariesৰ মুঠ সংখ্যা হ'ল 20,575 ৷

ইয়াৰ লগে লগে উত্তৰ প্ৰদেশ কংগ্ৰেছে ৮১৩৪ জন ন্যায় পঞ্চায়তৰ সভাপতি নিযুক্তিৰ লক্ষ্য পূৰণ কৰিছে ৷ সূত্ৰই জানিবলৈ দিয়া মতে, ২১ জনীয়া ন্যায় পঞ্চায়ত সমিতিৰ গঠন প্ৰায় সম্পূৰ্ণ হৈছে ৷

লগতে পঢ়ক: উত্তৰ প্ৰদেশ নিৰ্বাচন: অযোধ্যাত 'ব্ৰাহ্মণ সন্মিলন'ৰ আয়োজন BSPৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.