নেশ্যনেল ডেস্ক, 14 জানুৱাৰী: 11 জানুৱাৰীৰ পৰা সন্ধানহীন হৈ থকা ওডিশাৰ এগৰাকী 26 বছৰীয়া মহিলা ক্ৰিকেটাৰৰ মৃতদেহ উদ্ধাৰ(Odisha female cricketer dead body recovered) ৷ আথাগড় অঞ্চলৰ গুৰুদিঝাটিয়া নামৰ এখন ঘন অৰণ্যত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হয় ৰাজশ্ৰী সোৱেইন নামৰ ক্ৰিকেটাৰগৰাকীৰ মৃতদেহ ৷ মৃতদেহৰ কাষত আৰক্ষীয়ে পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰিছে ৰাজশ্ৰীয়ে ব্যৱহাৰ কৰা স্কুটীখন(Odisha cricketer dead body found)৷
উল্লেখ্য যে, ওডিশাৰ পুৰী জিলাৰ বাসিন্দা আছিল ক্ৰিকেটাৰ ৰাজশ্ৰী সোৱেইন(Rajashree Swain) ৷ পুডুচেৰিত অনুষ্ঠিত হ’ব লগা ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে ওডিশা ক্ৰিকেট সন্থাই(Odisha Cricket Association) আয়োজন কৰা প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণৰ বাবে ওডিশাৰ কটক জিলাত উপস্থিত আছিল ৰাজশ্ৰী ৷ অৱশ্যে ওডিশাৰ 16জনীয়া দলটোত স্থান লাভ কৰা নাছিল ৰাজশ্ৰীয়ে ৷
ৰাজশ্ৰীৰ সহযোগী ক্ৰিকেটাৰে আৰক্ষীক অৱগত কৰা তথ্য অনুসৰি বুধবাৰে ওডিশাৰ দলটোৰ নাম ঘোষণা কৰাৰ পিছত ৰাজশ্ৰীক কান্দি থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল ৷ কিন্তু তাৰ পিচতেই হোটেলৰ পৰা হঠাৎ সন্ধানহীন হৈছিল ৰাজশ্ৰী ৷ ফোন যোগে ৰাজশ্ৰীক যোগাযোগ কৰাত ব্যৰ্থ হোৱাত লগে লগেই স্থানীয় মংগলবাগ আৰক্ষী থানাত ৰাজশ্ৰী সন্ধানহীন হোৱাৰ কথা লিখিত ৰূপত অৱগত কৰিছিল ক্ৰিকেট দলটোৰ প্ৰশিক্ষকে ৷
কিন্তু শুকুৰবাবে ৰাজশ্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই সৃষ্টি হৈছে চাঞ্চল্যৰ(Missing female cricketer found dead in forest) ৷ উল্লেখ্য যে, এগৰাকী ফাষ্ট বলাৰ আছিল ৰাজশ্ৰী ৷ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি ৰাজশ্ৰীক হত্যা কৰা হৈছে ৷ কাৰণ ৰাজশ্ৰীৰ দেহত আঘাতৰ চিন স্পষ্ট ৷ অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিচতহে পোহৰলৈ আহিব ৰাজশ্ৰীৰ মৃত্যুৰ প্ৰকৃত কাৰণ ৷
ইফালে, ৰাজশ্ৰীয়ে ভাল প্ৰদৰ্শন কৰাৰ পিচতো দলত স্থান নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ ৰাজশ্ৰীৰ পৰিয়ালৰ এই অভিযোগক নস্যাৎ কৰিছে ওডিশা ক্ৰিকেট সন্থাই ৷ কিন্তু কিদৰে ৰাজশ্ৰীৰ মৃত্যু হ’ল সেয়া সোমাই পৰিছে ৰহস্যৰ আৱৰ্তত ৷ আৰক্ষীৰ উচিত তদন্তৰ পিছতহে পোহৰলৈ আহিব এয়া আত্মহত্যা নে এক পৰিকল্পিত হত্য়া ৷
লগতে পঢ়ক: Fake bomb call to Delhi IGI : প্ৰেমিকাৰ বাবেই বিমানবন্দৰলৈ কৰিছিল ভুৱা ফোন, গ্ৰেপ্তাৰ যুৱক