নিউজ ডেস্ক, 6 মে' : মণিপুৰৰ হিংসাৰ জুই এইবাৰ ব্যাপ্ত হ'ল দিল্লীলৈকে (Manipur violence) । দিল্লীত অনুভূত হৈছে মণিপুৰৰ দাবানলৰ উত্তাপ । কেৱল সিমানেই নহয়, অগ্নিগৰ্ভা মণিপুৰৰ হিংসাৰ জুইৰ ফিৰঙতি ছিটিকি পৰিছে ৰাজধানীত । তাৰেই পৰিপ্ৰেক্ষিতত মণিপুৰৰ লোকসকলে শুকুৰবাৰে উত্তৰ-পশ্চিম দিল্লীৰ মুখাৰ্জী নগৰ আৰক্ষী চকীত ধৰ্ণা দি অভিযোগ কৰে যে তেওঁলোকক বিগত নিশা মণিপুৰৰ আন এটা সম্প্ৰদায়ৰ লোকে আক্ৰমণ কৰিছিল (Manipuri people assault in Delhi) ।
উল্লেখ্য, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰ বৰ্তমান হিংসাত্মক ঘটনাত উত্তাল হৈ আছে । এই সংঘৰ্ষত কেইবাজনো লোকৰ মৃত্যু হৈছে । উক্ত সংঘৰ্ষত আক্ৰান্তসকলৰ বাবে দিল্লীৰ বিজয় নগৰত এখন প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হৈছিল । তাত মণিপুৰৰ সংঘৰ্ষ পীড়িতসকলৰ বাবে প্ৰাৰ্থনা কৰা হৈছিল (prayer for manipur victims in Delhi) ।
ভুক্তভোগীয়ে প্ৰকাশ কৰা মতে, উক্ত প্ৰাৰ্থনা সভাৰ সমাপ্তিৰ পিছত দুজন যুৱকে কেইগৰাকীমান যুৱতীক তেওঁলোকৰ ঘৰলৈ আগবঢ়াই দিবলৈ গৈ আছিল । সেই সময়তে 25-30 জনীয়া যুৱকৰ এটা দলে তেওঁলোকৰ পথ অৱৰোধ কৰে (Manipuri youth assulted in Delhi) । ভুক্তভোগী যুৱকগৰাকীয়ে জনোৱা মতে, উক্ত যুৱকৰ দলটোৱে তেওঁৰ পৰিচয়-পত্ৰ বিচাৰে । কিন্তু ভুক্তভোগীয়ে পৰিচয়-পত্ৰ নেদেখুওৱাৰ বাবে তেওঁক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে (assault with people of manipur in mukherjee nagar) ।
অভিযুক্ত যুৱককেইজনে যুৱতীকেইগৰাকীৰ সৈতেও দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ । যাৰ ফলত তেওঁলোকৰ কেইগৰাকীমান সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় । ভুক্তভোগীৰ মতে, অভিযুক্তসকল মণিপুৰৰ মেইটেই সম্প্ৰদায়ৰ যুৱক আছিল । আক্ৰমণৰ সময়ত তেওঁলোকে বাৰে বাৰে কৈ আছিল যে মণিপুৰত মেইটেইসকলৰ ওপৰত যেনেধৰণৰ অত্যাচাৰ চলোৱা হৈছে তেনেধৰণৰ অত্যাচাৰ তেওঁলোকৰ ওপৰত দিল্লীত চলাব ।
ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হৈছে । আনহাতে, অভিযোগ লাভ কৰি আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে অভিযুক্তসকলে তাৰপৰা পলায়ন কৰে । ইয়াৰ পিছত ভুক্তভোগীয়ে মুখাৰ্জী নগৰ আৰক্ষী থানাত এই সন্দৰ্ভত এক লিখিত অভিযোগ দাখিল কৰে । উত্তৰ-পশ্চিম জিলা আৰক্ষীয়ে সমগ্ৰ বিষয়টো তদন্ত কৰি আছে । অভিযুক্তসকলক চিনাক্ত কৰিবলৈ চিচিটিভি ফুটেজো পৰীক্ষা কৰা হৈছে ।
লগতে পঢ়ক :Manipur latest news : প্ৰাণৰ মমতাত অসমত অৱস্থান সহস্ৰাধিক মণিপুৰীৰ