নিউজ ডেস্ক, ১৬ আগষ্ট : দিল্লী আৰক্ষীয়ে কাৰাৱাল নগৰৰ পৰা মনোজ চৌবে নামৰ এজন কোটিপতি চোৰক গ্ৰেপ্তাৰ কৰিছে । ব্যক্তিজন কেৱল এখন হোটেলৰ মালিকে নহয়, চুৰি কৰা ধনেৰে গঢ়ি তোলা সম্পত্তিৰ পৰা লাখ লাখ টকা ভাড়াও উপাৰ্জন কৰে । মনোজে উত্তৰ প্ৰদেশৰ পৰা আহি দিল্লীত চুৰি কাৰ্যত লিপ্ত হৈছিল । তেওঁ এতিয়ালৈকে ২০০-তকৈও অধিক চুৰি কৰিছে । দিল্লী আৰক্ষীয়েও মনোজৰ চুৰিৰ তালিকা দেখি আচৰিত হৈছে । আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্তই প্ৰায় ২৫ বছৰ ধৰি পৰিয়ালৰ পৰা লুকাই দুটা জীৱন যাপন কৰি আছিল । তেওঁ বিয়াও কৰাইছে দুবাৰকৈ । মনোজৰ প্ৰথম পত্নী আৰু সন্তান লক্ষ্ণৌত বাস কৰে । আনহাতে, দ্বিতীয় পত্নী দিল্লীত আছে । মনোজে অকলেই সকলো চুৰি কাৰ্য সংঘটিত কৰিছিল ।
অভিযুক্ত মনোজ চৌবেৰ বয়স ৪৮ বছৰ বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । তেওঁৰ পৰিয়ালটো নেপালৰ কাষৰীয়া উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থ নগৰ জিলাত বাস কৰিছিল । পিছত পৰিয়ালটোৱে নেপালত বসতি স্থাপন কৰে । মনোজ ১৯৯৭ চনত দিল্লীলৈ আহে আৰু কীৰ্তি নগৰ আৰক্ষী থানাত কেণ্টিন চলাবলৈ আৰম্ভ কৰে । তেওঁ কেণ্টিনত চুৰি কৰি ধৰা পৰাত কাৰাগাৰলৈ যাবলগা হয় । কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছত তেওঁ ঘৰবোৰক চুৰিৰ লক্ষ্য কৰিবলৈ আৰম্ভ কৰে । বৃহৎ পৰিমাণৰ ধন পোৱাৰ পিছত তেওঁ গাঁৱলৈ উভতি যায় ।
আনহাতে, চুৰি কৰা টকাৰে মনোজে নেপালত এখন হোটেল নিৰ্মাণ কৰে । এই সময়ছোৱাত তেওঁ প্ৰথমে উত্তৰ প্ৰদেশৰ জলসিঞ্চন বিভাগত কৰ্মৰত এজন বিষয়াৰ কন্যাক বিয়া কৰায় । শহুৰেকৰ ঘৰক জনাইছিল যে তেওঁ দিল্লীত পাৰ্কিঙৰ ঠিকা কৰে । গতিকে তেওঁ বছৰত ছয়ৰ পৰা আঠ মাহ দিল্লীত থাকিব লাগিব । তেওঁ সিদ্ধাৰ্থ নগৰৰ শোহৰতগড় চহৰত তেওঁৰ পত্নীৰ নামত এটা অতিথিশালাও নিৰ্মাণ কৰে । তাৰ পিছত তেওঁ একেখন চহৰতে থকা তেওঁৰ মাটি এখন চিকিৎসালয়লৈ লীজত দিয়ে । যাৰ বাবে তেওঁ প্ৰতিমাহে ২ লাখ টকা ভাড়া পাইছিল । তেওঁ লক্ষ্ণৌত পৰিয়ালটোৰ বাবে এটা ঘৰো নিৰ্মাণ কৰিছিল ।
আৰক্ষীয়ে এই অভিযুক্তজনৰ পৰিয়ালৰ সদস্যসকলৰ অনুসন্ধান কৰে আৰু তেওঁৰ অপৰাধমূলক পটভূমিৰ বিষয়ে জনায় । প্ৰথমতে পৰিয়ালটোৱে এই কথা বিশ্বাস কৰা নাছিল । কিন্তু পিছত তেওঁ সকলোৰে সন্মুখত নিজৰ অপৰাধ স্বীকাৰ কৰে । মনোজ ওৰফে ৰাজুৰ বিৰুদ্ধে এতিয়ালৈকে ১৫ টা অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে । তেওঁক নবাৰকৈ গ্ৰেপ্তাৰ কৰা হৈছে । জেৰাৰ সময়ত তেওঁ প্ৰায় ২০০ টা ঘটনাত জড়িত থকাৰ কথা স্বীকাৰ কৰ ।
আৰক্ষীয়ে জনোৱা মতে, মনোজ হৈছে এজন অতি দুৰ্ধৰ্ষ অপৰাধী । তেওঁ লগে লগে চুৰি হোৱা সামগ্ৰীবোৰ নিষ্কাশন কৰে । ইয়াৰ বাবে উদ্ধাৰ কৰা সামগ্ৰী যথেষ্ট কম হয় । মডেল টাউনৰ চুৰিৰ ঘটনাৰ ক্ষেত্ৰতো মাত্ৰ ১ লাখ টকাৰ সামগ্ৰীহে উদ্ধাৰ কৰিব পৰা গৈছিল । বৰ্তমান আৰক্ষীয়ে মনোজক নিৰন্তৰ জেৰা কৰি আছে ।
লগতে পঢ়ক :NCB against drug racket: NCB ৰ অভিযানত জব্দ এক কুইন্টলৰো অধিক নিচাজাতীয় টেবলেট; 7 জনক গ্ৰেপ্তাৰ