নেশ্যনেল ডেস্ক, ৮ এপ্ৰিল: কৰ'ণাসৃষ্ট পৰিস্থিতি কিছু পৰিমাণে নিয়ন্ত্ৰিত হোৱাৰ পিছত পুনৰ কৰ্মক্ষেত্ৰলৈ উভতিছিল শ্ৰমিকসকল । পুনৰ জীৱিকা অৰ্জনৰ বাবে কামত ব্যস্ত হৈ পৰিছিল । কিন্তু উভতি অহাৰ মাত্ৰ ৬ মাহ পিছতে এতিয়া আপোন ঘৰলৈ বাট বুলিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে । মহাৰাষ্ট্ৰত COVID-১৯ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে নৈশ সান্ধ্য আইনৰ লগতে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে ।
এনে পৰিপ্ৰেক্ষিতত শংকিত হৈ পৰিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা গৈ ৰাজ্যখনত কাম কৰি থকা শ্ৰমিকসকল । বিগত বৰ্ষৰ দৰে পৰিস্থিতি সৃষ্টি হোৱাৰ আংশকাত বহু প্ৰব্ৰজনকাৰী শ্ৰমিকে ঘৰমুৱা হৈছে । কুৰ্লা ৰে'ল ষ্টেছনৰ পৰা ৰে'লেৰে গৃহ চহৰ অভিমুখে যাত্ৰা কৰিছে বহু শ্ৰমিকে । বিগত বৰ্ষত COVID-১৯ মহামাৰীৰ বাবে লকডাউন ঘোষণা কৰা সময়ত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈছিল ।
খোজকাঢ়ি, পথৰ দাঁতিত নিশা কটাই, বিভিন্নজনৰ পৰা সহায় লৈ আপোন ঘৰত উপস্থিত হ'বলৈ সক্ষম হৈছিল । এইবাৰে পৰিস্থিতি ক্ৰমাৎ বেয়াৰ ফালে ধাল খাইছে । মহাৰাষ্ট্ৰত দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বেছি সংখ্যকেই বিভিন্ন ক্ষেত্ৰত দক্ষ ।
২০২০ চনৰ আগষ্ট মাহত দেশজুৰি পৰ্যায়ক্ৰমে আনলক ঘোষণা কৰাৰ সময়ত উত্তৰ প্ৰদেশ, বিহাৰ, ছত্তিশগড়, হাৰিয়ানা, ৰাজস্থান, কৰ্ণাটক, গুজৰাট, তেলেংগানা আৰু ওড়িশাৰ পৰা এই শ্ৰমিকসকল পুনৰ কৰ্মক্ষেত্ৰলৈ উভতিছিল । ইফালে, মুম্বাই, এম এম আৰৰ দোকানী, ব্যৱসায়ী, উৎপাদনকাৰীসকলে যোৱা তিনি দিনৰ পূৰ্বে নতুনকৈ জাৰি কৰা নিৰ্দেশনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।
মহাৰাষ্ট্ৰত মাত্ৰ এটা দিনত ৫৯,৯০৭ জন লোক মহামাৰীৰ কবলত পৰিছে আৰু ৩২২ জনৰ মৃত্যু হৈছে । বৰ্তমান ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ৩১,৭৩,২৬১ জন । মহাৰাষ্ট্ৰত এতিয়ালৈকে প্ৰায় ৮২ লাখ লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে । মঙলবাৰে এক চৰকাৰী বিবৃতিত উল্লেখ কৰা হৈছে যে, মহাৰাষ্ট্ৰত COVID-১৯ৰ প্ৰতিষেধকৰ ১.০৬ কোটি খোৰাক উপলব্ধ হৈছে আৰু ইয়াৰে ৮৮ লাখ খোৰাক ব্যৱহাৰ কৰা হৈছে । আনহাতে তিনি শতাংশ খোৰাক অপচয় হৈছে বুলি প্ৰকাশ কৰা হৈছে বিবৃতিটোত ।