ETV Bharat / bharat

নিয়াক অৰ্পণ দিল্লীৰ বিস্ফোৰণৰ তদন্তৰ দায়িত্ব

author img

By

Published : Feb 2, 2021, 5:13 PM IST

ৰাষ্ট্ৰীয় অনুসন্ধানমূলক সংস্থা চমুকৈ নিয়াক অৰ্পণ কৰা হৈছে দিল্লীৰ বিস্ফোৰণৰ তদন্তৰ দায়িত্ব ৷ কিছুদিনপূৰ্বে দেশৰ ৰাজধানী চহৰখনত থকা ইজৰাইলৰ দূতাবাসৰ সমীপত এক বিস্ফোৰণ সংঘটিত হৈছিল ৷ দেশৰ গৃহ মন্ত্ৰালয়ে এই বিস্ফোৰণৰ তদন্তৰ ভাৰ নিয়াক অৰ্পণ কৰাৰ কথা ঘোষণা কৰে ৷

MHA issues order to transfer Delhi's Israel embassy blast case to NIA
নিয়াক অৰ্পণ দিল্লীৰ বিস্ফোৰণৰ তদন্তৰ দায়িত্ব

নতুন দিল্লী,২ ফেব্ৰুৱাৰী: দেশৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক সূত্ৰত প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাষ্ট্ৰীয় অনুসন্ধানমূলক সংস্থা চমুকৈ নিয়াক অৰ্পণ কৰা হৈছে দিল্লীৰ বিস্ফোৰণৰ তদন্তৰ দায়িত্ব ৷ কিছুদিনপূৰ্বে দেশৰ ৰাজধানী চহৰখনত থকা ইজৰাইলৰ দূতাবাসৰ সমীপত এক বিস্ফোৰণ সংঘটিত হৈছিল ৷

মন্ত্ৰালয়ৰ এই নিৰ্দেশ অনুসৰি নিয়াই নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি, উক্ত গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিব ৷ দিল্লী আৰক্ষীয়ে এই বিস্ফোৰণ সন্দৰ্ভত এতিয়ালৈকে লাভ কৰা সকলো প্ৰমাণ আৰু তথ্য সংস্থাটোক অৰ্পণ কৰি লাগিব ৷

ইতিমধ্যে সংস্থাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তকাৰী দলে ঘটনাস্থলী পৰিদৰ্শন কৰিছে ৷ বৰ্তমানলৈকে দিল্লী আৰক্ষীৰ বিশেষ শাখাই এই বিস্ফোৰণ সন্দৰ্ভত কোনো তথ্য লভ নকৰাৰ লগতে কোনো ব্যক্তিক ঘটনা সন্দৰ্ভত আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিগত ২৯ জানুৱাৰীত সংঘটিত এই বিস্ফোৰণৰ উচিত তদন্তৰ আশ্বাস প্ৰদান কৰিছিল ৷ লগতে ইজৰাইলৰ দূতাবাসৰ সমীপত নিৰাপত্তা অধিক কটকটীয়া কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

লগতে পঢ়ক: ডিমা হাছাওত উদযাপন ৰলচাফাক উৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.