ETV Bharat / bharat

Cordelia Cruise Drug Bust Case : চিবিআইৰ এজাহাৰ বাতিলৰ আবেদন লৈ হাইকোৰ্টত সমীৰ ৱাংখেড়ে

author img

By

Published : May 19, 2023, 2:00 PM IST

Updated : May 19, 2023, 5:24 PM IST

কৰ্ডেলিয়া ক্ৰুজ গোচৰত উৎকোচৰ অভিযোগত চিবিআয়ে দাখিল কৰা এজাহাৰ বাতিল কৰিবলৈ হাইকোৰ্টৰ দ্বাৰস্থ সমীৰ ৱাংখেড়ে । প্ৰাক্তন এনচিবিৰ সঞ্চালকগৰাকীৰ বিৰুদ্ধে শ্বাহৰুখ খানৰ পৰা ২৫ কোটি টকা উৎকোচ দাবী কৰাৰ অভিযোগ আনিছিল চিবিআয়ে (Sameer Wankhede moves Bombay HC) ।

Sameer Wankhede moves Bombay HC
Sameer Wankhede moves Bombay HC

নিউজ ডেস্ক, ১৯ মে' : নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৰ (Narcotics Control Bureau, NCB) প্ৰাক্তন আঞ্চলিক সঞ্চালক সমীৰ ৱাংখেড়ে শুকুৰবাৰে বোম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় (former NCB zonal director Sameer Wankhede) । কৰ্ডেলিয়া ক্ৰুজ ড্ৰাগছ গোচৰত চিবিআয়ে তেওঁৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ বাতিল কৰিবলৈ তেওঁ হাইকোৰ্টত আবেদন জনায় (CBI FIR against Sameer Wankhede) । উল্লেখ্য, কৰ্ডেলিয়া ক্ৰুজ ড্ৰাগছ গোচৰত আৰিয়ান খানক জড়িত নকৰিবৰ বাবে ৱাংখেড়েই ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পৰা ২৫ কোটি টকা উৎকোচ দাবী কৰাৰ অভিযোগ আনিছিল চিবিআয়ে (Aryan Khan Cordelia cruise drugs case) ।

বোম্বে উচ্চ ন্যায়ালয়ৰ অৱকাশকালীন বিচাৰপীঠৰ (vacation bench) সন্মুখত দাখিল কৰা আবেদনখনত ৱাংখেড়েয়ে লগতে বিচাৰিছে যে তেওঁৰ বিৰুদ্ধে যাতে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৰ (CBI) এফআইআৰ সম্পৰ্কীয় কোনো বলপূৰ্বক ব্যৱস্থা গ্ৰহণ কৰা নহয় । জানিব পৰা মতে, বিচাৰপীঠে দিনটোৰ শেষৰ ফালে তেওঁৰ আবেদনৰ শুনানি ল'ব । উল্লেখ্য, চিবিআয়ে শেহতীয়াভাৱে ৱাংখেড়ে আৰু আন চাৰিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল (Sameer Wankhede moves bombay HC) ।

উল্লেখ্য যে ২০২১ চনৰ ৩ অক্টোবৰত কৰ্ডেলিয়া ক্ৰুজ জাহাজত অভিযান চলাই আৰিয়ান খানক এনচিবিয়ে গ্ৰেপ্তাৰ কৰিছিল । মাদকদ্ৰৱ্যবিৰোধী সংস্থাটোৱে তেওঁৰ বিৰুদ্ধে থকা অভিযোগ প্ৰমাণ কৰাত ব্যৰ্থ হোৱাৰ বাবে তিনি সপ্তাহৰ পিছত বোম্বে উচ্চ ন্যায়ালয়ে আৰিয়ানক জামিন প্ৰদান কৰিছিল । আনহাতে, চিবিআয়ে এনচিবিৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত উৎকোচ সম্পৰ্কীয় ব্যৱস্থাৰ অধীনত অপৰাধমূলক ষড়যন্ত্ৰ আৰু ধনদাবীৰ ভাবুকিৰ বাবে ৱাংখেড়ে আৰু আনসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।

তদন্তকাৰী সংস্থাটোৱে অভিযোগ কৰিছে যে এনচিবিৰ মুম্বাই জ'নে ২০২১ চনৰ অক্টোবৰত ব্যক্তিগত ক্ৰুজ জাহাজত বিভিন্ন ব্যক্তিৰ দ্বাৰা নিচাজাতীয় সামগ্ৰী ব্যৱহাৰ আৰু লগত ৰখা সম্পৰ্কীয় তথ্য লাভ কৰিছিল । আনহাতে, এনচিবিৰ কিছুসংখ্যক বিষয়াই ষড়যন্ত্ৰ কৰি অভিযুক্তৰ পৰা উৎকোচৰ ৰূপত যথেষ্ট সুবিধা লাভ কৰিছিল ।

ইফালে দিল্লী উচ্চ ন্যায়ালয়ে বুধবাৰে ৱাংখেড়েক পাঁচ দিনৰ বাবে বলপূৰ্বক পদক্ষেপৰ পৰা সুৰক্ষা প্ৰদান কৰে । লগতে উপযুক্ত ন্যায়ালয়ৰ কাষ চাপিবলৈ স্বাধীনতা প্ৰদান কৰে । এতিয়া সেইটো হৈছে বোম্বে উচ্চ ন্যায়ালয় । উল্লেখ্য যে চিবিআয়ে গোচৰটোৰ সন্দৰ্ভত সোধাপোছাৰ বাবে ৱাংখেড়েক বৃহস্পতিবাৰে মুম্বাইলৈ মাতি পঠিয়াইছিল । কিন্তু তেওঁ সংস্থাটোৰ তদন্তকাৰী দলৰ সন্মুখত হাজিৰ হোৱা নাছিল ।

লগতে পঢ়ক :RRU Pasighat : RRU ত সন্ত্ৰাসবাদ বিৰোধী, চোৰাংচোৱা বিশ্লেষণ বিষয়ক পাঠ্যক্ৰম আৰম্ভ

Last Updated : May 19, 2023, 5:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.