আগৰতলা,১০ নৱেম্বৰ : ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী তথা আইপিএফটিৰ প্ৰাক্তন বিধায়ক মেভাৰ কুমাৰ জামাতিয়াৰ বিস্ফোৰণ । বিজেপিয়ে জনজাতীয় অঞ্চলত কাম কৰিবলৈ নিদিয়াৰ অভিযোগ নেতাগৰাকীৰ (Mevar Kumar Jamatia slams BJP)। টিপ্ৰা মোথাত যোগদানৰ পাছত নেতাগৰাকীয়ে শাসকীয় বিজেপি মিত্ৰজোঁটক তীব্ৰ সমালোচনা কৰে । বিজেপি চৰকাৰৰ মিত্ৰদল আইপিএফটিক আক্ৰমণ কৰি তেওঁ কয় যে ৯০ শতাংশতকৈও অধিক আইপিএফটিৰ সংগঠন টিপ্ৰাৰ সৈতে একত্ৰিত হৈছে (IPFT orgnisations joins TIPRA)।
তেওঁ উল্লেখ কৰা মতে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আইপিএফটি আৰু বিজেপি মিত্ৰতালৈ আহিছিল (BJP IPFT alliance in Tripura) আৰু চিপিআই(এম)ৰ ২৫ বছৰীয়া শাসনৰ সমাপ্তি ঘটাই এখন চৰকাৰ গঠন কৰিছিল । উজ্জয়ন্ত প্ৰাসাদত প্ৰদ্যুত কিশোৰ মানিক্য দেব্বাৰ্মাৰ সৈতে সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মন্ত্ৰী মেভাৰে কয় যে তেওঁ বহু বছৰ ধৰি জনজাতীয় লোকসকলৰ কাৰণে কাম কৰিছে ।
তেওঁ উল্লেখ কৰা মতে সকলো বিৰোধী দল একত্ৰিত নোহোৱালৈ দাবীসমূহ পূৰণ নহ'ব । বিজেপিয়ে এনআৰচি, কা'ৰ দাবী কৰিছে আৰু তেওঁলোকৰ দাবী বৃহত্তৰ টিপ্ৰালেণ্ড কিয়নো বিজেপিতকৈ তেওঁলোকৰ আদৰ্শ পৃথক বুলি উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ।
ইফালে নিজকে আইপিএফটিৰ প্ৰতিষ্ঠাপক বুলি দাবী কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয় যে বিজেপিৰ সৈতে মিত্ৰতা হোৱাৰ পাছত দলটোৰ কাৰ্যকলাপ লেহেমীয়া হৈ পৰিছে । পূৰ্বে দলটোৰ বিভিন্ন কাৰ্যকলাপ আছিল কিন্তু বিজেপিৰ সৈতে মিত্ৰতাৰ হোৱাৰ পাছত সকলো শূন্য হৈ পৰিছে বুলি দাবী কৰে নেতাগৰাকীয়ে । কোনো কাৰ্যকলাপ অবিহনে মানুহে কিয় আইপিএফটিক সমৰ্থন কৰিব বুলিও তেওঁ প্ৰশ্ন কৰে । বিজেপিক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে বিজেপি জনজাতি মৰ্চাই জনজাতীয় বেল্টত কাম কৰিবলৈ অনুমতি দিয়া নাই ।
মিত্ৰতা স্থাপনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰাৰ বাবে তেওঁ বিজেপিক তীব্ৰ সমালোচনা কৰে । তেওঁ উল্লেখ কৰা মতে কেবিনেট মন্ত্ৰী হিচাপে চাৰি বছৰত, তেওঁ মানুহৰ বাবে কিবা কৰিবলৈ চেষ্টা কৰিছিল যদিও কৰিব নোৱাৰিলে । ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ত শাসিত জিলা পৰিষদৰ নাম ত্ৰিপুৰা আঞ্চলিক পৰিষদলৈ সলনি কৰাৰ ক্ষেত্ৰত কেবিনেটত এখন বিধেয়ক গৃহীত কৰিছিল যদিও সেই সন্দৰ্ভত একো কৰা হোৱা নাই বুলিও ক্ষোভ প্ৰকাশ কৰে নেতাগৰাকীয়ে ।
প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মতে ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক বিকাশৰ উদ্দেশ্যে এখন উচ্চ-পৰ্যায়ৰ সমিতি গঠন কৰাৰ বাবে এক লিখিত চুক্তি স্বাক্ষৰ হৈছিল । সমিতিখন ২০১৮ চনত গঠন কৰা হৈছিল আৰু তিনি মাহৰ ভিতৰত প্ৰতিবেদন প্ৰকাশ কৰা হ'ব বুলি কোৱা হৈছিল । কিন্তু চাৰি বছৰ পাৰ হৈ গ'ল কোনো প্ৰতিবেদন প্ৰকাশ কৰা হোৱা নাই বুলি মেভাৰ কুমাৰ জামাতিয়াই উদ্বেগ প্ৰকাশ কৰে ।
মেভাৰ কুমাৰৰ মতে আইপিএফটিৰ ৩৪ টা শাখা আছে আৰু তাৰ ভিতৰত ৯০ শতাংশতকৈও অধিক আইপিএফটিৰ শাখা টিপ্ৰা মোথাৰ সৈতে একত্ৰিত হৈছে । বাকী থকা সকলো আগন্তুক দিনত টিপ্ৰা মোথাত যোগদান কৰিব বুলি আশাবাদী প্ৰাক্তন মন্ত্ৰীজন । টিপ্ৰা মোথাৰ অধ্যক্ষ প্ৰদ্যুত কিশোৰ দেববৰ্মাই সংবাদমেলত কয় যে থানছাৰ অৰ্থ হৈছে একতা আৰু অস্তিত্বৰ বাবে কাম কৰা । কিন্তু ৰাজনৈতিক দলসমূহে ভোট বেংকৰ ৰাজনীতিৰ বাবে জনজাতীয় লোকসকলক ব্যৱহাৰ কৰি আহিছে বুলি তেওঁ অভিযোগ কৰে ।
লগতে পঢ়ক :Law and order situation in Tripura : ত্ৰিপুৰাত অপৰাধৰ হাৰ যথেষ্ট হ্ৰাস পাইছে