ETV Bharat / bharat

ত্ৰিপুৰাত পুৰুষৰ মাজত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা

author img

By

Published : Sep 27, 2021, 12:51 PM IST

শেহতীয়াকৈ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে দেশৰ কেঞ্চাৰ হাস্পতালসমূহক সামৰি এক অধ্যয়ন চলাইছিল ৷ এই অধ্যয়নত পোহৰলৈ আহিছে যে ত্ৰিপুৰাত মহিলাৰ তুলনাত পুৰুষৰ মাজত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা ৷

Men are more prone to cancer in Tripura reveals ICMR study
ত্ৰিপুৰাত মহিলাৰ তুলনাত পুৰুষৰ মাজত বৃদ্ধি পাইছে কেনচাৰ ৰোগীৰ সংখ্যা

আগৰতলা, 27 ছেপ্তেম্বৰ : ত্ৰিপুৰাত মহিলাৰ তুলনাত পুৰুষৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা ৷ শেহতীয়াকৈ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ তথ্যত প্ৰকাশ পাইছে এই কথা ৷ উল্লেখ্য যে, 2014 ৰ পৰা 2019 চনলৈ আগৰতলাৰ অটল বিহাৰী আঞ্চলিক কৰ্কট প্ৰতিষ্ঠান কেন্দ্ৰত 11,344 গৰাকী ৰোগীক ভৰ্তি কৰোৱা হৈছে ৷

হাস্পতালত ভৰ্তি কৰোৱা মুঠ ৰোগীৰ 57.8 শতাংশই পুৰুষ ৰোগী ৷ অৰ্থাৎ প্ৰায় 6,408 গৰাকী পুৰুষ ৰোগীৰ বিপৰীতে হাস্পতালত ভৰ্তি কৰোৱা মহিলা ৰোগীৰ সংখ্যা 4,936 গৰাকী ৷ এই গৱেষণাত দেশৰ প্ৰায় 96 খন কেঞ্চাৰৰ চিকিৎসাৰ সুবিধা থকা চিকিৎসালয়ক একত্ৰিত কৰি এই অধ্যয়ন চলোৱা হৈছিল ৷

উত্তৰ-পূৰ্বাঞ্চলত কেঞ্চাৰৰ চিকিৎসা প্ৰদান কৰা প্ৰায় 9 খন হাস্পতাল আছে ৷ ইয়াৰ ভিতৰত আটাইতকৈ বেছি কেঞ্চাৰ ৰোগী চিকিৎসাধীন হৈ আছে গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হাস্পতালত ৷ চিকিৎসালয়খনত সৰ্বমুঠ 69,201 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে ৷

দ্বিতীয় নম্বৰত আছে শিলচৰৰ কাছাৰ কেঞ্চাৰ হাস্পতাল ৷ চিকিৎসালয়খনত মুঠ 11,806 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে ৷ ইয়াৰ পিছতে সৰ্বাধিক কেঞ্চাৰ ৰোগী চিকিৎসাধীন হৈ আছে আগৰতলাৰ অটল বিহাৰী আঞ্চলিক কেঞ্চাৰ কেন্দ্ৰত ৷ আন ছয়খন হাস্পতালৰ ভিতৰত তিনিখন আছে অসমত আৰু আন তিনিখন ক্ৰমে মিজোৰাম, ইম্ফল আৰু নাগালেণ্ডত ৷

উল্লেখ্য যে, বেছিভাগ ৰোগীৰ ক্ষেত্ৰতে ধূমপান সেৱন কেঞ্চাৰৰ মূল কাৰক হিচাপে ধৰা পৰিছে ৷ উত্তৰ-পূৰ্বাঞ্চলত ধৰা পৰা 28,677 গৰাকী পুৰুষ কেঞ্চাৰ ৰোগীৰ 66.7 শতাংশ অৰ্থাৎ 18,827 গৰাকী ৰোগীয়ে ধূমপান সেৱন কৰে ৷ যদিও মহিলাৰ ক্ষেত্ৰত এই সংখ্যা কিছু কম ৷ কিন্তু 21,247 গৰাকী মহিলা ৰোগীৰ 6,274 গৰাকীয়েই ধূমপান সেৱন কৰা বুলি অধ্যনয়ত প্ৰকাশ পাইছে ৷

লগতে পঢ়ক : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ ভাইৰেল ভিডিঅ’ত ন্যায়পালিকাক উপলুঙা কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.