ETV Bharat / bharat

Pulwama Kashmiri Pandit Attack : পুলৱামাত নিহত কাশ্মীৰী পণ্ডিতৰ আত্মীয়ক সান্ত্বনা মেহবুবা মুফতিৰ - militant attacks in Kashmir

পিডিপিৰ মুৰব্বী মেহবুবা মুফতিয়ে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত কাশ্মীৰ উপত্যকাত উগ্ৰবাদ হ্ৰাস পোৱা বুলি দাবী কৰে । লগতে ইয়াৰ বাবে তেওঁ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে (Mehbooba Mufti criticized central government) ।

Pulwama Kashmiri Pandit Attack
Mufti slams govt over militancy
author img

By

Published : Feb 27, 2023, 8:51 PM IST

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰী : পিডিপিৰ মুৰব্বী (PDP chief Mehbooba Mufti) তথা জম্ম-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে সোমবাৰে দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলা ভ্ৰমণ কৰে । উক্ত ভ্ৰমণকালত তেওঁ উগ্ৰপন্থীৰ হাতত দেওবাৰে নিহত কাশ্মীৰী পণ্ডিত সঞ্জয় শৰ্মাৰ পৰিয়ালক সান্ত্বনা দিয়ে (Pulwama Kashmiri Pandit Attack case) । এই সময়ছোৱাত মেহবুবা মুফতিয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে । চৰকাৰক সমালোচনা কৰি তেওঁ কয় যে, চৰকাৰে দাবী কৰে যে কাশ্মীৰ উপত্যকাত উগ্ৰবাদ নিৰ্মূল কৰা হৈছে । কিন্তু যদি কাশ্মীৰত কোনো উগ্ৰবাদ নায়েই তেন্তে সঞ্জয় শৰ্মাক কোনে হত্যা কৰিছিল ?

মেহবুবাই লগতে কয় যে, কাশ্মীৰী মুছলমানসকলে সংখ্যালঘু সম্প্ৰদায়ৰ মাজত বাস কৰি আছিল আৰু তেওঁলোকক সুৰক্ষা দিছিল । কিন্তু এতিয়া কাশ্মীৰী মুছলমানসকলেই ভুগি আছে । তেওঁ কয় যে, ৰাজ্যপালৰ প্ৰশাসনে সঞ্জয়ৰ সন্তানৰ যত্ন ল'ব লাগিব আৰু তেওঁলোকৰ শিক্ষাৰ বাবে আৰ্থিক সহায় আগবঢ়াব লাগিব (militant attacks in Kashmir) । উল্লেখ্য মেহবুবা মুফতিৰ পিছত ভাৰতীয় জনতা পাৰ্টীৰ নেতা ৰবীন্দ্ৰ ৰাইনাইও পুলৱামা ভ্ৰমণ কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে ।

আনহাতে, ৰাইনাই সংবাদ মাধ্যমৰ আগত কয় যে, কাশ্মীৰী মুছলমানসকলে পণ্ডিতসকলৰ কাষত থিয় হৈ আছে । যিটোৱে একতা প্ৰদৰ্শন কৰে । সকলো ৰাজনৈতিক দলে একেলগে থিয় হৈ এনে আক্ৰমণৰ বিৰুদ্ধে যুঁজ দিব লাগে । কিয়নো এটা গুলীয়ে নাজানে যে ই এজন পণ্ডিত বা মুছলমান বা শিখক হত্যা কৰিবনে নাই । কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত নিযুক্ত সকলো পণ্ডিত আৰু অন্যান্য পণ্ডিতসকলৰ সৈতে কথা পতাটো গুৰুত্বপূৰ্ণ, যাতে তেওঁলোকৰ অভিযোগবোৰ আঁতৰ কৰিব পৰা যায় । উল্লেখ্য যে, সঞ্জয় শৰ্মাক দেওবাৰে আচান অঞ্চলত থকা ঘৰৰ পৰা মাত্ৰ কেইমিটাৰমান দূৰৈত গুলীয়াই হত্যা কৰা হৈছিল (Kashmiri Pandit Sanjay Sharma shot dead) । তেওঁক ততাতৈয়াকৈ পুলৱামাৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।

উল্লেখ্য, উগ্ৰপন্থীয়ে দেওবাৰে দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাত এজন ৪০ বছৰীয়া কাশ্মীৰী পণ্ডিতক স্থানীয় বজাৰলৈ যাওঁতে গুলীয়াই হত্যা কৰে । ইয়াৰ দ্বাৰা উপত্যকাটোত সংখ্যালঘু সম্প্ৰদায়ৰ আৰু এজন সদস্যক লক্ষ্য কৰি হত্যা কৰা হয় । এটিএম গাৰ্ড হিচাপে কাম কৰা সঞ্জয় শৰ্মাক পুৱা প্ৰায় ১১ বজাত দক্ষিণ কাশ্মীৰ জিলাৰ আচান অঞ্চলত থকা তেওঁৰ বাসগৃহৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰৈত শূন্য দূৰত্বৰ পৰা বুকুত গুলীয়াই হত্যা কৰা হয় ।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, তেওঁক পথচাৰীসকলে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও শেষ ৰক্ষা নহ'ল । ঘটনা সন্দৰ্ভত কাশ্মীৰ জ’নৰ আৰক্ষীয়ে টুইটাৰত কয়, "স্থানীয় বজাৰলৈ যাওঁতে সন্ত্ৰাসবাদীয়ে আচান পুলৱামাৰ কাশীনাথ শৰ্মাৰ পুত্ৰ সঞ্জয় শৰ্মা নামৰ সংখ্যালঘু লোক এজনৰ ওপৰত গুলীচালনা কৰে ।"

লগতে পঢ়ক :Nagaland Assembly Election 2023: নাগালেণ্ডত নিৰ্বাচনী হিংসা; NPP সমৰ্থকলৈ লক্ষ্য কৰি NPF সমৰ্থকৰ গুলীচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.