ETV Bharat / bharat

বিজেপিয়ে সাম্প্ৰদায়িক বিভাজন কাৰ্যসূচীৰ বাবে ব্যৱহাৰ কৰিছে অপৰাধীক: মেহবুবা

উদয়পুৰৰ হত্যাকাণ্ড আৰু ৰাজৌৰীৰ অভিযুক্ত সকলৰ এজনো বিৰোধী নেতাৰ সৈতে জড়িত হ'লে বিজেপিয়ে একাধিক এজাহাৰ দাখিল কৰিলেহেঁতেন বুলি কটাক্ষ পিডিপিৰ মুৰব্বী মেহবুবা মুফতীৰ (Mehbooba Mufti fire on BJP)।

author img

By

Published : Jul 4, 2022, 5:12 PM IST

mehbooba
Mehbooba Mufti fire on BJP: বিজেপিয়ে সাম্প্ৰদায়িক বিভাজন কাৰ্যসূচীৰ বাবে ব্যৱহাৰ কৰিছে অপৰাধীক : মেহবুবা

নেচনেল ডেস্ক, ৪ জুলাই: পিপ'লছ ডেমক্ৰেটিক পাৰ্টিৰ (পিডিপি) সভাপতি মেহবুবা মুফতীয়ে সোমবাৰে কয় যে বিজেপিয়ে ইয়াৰ 'সাম্প্ৰদায়িক বিভাজন আৰু ঘৃণা'ৰ কাৰ্যসূচী স্থায়ী কৰিবলৈ অপৰাধীক উপাদান হিচাপে ব্যৱহাৰ কৰি আছে (PDP president Mehbooba Mufti alleged that the BJP)। পিডিপি নেত্ৰীগৰাকীয়ে পুনৰ কয় যে প্ৰথমে উদয়পুৰৰ হত্যাকাৰী আৰু এতিয়া ৰাজৌৰীত ধৰা পৰা এজন এল ই টি উগ্ৰপন্থীৰ দুয়োৰে বিজেপিৰ সৈতে সক্ৰিয় সম্পৰ্ক আছে (Udaipur murderer and LeT militant caught in Rajouri)। মেহবুবাই এক টুইটত অভিযোগ কৰি কয়, 'শাসকীয় দলটোৱে তেওঁলোকৰ সাম্প্ৰদায়িক বিভাজন আৰু ঘৃণাৰ কাৰ্যসূচী স্থায়ী কৰিবলৈ গো-ৰক্ষকেই হওঁক বা সন্ত্ৰাসবাদীয়েই হওঁক- অপৰাধমূলক লুম্পেন উপাদান ব্যৱহাৰ কৰি আছে ।'

জন্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যদি এই অভিযুক্ত লোকসকলৰ এজনো যদি বিৰোধী নেতাৰ সৈতে জড়িত হ'লহেঁতেন তেতিয়া হ'লে একাধিক এজাহাৰ দাখিল কৰা হ'লহেঁতেন । 'কল্পনা কৰক যদি এই অপৰাধীসকলৰ মাজৰ কোনো এজন বিৰোধী নেতাৰ সৈতে জড়িত থাকিলহেতেন তেতিয়াহ'লে এতিয়ালৈকে একাধিক এজাহাৰ দাখিল কৰিহেঁতেন আৰু বিৰোধীক বদনাম কৰিবলৈ অন্তহীন প্ৰাইম টাইম স্থান প্ৰদান কৰি গোদি মিডিয়াই ইয়াক প্ৰত্যাহাৰ কৰিলেহেঁতেন ।' তেওঁ লগতে উক্ত টুইটটোত এইদৰে বিজেপিক কটাক্ষ কৰে।

পিডিপিৰ মুৰব্বীগৰাকীয়ে সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, উদয়পুৰৰ দৰ্জীৰ এজন হত্যাকাৰী বিজেপিৰ সদস্য আছিল । আনহাতে, জম্মু অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী জম্মুত বিজেপিৰ আইটি চেলৰ মুৰব্বী আছিল । ইয়াৰ পিছতো বিজেপিয়ে উদয়পুৰৰ হত্যাকাৰী ৰিয়াজ আটাৰীৰ সৈতে সম্পৰ্ক অস্বীকাৰ কৰিছে । ইপিনে, এলইটি সন্ত্ৰাসবাদী তালিব হুছেইনে যোগদান কৰাৰ ১৮ দিন পিছত এই বছৰৰ মে' মাহত দলৰ পৰা পদত্যাগ কৰিছিল বুলি বিজেপিয়ে ৰাইজক আভুৱা ভাৰিছে (LeT terrorist Talib Hussain)।

লগতে পঢ়ক:Udaipur Murder Case: উদয়পুৰ হত্যাকাণ্ডৰ আন চাৰি অভিযুক্তক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.