ETV Bharat / bharat

Meghalaya CM to attend Tipra Motha's rally: ত্ৰিপুৰাত তিপ্ৰা মথাৰ গণ সমাৱেশত অংশ ল’ব মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই - ত্ৰিপুৰাত তিপ্ৰা মথাৰ গণ সমাৱেশ

ত্ৰিপুৰাত বিৰোধী দল তিপ্ৰা মথাৰ মেগা ৰেলীত অংশ ল’ব বিজেপিৰ মিত্ৰ তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই ৷ মুখ্যমন্ত্ৰী চাংমাৰ লগতে তেওঁৰ কেবিনেট সতীৰ্থসকলেও এই মেগা ৰেলীত অংশগ্ৰহণ কৰিব । এই প্ৰথমবাৰলৈ এগৰাকী মুখ্যমন্ত্ৰীয়ে তেওঁৰ কেবিনেট মন্ত্ৰীসকলৰ সৈতে আঞ্চলিক দলৰ গণ সমাৱেশত অংশ ল’ব আৰু তেওঁলোকৰ অধিকাৰৰ বাবে তিপ্ৰাছা জনসাধাৰণৰ সৈতে সংহতি প্ৰদৰ্শন কৰিব ।

Meghalaya CM to attend Tipra Motha's rally
ত্ৰিপুৰাত তিপ্ৰা মথাৰ গণ সমাৱেশত অংশ ল’ব মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়ে
author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 2:10 PM IST

নিউজ ডেস্ক, ১০ অক্টোবৰ: বিজেপিৰ মিত্ৰ তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই ১৪ অক্টোবৰত ত্ৰিপুৰাৰ বিৰোধী দল তিপ্ৰা মথাৰ মেগা ৰেলীত অংশগ্ৰহণ কৰিব ৷ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাইৰ লগতে তেওঁৰ কেবিনেট সতীৰ্থসকলেও এই মেগা ৰেলীত অংশগ্ৰহণ কৰিব । মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে ফেচবুকত এক পোষ্টৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে ৷

মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ ফেচবুকত পোষ্টত কয় "২০২৩ চনৰ ১৪ অক্টোবৰত ত্ৰিপুৰাৰ খুমুলৱঙত মোৰ বন্ধু প্ৰদ্যোৎ বিক্ৰম মাণিক্য দেববৰ্মাৰ সৈতে মেগা গণ সমাৱেশত যোগদান কৰিবলৈ আগ্ৰহী । এই শনিবাৰে আমাৰ সৈতে এই সমাবেশত যোগদান কৰক ।"

ইফালে তিপ্ৰা মথাৰ প্ৰধান প্ৰদ্যোৎ বিক্ৰম মাণিক্য দেববৰ্মাই তেওঁলোকৰ সমাবেশত মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰাত সন্তোষ ব্যক্ত কৰি তিপ্ৰাছা জনসাধাৰণে তেওঁক জনগোষ্ঠীয় ধৰণে আদৰণি জনাবলৈ অপেক্ষা কৰি থকাৰ কথা ব্যক্ত কৰে ৷ তেওঁ ফেছবুক পোষ্টত কয়, মুখ্যমন্ত্ৰী চাংমাৰ লগতে তেওঁৰ কেবিনেট সতীৰ্থসকলেও এই মেগা ৰেলীত অংশগ্ৰহণ কৰিব । এই প্ৰথমবাৰলৈ এগৰাকী মুখ্যমন্ত্ৰীয়ে তেওঁৰ কেবিনেট মন্ত্ৰীসকলৰ সৈতে আঞ্চলিক দলৰ গণ সমাৱেশত অংশগ্ৰহণ কৰিব আৰু আমাৰ অধিকাৰৰ বাবে তিপ্ৰাছা জনসাধাৰণৰ সৈতে সংহতি প্ৰদৰ্শন কৰিব ।

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ লগতে কয়, আমাৰ সকলোৰে বাবে এইটো এটা প্ৰথম পদক্ষেপ যাতে আমি নিজকে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিব পাৰো । আমাৰ পৰৱৰ্তী প্ৰজন্মৰ অস্তিত্বৰ বাবে আমি ৰাজনীতিৰ বাহিৰলৈ যাব লাগিব । আনফালে তিপ্ৰা মথা বিজেপি শাসিত ত্ৰিপুৰাৰ মূল বিৰোধী দল । তিপ্ৰা মথাই ৰাজ্যখনৰ খিলঞ্জীয়াৰ বাবে সুকীয়া ‘বৃহত্তৰ টিপ্ৰলেণ্ড’ৰ দাবী জনাই আহিছে আৰু এই দাবীৰ সাংবিধানিক সমাধানৰ বাবে "দিল্লীলৈ আমাৰ বাৰ্তা প্ৰেৰণ"ৰ বাবে খুমুলৱঙত এই সমাৱেশৰ আয়োজন কৰা হৈছে ৷ আনহাতে, কনৰাড চাংমাই বিজেপি অংশীদাৰ মেঘালয় গণতান্ত্ৰিক মিত্ৰজোঁট (এমডিএ)ৰ মুৰব্বী ।

লগতে পঢ়ক: Manipur video shows man set on fire: পুনৰ উন্মোচিত মণিপুৰৰ আন এক বৰ্বৰোচিত কাণ্ড; এজনক জীৱন্তে জ্বলাই দিয়াৰ ভিডিঅ’ ভাইৰেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.