ETV Bharat / bharat

২০২৩ ৰ নিৰ্বাচনৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ - ২০২৩ৰ নিৰ্বাচন

আগন্তুক ২০২৩ চনত চুবুৰীয়া মেঘালয় ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনক লৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে (Conrad Sangma Commented on the upcoming 2023 elections)৷ তেওঁ কয়, ‘‘কোনো এখন ৰাজ্যতে আমাৰ আন কোনো দলৰ সৈতে কেতিয়াও মিত্ৰতা নাছিল ৷ বৰ্তমান আমাৰ ৰাজ্যৰ বাবে বিশেষ নীতি নাই, বিজেপিৰ সৈতেও বিশেষ স্থিতি নাই’’ ৷

Conrad Sangma Commented on the upcoming 2023 elections
আগন্তুক ২০২৩ চনৰ নিৰ্বাচনৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য কনৰাড চাংমাৰ
author img

By

Published : Aug 13, 2022, 10:53 PM IST

Updated : Aug 14, 2022, 5:52 PM IST

বকো, 13 আগষ্ট: "আমি সদায় নিজৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আহিছো ৷ কোনো এখন ৰাজ্যতে আমাৰ আন কোনো দলৰ সৈতে কেতিয়াও মিত্ৰতা নাছিল ৷ বৰ্তমান আমাৰ ৰাজ্যৰ বাবে বিশেষ নীতি নাই, বিজেপিৰ সৈতেও বিশেষ স্থিতি নাই ৷ এয়া আমাৰ সাধাৰণ নীতি ৷ এনপিপিয়ে সদায় নিজাববীয়াকৈ নিৰ্বাচন যুঁজে" ৷ আগন্তুক ২০২৩ চনত মেঘালয়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনক লৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এইদৰে মন্তব্য প্ৰদান কৰে (Conrad Sangma Commented on upcoming 2023 elections)৷

আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস(International Youth Day)ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰা কনৰাড চাংমাক উত্তৰ-পূবত তৃণমূল কংগ্ৰেছৰ অগ্ৰগতি সন্দৰ্ভত সোধা প্ৰশ্নোত্তৰত কয়, "যদি আন এটা ৰাজনৈতিক দলৰ পৰা কিছুমান বিধায়ক কাঢ়ি নিয়াটো প্ৰগতি হয় তেন্তে তেওঁলোকে অগ্ৰগতি লাভ কৰিছে কিন্তু সমান্তৰালভাৱে তেওঁলোকৰ প্ৰায় ৩০-৪০% বিধায়ক ইতিমধ্যে তৃণমূল কংগ্ৰেছৰপৰা ওলাই গৈছে" ৷

এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে (Meghalaya CM Conrad Sangma) আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে সৱলীকৰণ যুৱ সংগঠনৰ জৰিয়তে যুৱ সংযোগ (YESS) পদক্ষেপৰ অধীনত যোগ্য যুৱ গোটসমূহক আৰ্থিক সাহায্য বিতৰণ কৰে ৷ এই পদক্ষেপৰ অধীনত যোগ্যতা অৰ্জন কৰা আৰু যুৱ বিকাশ আৰু সবলীকৰণৰ প্ৰতি দায়বদ্ধ ৬১টা গোটৰ মাজত প্ৰায় ৩০ লাখ টকা বিতৰণ কৰে ৰাজ্য চৰকাৰে ৷ ৰাজ্যত অনুষ্ঠিত হোৱা বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত ৬১ গৰাকী পদক বিজয়ীক ৩ লাখ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হয় ৷

গাৰো পাহাৰৰ বিভিন্ন জিলাৰ পৰা মুঠ ২০০০ যুৱকে তুৰা চৰকাৰী মহাবিদ্যালয় খেলপথাৰৰ সমবেত হৈ এই অনুষ্ঠান উদযাপন কৰে ৷

লগতে পঢ়ক: হস্ততাঁত খণ্ডৰ বিকাশৰ ক্ষেত্ৰত নাবাৰ্ডক দল গঠনৰ আহ্বান ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰীৰ

Last Updated : Aug 14, 2022, 5:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.