ETV Bharat / bharat

Childrens Day : ত্ৰিপুৰাত সকলো চৰকাৰী বিদ্যালয়ত শিক্ষক-অভিভাৱক সভা

author img

By

Published : Nov 15, 2021, 4:22 PM IST

ত্ৰিপুৰা(Tripura)ত শিশু দিৱস(Childrens Day)ত এক ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰিলে ৰাজ্যিক শিক্ষা বিভাগে । দেওবাৰে ৰাজ্যখনত থকা মাদ্ৰাছাসমূহৰ লগতে সকলো চৰকাৰী বিদ্যালয়ত অনুষ্ঠিত হয় শিক্ষক-অভিভাৱক সভা(Parent Teachers Meeting) । শিশুৰ শিক্ষাৰ ক্ষেত্ৰত অভিভাৱক জড়িত হৈ থকাটো নিশ্চিত কৰিবলৈ এই সভাৰ আয়োজন কৰে বিভাগটোৱে ।

Mega Parent Teachers Meeting held in Tripura
ত্ৰিপুৰাত সকলো চৰকাৰী বিদ্যালয়ত শিক্ষক অভিভাৱক সভা

নেশ্যনেল ডেস্ক, ১৫ নৱেম্বৰ : সততে ব্যক্তিগত খণ্ডৰ বিদ্যালয়তহে শিক্ষক-অভিভাৱক সভা(Parent Teachers Meeting) সঘনাই আয়োজিত কৰা দেখা যায় । ছাত্ৰ-ছাত্ৰীৰ শিক্ষা অথবা আনুসংগিক বিষয়ত অভিভাৱকক পৰামৰ্শ আগবঢ়াই সামগ্ৰিক বিকাশৰ বাবে প্ৰয়াস কৰে বিদ্যালয় কৰ্তৃপক্ষই । কিন্তু এইবাৰ ত্ৰিপুৰা(Tripura)ৰ বিদ্যালয় শিক্ষা বিভাগেও এনে এক পদক্ষেপ গ্ৰহণ কৰি শিশুৰ শিক্ষাৰ ক্ষেত্ৰত অভিভাৱক জড়িত হৈ থকাটো নিশ্চিত কৰাৰ প্ৰয়াস কৰে ।

দেওবাৰে শিশু দিৱস(Childrens Day)ত ৰাজ্যখনত থকা মাদ্ৰাছাসমূহৰ লগতে সকলো চৰকাৰী বিদ্যালয়ত অনুষ্ঠিত কৰা হয় শিক্ষক-অভিভাৱক সভা(Parent Teachers Meeting) । অৱশ্যে সদৰ মহকুমাৰ বিদ্যালয়সমূহত এই সভা অনুষ্ঠিত কৰা হোৱা নাই ।

বিদ্যালয় শিক্ষা সঞ্চালক(Director School Education) চান্দনী চন্দ্ৰন আৰু সমগ্ৰ শিক্ষা অভিযান ত্ৰিপুৰাৰ এছ পি ডিয়ে ই টিভি ভাৰতক জনোৱা মতে, ৰাজ্যখনৰ ৪,৪৬৫ খন বিদ্যালয়ৰ ভিতৰত উনাকোটিত ৩২৯, খোৱাইত ৪৫৫ খন, ধলাইত ৮১৮ খন, পশ্চিম ত্ৰিপুৰাত ৪০৫, উত্তৰ ত্ৰিপুৰাত ৪৭০ আৰু দক্ষিণ ত্ৰিপুৰাত ৬৩৪ খন, চেপাহিজালাৰ ৫৯৪ খন বিদ্যালয় আৰু গোমতী জিলাৰ ৫৩৯ খন বিদ্যালয়কে ধৰি মুঠ ৪২৪৪ খন বিদ্যালয়ত শিক্ষক-অভিভাৱক সভা অনুষ্ঠিত কৰা হয় ।

সভাত ৫৮,৪৫০ জন অভিভাৱক উপস্থিত থাকে । প্ৰতিখন বিদ্যালয়ত শিশুৰ প্ৰদৰ্শন সন্দৰ্ভত পৃথকে পৃথকে শিক্ষকসকলে অভিভাৱকৰ লগত আলোচনা কৰে ।পিছত আজাদী কা অমৃত মহোৎসৱ(Azadi ka Amrit Mahotsav) উদযাপনৰ অংশ হিচাপে অভিভাৱকসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । নিউ টাউন হলৰ খোৱাই জিলাত ৰাজ্যিক পৰ্যায়ৰ শিশু দিৱস উদযাপন কৰা হয় । বিদ্যালয় শিক্ষা বিভাগৰ নিৰ্দেশনাত খোৱাই পৌৰ নিগমৰ সকলো বিদ্যালয়ৰ উদ্যোগত এই অনুষ্ঠান আয়োজন কৰা হয় ।

জিলাখনৰ উপায়ুক্ত স্মিথা মোল, বিদ্যালয় শিক্ষা সঞ্চালক চান্দনী চন্দ্ৰন, আৰু সমৰেন্দ্ৰনাথ দাসৰ লগতে বিভাগীয় বিষয়াসকল অনুষ্ঠানটোত উপস্থিত থাকে আৰু শিক্ষাৰ্থীসকলক উৎসাহিত কৰে । শিশু দিৱসৰ অনুষ্ঠানত পণ্ডিত জৱাহৰলাল নেহৰুৰ শ্ৰদ্ধাৰে স্মৰণ কৰে সকলোৱে । শিশু দিৱস উপলক্ষে আয়োজিত সাংস্কৃতিক অনুষ্ঠানত শিক্ষাৰ্থী আৰু শিক্ষকসকলেও অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত প্ৰায় ১০০০ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:JNU Clashes : এবিভিপি-বাওঁপন্থী ছাত্ৰ সংগঠনৰ কৰ্মীৰ মাজত সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.